ETV Bharat / bharat

হৰিদ্বাৰলৈ ১২ খন কুম্ভমেলা বিশেষ ৰেল

author img

By

Published : Mar 10, 2021, 7:31 PM IST

হৰিদ্বাৰৰ কুম্ভমেলাৰ প্ৰথম ৰাজকীয় স্নান ১১ মাৰ্চত অনুষ্ঠিত হ'ব । ভাৰতীয় ৰে’ল বিভাগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অতিৰিক্ত ১২ খন ৰেল চলাচলৰ কথা ঘোষণা কৰে । ভক্তসকলে ৰাজকীয় স্নানত অংশগ্ৰহণ কৰাৰ বাবে ৭২ ঘণ্টাৰ ভিতৰত ক'ভিড-১৯ ৰ পৰীক্ষা কৰা বাধ্যতামূলক ।

হৰিদ্বাৰলৈ অতিৰিক্ত ১২ খন কুম্ভ মেলা বিশেষ ৰেল
হৰিদ্বাৰলৈ অতিৰিক্ত ১২ খন কুম্ভ মেলা বিশেষ ৰেল

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: হৰিদ্বাৰ কুম্ভমেলাৰ প্ৰথম ৰাজকীয় স্নান ১১ মাৰ্চত অনুষ্ঠিত হ'ব । ভাৰতৰ এই অন্যতম ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় ৰে’ল বিভাগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অতিৰিক্ত ১২ খন ৰেল চলাচলৰ কথা ঘোষণা কৰে । যাত্ৰীসকলৰ সুবিধাৰ্থে বৰ্তমান থকা ৰে’’লৰ উপৰিও এই অতিৰিক্ত ৰে’লকেইখন মুকলি কৰা হ'ব । ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ্থে দেশত ১৫ খন কুম্ভমেলা বিশেষ ৰে’ল চলি আছে ।

সমান্তৰালকৈ মহা শিৱৰাত্ৰিত অনুষ্ঠিত হ'বলগীয়া ৰাজকীয় স্নানৰ বাবে মেলা প্ৰশাসন আৰু চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে । ভক্তসকলে ৰাজকীয় স্নানত অংশগ্ৰহণ কৰাৰ বাবে ৭২ ঘণ্টাৰ ভিতৰত ক'ভিড-১৯ ৰ পৰীক্ষা কৰা বাধ্যতামূলক । লগতে তেওঁলোকে নিগেটিভ ৰিপ’ৰ্ট আৰু অন্যান্য নথিপত্ৰ হৰিদ্বাৰ কুম্ভমেলাৰ প’ৰ্টেলত পঞ্জীয়ন কৰিব লাগিব । কুম্ভমেলা কৰ্তৃপক্ষৰ বিষয়া দীপক ৰাৱটে জনোৱা মতে, নীতি-নিয়ম কঠোৰভাৱে পালন কৰা ভক্তকহে হৰিদ্বাৰৰ কুম্ভমেলাত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ।

লগতে পঢ়ক: তীৰথ সিং ৰাৱটৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.