ETV Bharat / bharat

BrahMos precision strike missile: ব্ৰাহ্মোছ প্ৰিচিচন ষ্ট্ৰাইক মিছাইলৰ সফল পৰীক্ষণ ভাৰতীয় নৌ সেনাৰ

author img

By

Published : Mar 6, 2023, 9:17 AM IST

নৌসেনাই জাহাজেৰে আৰব সাগৰত সফলতাৰে পৰীক্ষণ চলালে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ব্ৰাহ্মোছ প্ৰিচিচন ষ্ট্ৰাইক মিছাইলৰ ৷ ডি আৰ ডি অ’ৰ দ্বাৰা ডিজাইন কৰা এই মিছাইল বিশ্বৰ আটাইতকৈ দ্ৰুততম ছুপাৰছনিক ক্ৰুজ মিছাইল (World Fastest Supersonic Cruise Missile) ৷

Indian Navy successfully launches BrahMos
BrahMos precision strike missile

নিউজডেস্ক, 6 মাৰ্চ: দেওবাৰে ভাৰতীয় নৌ সেনাই লাভ কৰিলে বৃহৎ সফলতা ৷ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ব্ৰাহ্মোছ প্ৰিচিচন ষ্ট্ৰাইক মিছাইলৰ সফল পৰীক্ষণ নৌ সেনাৰ (Indian Navy test fires BrahMos missile) ৷ য'ত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ দ্বাৰা ডিজাইন কৰা এটা স্বদেশী 'Seeker আৰু বুষ্টাৰ' আছে । নৌসেনাই আৰব সাগৰত এখন জাহাজৰ জৰিয়তে এই সফল পৰীক্ষণ সম্পন্ন কৰিছে ৷ ব্ৰাহ্মোছৰ সফল উৎক্ষেপনৰ পিচতেই নৌসেনাই টুইট কৰি কয় যে, ডি আৰ ডি অ’ই ডিজাইন কৰা স্বদেশী Seeker আৰু বুষ্টাৰে আত্মনিৰ্ভৰশীলতা অৰ্থাৎ আত্মনিৰ্ভৰ ভাৰতৰ (Atmanirbhar Bharat) প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিছে ।

ব্ৰাহ্মোছ হৈছে মধ্যম দূৰত্বৰ ৰেমজেট ছুপাৰছনিক ক্ৰুজ মিছাইল যাক চাবমেৰিন, যুদ্ধ জাহাজ, যুদ্ধ বিমানৰ লগতে স্থলভাগৰ পৰাও নিক্ষেপ কৰিব পাৰি৷ লগতে ই বিশ্বৰ আটাইতকৈ দ্ৰুততম ছুপাৰছনিক ক্ৰুজ মিছাইল (World Fastest Supersonic Cruise Missile) ৷ ভাৰত আৰু ৰাছিয়াৰ যৌথ সহযোগত নিৰ্মাণ কৰা হৈছে এই ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰ ৷ শব্দৰ প্ৰায় তিনিগুণ বেগেৰে (Mach 2.8) গতি কৰিব পৰা ক্ষমতা আছে এই ক্ষেপণাস্ত্ৰৰ ৷ জানুৱাৰী মাহত ভাৰতে ওড়িশা উপকূলৰ (Odisa Coast) পৰীক্ষামূলক ৰেঞ্জৰ পৰা টেকটিকেল বেলেষ্টিক মিছাইল পৃথিৱী-IIৰ (Prithvi Missile) পৰীক্ষামূলক উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰিছিল ।

ইয়াৰ পিচতেই প্ৰতিৰক্ষা মন্ত্ৰালয়ে (Ministry of Defense) কয় যে, এই ক্ষেপণাস্ত্ৰই লক্ষ্যত সঠিকভাৱে আঘাত কৰিছিল । পৃথিৱী-II ক্ষেপণাস্ত্ৰৰ দূৰত্ব প্ৰায় 350 কিলোমিটাৰ ৷ শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা তথা ডি আৰ ডি অ’ৰ প্ৰাক্তন মুৰব্বী ড৹ জি সতীশ ৰেড্ডীয়ে (G Satheesh Reddy Scientific Adviser to Minister of Defence) কয় যে, অস্ত্ৰভাণ্ডাৰত বৃহৎ পৰিমাণৰ মিছাইলৰ সৈতে ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত স্বাৱলম্বী হৈ পৰিছে ৷ এই ক্ষেত্ৰত বিশ্বজনীন নিষেধাজ্ঞাই ভাৰতক আত্ম-নিৰ্ভৰশীল হোৱাত সহায় কৰাছে (Indian Navy successfully launches BrahMos) ৷

লগতে পঢ়ক: ISRO Chandrayaan 3 : চন্দ্ৰযান ৩ অভিযানৰ বাবে ইছৰোৰ ৰকেট ইঞ্জিন পৰীক্ষা সম্পন্ন

"ভাৰতীয় ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বহু দূৰ আগবাঢ়িছে আৰু কেইবাটাও ক্ষেপণাস্ত্ৰ প্ৰণালীৰ বিকাশ হৈছে ৷ বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি বিকাশ কৰা হৈছে ৷ দেশত ভূ-পৃষ্ঠৰ পৰা ভূ-পৃষ্ঠলৈ, ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডললৈ আৰু বায়ুমণ্ডলৰ পৰা বায়ুমণ্ডললৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ, এণ্টি টেংক ক্ষেপণাস্ত্ৰ আৰু বহুতো প্ৰকাৰৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছে ৷ ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট জ্ঞান আহৰণ কৰি দেশে আজি বিভিন্ন প্ৰকাৰৰ ক্ষেপণাস্ত্ৰ বিকাশৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিছে ৷ নিজৰ প্ৰয়োজনীয়তা অনুসৰি কোনো এখন দেশৰ ক্ষেপণাস্ত্ৰৰ দূৰত্ব অথবা পৰিসৰ নিৰ্ভৰ কৰে আৰু সেই সকলোবোৰ ভাৰতবৰ্ষই ইতিমধ্যে বিকশিত কৰিছে ৷" এটা সংবাদ সংস্থাই ডাঃ ৰেড্ডীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে এই কথা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.