ETV Bharat / bharat

Jasprit Bumrah becomes father : প্ৰথম সন্তানৰ পিতৃত্বৰ সোৱাদ লাভ যশপ্ৰীত বুমৰাহৰ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:06 PM IST

Jasprit Bumrah becomes father
Jasprit Bumrah becomes father

ভাৰতীয় ক্ৰিকেট দলৰ আগশাৰীৰ পেচাৰ যশপ্ৰীত বুমৰাহ আৰু তেওঁৰ পত্নী সঞ্জনা গণেশনে এটা ল'ৰা সন্তানৰ আশীৰ্বাদ লাভ কৰিছে ।

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : প্ৰথম পিতৃত্বৰ সোৱাদ লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ পেচ বেটাৰী যশপ্ৰীত বুমৰাহে । বুমৰাহৰ পত্নী সঞ্জনা গণেশনে এটি পুত্ৰ সন্তানৰ মাতৃত্ব লাভ কৰিছে। "আমাৰ সৰু পৰিয়ালটো ডাঙৰ হৈছে আৰু আমাৰ হৃদয় আগতকৈ অধিক পৰিপূৰ্ণ ! আজি পুৱা আমি আমাৰ ল'ৰা সন্তান অঙ্গদ যশপ্ৰীত বুমৰাহক পৃথিৱীলৈ স্বাগতম জনাইছোঁ । আমি বহুত সুখী আৰু আমাৰ জীৱনৰ এই নতুন অধ্যায়টোৱে যিয়ে লৈ নাহক কিয় আমি অপেক্ষা কৰিব নোৱাৰোঁ- যশপ্ৰীত আৰু সঞ্জনা ।" বুমৰাহে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) এনেদৰে পোষ্ট কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ব্যক্তিগত কাৰণত চলিত এছিয়া কাপৰ মাজতে ভাৰতীয় স্পীডষ্টাৰগৰাকী মুম্বাইলৈ ৰাওনা হৈছিল । ভাৰতীয় ক্ৰিকেটাৰজনে ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগা প্ৰতিযোগিতাখনৰ ছুপাৰ ষ্টেজৰ বাবে সময়মতে উভতি আহিব বুলি আশা কৰা হৈছে । আনহাতে, কেণ্ডিত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচত অংশগ্ৰহণ নকৰা অভিজ্ঞ পেচাৰ মহম্মদ ছামীয়ে সোমবাৰে নেপালৰ বিৰুদ্ধে মেচখনত তেওঁৰ স্থান লৈছে ।

আঘাতৰ পৰা ১০ মাহতকৈও অধিক সময় ১০ গজৰ পৰা বাহিৰত থকাৰ পিছত বুমৰাহে অধিনায়ক হিচাপে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহে । তেওঁ এটা যুৱ ভাৰতীয় দলক কেৱল শৃংখলা জয়ৰ দিশে আগবঢ়াই নিয়াই নহয়, তেওঁ আশ্চৰ্যজনক ফিটনেছ আৰু ছন্দ প্ৰদৰ্শন কৰে । দুখন মেচত তেওঁ চাৰিটা উইকেট দখল কৰে । সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ১৫ ৰাণৰ বিনিময়ত দুটা উইকেট ।

উল্লেখ্য যে ভাৰতে এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত সোমবাৰে কেণ্ডিত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে । মেচখনত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । গ্ৰুপ এ-ত পাকিস্তানে নেপালৰ বিৰুদ্ধে বিজয় আৰু চিৰ প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষমাৰ পিছত তিনি পইণ্টেৰে ছুপাৰ ফ'ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । বৰ্তমান পইণ্ট তালিকাত ৩ পইণ্টেৰে পাকিস্তান গ্ৰুপৰ শীৰ্ষত আছে । আনহাতে, বৰ্তমানলৈকে ভাৰত (১ পইণ্ট) আৰু নেপালে (০ পইণ্ট) ছুপাৰ ফ'ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এই মেচখনত জয়ী হোৱাটো প্ৰয়োজনীয় ।

লগতে পঢ়ক :Asia Cup 2023 : প্ৰথমবাৰৰ বাবে নেপালৰ সন্মুখত ভাৰতীয় দল, বতৰে আজিও দিব নেকি বিধি-পথালি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.