ETV Bharat / bharat

COVID-19 : ২০১ দিনৰ পিছত আক্ৰান্তৰ সংখ্যা ২০,০০০ লৈ হ্ৰাস

author img

By

Published : Sep 28, 2021, 1:56 PM IST

সোমবাৰৰ দিনটোত ভাৰতত হ্ৰাস পাইছে দৈনিক ক'ভিড আক্ৰান্তৰ ঘটনা । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, ২০১ দিনৰ পিছত সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ১৮,৭৯৫ জন হয়গৈ । বৰ্তমান দেশত ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৯২,২০৬ জন ।

India COVID19 tracker
২০১ দিনৰ পিছত ভাৰতত ২০,০০০ৰো কম দৈনিক আক্ৰান্তৰ ঘটনা

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ: বিগত কেইবাদিনো ধৰি দৈনিক ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত বৃদ্ধি পাই আহিছিল যদিও সোমবাৰে দৈনিক আক্ৰান্তৰ ঘটনা হ্ৰাস পায় । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত ১৮,৭৯৫ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে ।

মন্ত্ৰালয়ে জনোৱা মতে, ২০১ দিনৰ পিছত সোমবাৰৰ দিনটোত দৈনিক আক্ৰান্তৰ সংখ্যা ২০,০০০ জনতকৈ হ্ৰাস পাইছে । সোমবাৰে নতুনকৈ মৃত্যু হোৱা ১৭৯ গৰাকী কৰ’ণা ৰোগীসহ বৰ্তমানলৈকে দেশত ৪,৪৭,৩৭৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।

কেৰালাত যোৱা ২৪ ঘণ্টাত ক'ভিড 19 ত আক্ৰান্ত হৈ ৫৮ জন লোকৰ মৃত্যু হৈছে । আনহাতে বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৯২,২০৬ জন । দেশত আৰোগ্যৰ হাৰ হৈছে ৯৭.৮১ শতাংশ । এতিয়ালৈকে ৮৭,০৭,০৮,৬৩৬ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পঞ্চমবাৰৰ বাবে, ভাৰতত সোমবাৰে একেটা দিনতে এক কোটি ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰা হৈছে । মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৮৪.৭০ কোটিতকৈও অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে আৰু ৪২,৮৩,২০০ ৰো অধিক পালি প্ৰেৰণ কৰা হ'ব । বৰ্তমানেও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত প্ৰতিষেধকৰ ৪.৭৫ কোটিতকৈও অধিক পালি মজুত আছে ।

ইফালে, যোৱা ২৪ ঘণ্টাত ২৬০৩০ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে । বৰ্তমানলৈকে দেশত ৩২,৯,৫৮,০০২ জন লোক আৰোগ্য হৈ উঠিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, ২৭ ছেপ্টেম্বৰলৈকে মুঠ ৫৬,৫৭,৩০,০৩১ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত সোমবাৰে ১৩,২১,৭৮০ টা নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক: পুডুচেৰীত বিজেপিৰ দখলত ৰাজ্যসভাৰ প্ৰথমখন আসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.