ETV Bharat / bharat

Covid 19 Update : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Dec 13, 2021, 5:01 PM IST

http://10.10.50.80:6060//finalout3/odisha-nle/thumbnail/13-December-2021/13890848_349_13890848_1639372142090.png
দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । কেইবাখনো ৰাজ্যত বিদেশৰ পৰা অহা লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰৰ অৱস্থিতি । ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰ তথা স্বাস্থ্য বিভাগে অধিক সৰ্তকতা অৱলম্বন কৰিছে ৷ বৃদ্ধি কৰিছে ক’ভিডৰ পৰীক্ষণ ৷ ক’ভিড ভেকচিন প্ৰদানৰ কামো ক্ষীপ্ৰতৰ কৰিছে তুলিছে স্বাস্থ্য বিভাগে ৷ সোমবাৰে পুৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে ক’ভিডৰ শেহতীয়া তথ্য(Official COVID-19 Information) ৷

নিউজ ডেস্ক, 13 ডিচেম্বৰ : দেশত পুনৰ বৃদ্ধি হৈছে ক’ৰণা সংক্ৰমণৰ হাৰ ৷ দেওবাৰে দেশত পুনৰ 7,350 গৰাকী লোক নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 202 গৰাকীৰ ৷ ইয়াৰ লগতে দেশজুৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 4,75,636 গৰাকীলৈ বৃদ্ধি পাইছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে(Ministry of Health and Family Welfare) সোমবাৰে পুৱা প্ৰকাশ কৰে এই কথা ৷

দেশত বিগত 24 ঘণ্টাত 7,973 জন লোক ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ লগতে আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 98.37 শতাংশ ৷ আনহাতে বৰ্তমানো সক্ৰিয় হৈ আছে 91,456 টা ঘটনা ৷ এই অনুসৰি দেশত সক্ৰিয় ঘটনাৰ হাৰ হৈছে 0.26 শতাংশ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

একে সময়তে, সমগ্ৰ দেশতে মুঠ 8,55,692 গৰাকীৰ ক’ভিড পৰীক্ষণ কৰা হৈছিল ৷ ইয়াৰ লগতে ক’ভিড পৰীক্ষণৰ সংখ্যা 65.66 কোটি অতিক্ৰম কৰিছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশত সাপ্তাহিক পজিটিভ হাৰ(Positivity Rate Coronavirus) হৈছে 0.69 শতাংশ আৰু দৈনিক পজিটিভ হাৰ হৈছে 0.86 শতাংশ ৷

ইফালে, বিগত 24 ঘণ্টাত 19,10,917 গৰাকী লোকক ক’ভিড ভেকছিন(Covid Vaccination in India)ৰ পালি প্ৰদান কৰা হৈছে ৷ দেওবাৰলৈ দেশত মুঠ 133.17 কোটি লোকৰ ক’ভিড টিকাকৰণ কৰা হৈছে । মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত এতিয়াও 17.83 কোটি লোকৰ বাবে ক’ভিড-19 ভেকছিনৰ পালি উপলব্ধ আছে ।

লগতে পঢ়ক : 4 new Omicron cases in Jaipur : জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.