ETV Bharat / bharat

Covid status of India : দেশত যোৱা ২৪ ঘণ্টাত ২৪৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

author img

By

Published : Feb 27, 2022, 12:15 PM IST

Covid status of India
দেশত যোৱা ২৪ ঘণ্টাত ২৪৩ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

দেশত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হৈছে (Covid infection softens in India)। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ১০,২৭৩ গৰাকী লোক । মৃত্যু হৈছে ২৪৩ গৰাকী লোকৰ । দেশত ক'ভিডত মৃত্যুৰ সংখ্যা ৫,১৩,৭২৪ গৰাকীলৈ বৃদ্ধি ।

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : দেশত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে যদিও পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে হ্ৰাস হৈছে আক্ৰান্ত লোকৰ সংখ্যা (Covid infection softens in India) । ভাৰতত যোৱা ২৪ ঘণ্টাত ক'ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১০,২৭৩ গৰাকী লোক । দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত আক্ৰান্তৰ হাৰ মাত্ৰ ১ শতাংশ ।

ইফালে যোৱা ২৪ ঘণ্টাত প্ৰায় ২৪৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে (243 people have died of covid in India last 24 hours)। ইয়াৰ লগে লগে দেশত ক'ভিডত মৃত্যুৰ সংখ্যা ৫,১৩,৭২৪ গৰাকীলৈ বৃদ্ধি হৈছে । বৰ্তমান দেশত সক্ৰিয় ঘটনাৰ সংখ্যা ১,১১,৪৭২ টা ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে ক'ভিডৰ সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.২৬ শতাংশ । উক্ত সময়চোৱাত প্ৰায় ২০,৪৩৯ গৰাকী ক'ভিড ৰোগী আৰোগ্য হৈ উঠিছে । ইয়াৰ লগে লগে দেশত মুঠ আৰোগ্যৰ সংখ্যা হ'লগৈ ৪,২২,৯০,৯২১ টা । দেশত আৰোগ্যৰ হাৰ হৈছে ৯৮.৫৪ শতাংশ ।

লগতে পঢ়ক : Russia Ukraine war:ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.