ETV Bharat / bharat

INDIA MPs Manipur visit: মণিপুৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত বিৰোধী ঐক্যৰ 20 সাংসদ

author img

By

Published : Jul 30, 2023, 10:12 PM IST

মণিপুৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত INDIA মিত্ৰজোঁটৰ প্ৰতিনিধি দলৰ 20 সাংসদ ৷ মণিপুৰত শান্তি পুনৰ স্থাপনক লৈ উদ্বিগ্ন বিৰোধী ঐক্যৰ 20 সাংসদ ৷ দুয়োখন সদনত এই বিষয়টো উত্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা ব্যক্ত দিল্লীত উপস্থিত হোৱা বিৰোধী ঐক্যৰ প্ৰতিনিধিসকলৰ ৷

INDIA Delegation MPs demand to restore peace
মণিপুৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত বিৰোধী ঐক্যৰ 20 সাংসদ

নিউজ ডেস্ক, ৩০ জুলাই: মণিপুৰত দুদিনীয়া ভ্ৰমণসূচী সামৰি দেওবাৰে সন্ধিয়া দিল্লীত উপস্থিত হয় INDIA মিত্ৰজোঁটৰ প্ৰতিনিধি দলটো ৷ দিল্লীত উপস্থিত হৈ INDIA মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ পৰিস্থিতি আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ উদ্বেগ প্ৰকাশ কৰে ।

ANIৰ সৈতে হোৱা বাৰ্তালাপত ভিচিকেৰ সাংসদ থোলকে, থিৰুমাভালাভানৰ চিপিআইৰ সাংসদ পি সন্তোষ কুমাৰ আৰু এনচিপিৰ সাংসদ পিপি মহম্মদ ফৈজালে INDIA ৰ প্ৰতিনিধিৰ দলটোৱে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে ।

iNDIA মিত্ৰজোঁটৰ প্ৰতিনিধি দলটোৰ নেতৃত্বই কয় যে, ‘‘আমি, INDIA মিত্ৰজোঁটৰ সাংসদসকলে চুৰাচান্দপুৰ জিলা আৰু বিষ্ণুপুৰ জিলা ভ্ৰমণ কৰিছো । দুয়োপক্ষৰ পৰা আমি আক্ৰান্ত লোকক লগ পাইছিলো । যোৱা ৮০ দিনত কি হৈছিল সেই বিষয়ে তেওঁলোকে নিজৰ নিজৰ তৰফৰ পৰা আমাৰ আগত সদৰী কৰিছে । তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা উপযুক্ত নিৰাপত্তা আৰু সুৰক্ষা লাভ কৰাত ব্যৰ্থ হৈছে ৷ আমি মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰি ৰাইজৰ মাজত আমি যি পৰ্যবেক্ষণ কৰিছো তাৰ ওপৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে । ৰাজ্যপালে আমাক এই বিষয়টো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ওচৰত দাঙি ধৰাৰ বাবে আমাক প্ৰতিশ্ৰুতি দিছে ৷’’

‘‘মণিপুৰত শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে বিৰোধীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিব । আমি লোকসভা আৰু ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলো যদিও আমাক অনুমতি দিয়া হোৱা নাছিল । কিন্তু আমি দুয়োখন সদনত এই বিষয়টো উত্থাপন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম ।’’ থিৰুমাভালাভানৰ চিপিআইৰ সাংসদ পি সন্তোষ কুমাৰে এই মন্তব্য কৰে ।

আনহাতে এনচিপিৰ সাংসদ পিপি মহম্মদ ফৈজালে কয়, “স্কুললৈ যাব লগা সৰু ল’ৰা-ছোৱালীবোৰ যোৱা তিনিমাহ ধৰি শিবিৰত আছে । আমি ৰাজ্যপালক চৰকাৰৰ উদ্যোগত সৰ্বদলীয় প্ৰতিনিধি দল আৰু বিভিন্ন দলৰ নেতাসকলক একেখন মজিয়াত আনি পৰিস্থিতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ কথা জনতাক অৱগত কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ বাবে আহ্বান জনাইছো ৷’’ সাংসদ ফৈজালে ইয়াৰ প্ৰভাৱ জনতাৰ ওপৰত পৰিব বুলি আশা ব্যক্ত কৰে ।

লগতে পঢ়ক: Manipur crisis: INDIA মিত্ৰজোঁটৰ সাংসদ প্ৰতিনিধিয়ে মণিপুৰৰ ৰাজ্যপালক দাখিল কৰিলে স্মাৰক পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.