ETV Bharat / bharat

ক'ভিড-১৯ সম্পৰ্কীয় দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 12, 2021, 12:33 PM IST

দেশত এতিয়ালৈ ৩.৩২ কোটিতকৈও অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে । সমান্তৰালকৈ ৪.৪০ লাখতকৈও অধিক লোকৰ কৰ'ণাত মৃত্যু হৈছে । শেহতীয়া তথ্য অনুসৰি কেৰালাত যোৱা ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈ সৰ্বাধিক লোকৰ মৃত্যু হৈছে ।

state wise report
দেশৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Health Ministry) তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৮,৫৯১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । লগতে ক'ভিডত আক্ৰান্ত হৈ এটা দিনত মৃত্যু হৈছে ৩৩৮ গৰাকী লোকৰ ।

ইয়াৰ লগে লগে ভাৰতত ক'ভিড সংক্ৰমণৰ মুঠ সংখ্যা ৩,৩২,৩৬,৯২১ লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৪,৪২,৬৫৫ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে দেওবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি কেৱল কেৰালাত আক্ৰান্ত হৈছে ২০,৪৮৭ গৰাকী লোক আৰু যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মৃত্যু হৈছে ১৮১ গৰাকী লোকৰ । ইয়াৰ মাজতে দেশজুৰি চলি থকা টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ৭৩.৮২ কোটি অতিক্ৰম কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও ৫.১৬ কোটিতকৈও অধিক প্ৰতিষেধকৰ পালি মজুত আছে লগতে ৫৭ লাখৰো অধিক পালি ৰাজ্যসমূহলৈ প্ৰেৰণৰ বাবে সাজু হৈ আছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে, ১১ ছেপ্টেম্বৰলৈকে ভাৰতত মুঠ ৫৪,১৮,০৫,৮২৯ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত শনিবাৰে ১৫,৯২,১৩৫ টা নমুনা পৰীক্ষা কৰা হৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত ক’ভিড 19 ৰ প্ৰথম পালি টীকাকৰণ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.