ETV Bharat / bharat

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Sep 5, 2021, 1:56 PM IST

শুকুৰবাৰৰ তুলনাত শনিবাৰৰ দিনটোত দেশত পুনৰ বৃদ্ধি পালে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেওবাৰে পুৱা প্ৰকাশ কৰা তথ্য মতে, বিগত 24 ঘণ্টাত দেশত নতুনকৈ 42,766 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হয় । ইয়াৰ বিপৰীতে শনিবাৰে আক্ৰান্ত হৈছিল 42,618 গৰাকী ৷

India COVID-19 tracker: state-wise report
COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ : দেশত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 42,766 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে 308 গৰাকীৰ ৷ ইয়াৰ লগতে ভাৰতত কৰ’ণাত আক্ৰান্ত হাৰ 3,29,88,673 গৰাকীলৈ বৃদ্ধি পাইছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে দেশত সক্ৰিয় হৈ আছে 4,10,048 টা ঘটনা ৷ আনহাতে, দেশত ক’ভিড-19 ৰ পৰা আৰোগ্যৰ হাৰ হৈছে 97.42 । এই সময়ছোৱাত কেৰালাত সৰ্বাধিক 29,682 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 142 গৰাকী ।

ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে (ICMR) প্ৰকাশ কৰা তথ্য অনুসৰি 4 ছেপ্টেম্বৰলৈ ভাৰতত মুঠ 53, 00,58,218 টা নমুনা পৰীক্ষণ কৰা হৈছে ৷ ইয়াৰে 17, 47,476 টা নমুনা শনিবাৰৰ দিনটোত পৰীক্ষা কৰা হৈছিল ৷

লগতে পঢ়ক : নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.