ETV Bharat / bharat

G20 summit 2023: 'গ্লোবেল ছাউছৰ ধাৰণা নতুন নহয়'-কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:27 PM IST

G20 summit 2023
গ্লোবেল ছাউছৰ ধাৰণা নতুন নহয়-কংগ্ৰেছ

কংগ্ৰেছৰ মতে ভাৰত প্ৰকৃততে তথাকথিত গ্লোবেল ছাউথৰ দুই মুখ্য খেলুৱৈৰ ভিতৰত অন্যতম । ছাউথ গ্লোবেলৰ ধাৰণা পুৰণি বুলিও কংগ্ৰেছে কয় । বিজেপি চৰকাৰে জি-২০ৰ সভাপতিত্বক কিছু বেছি দেখুৱাইছে বুলিও উল্লেখ কৰিছে ।

নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ : ভাৰত সদায়ে অ-মিত্ৰজোঁট দেশ (এনএএম)ৰ দৰে মঞ্চৰ জৰিয়তে উন্নয়নশীল দেশসমূহৰ কণ্ঠস্বৰ হৈ আহিছে আৰু চৰকাৰে জি-২০ৰ সভাপতিত্বকলৈ কিছু বেছি দেখুৱাইছে কিয়নো গ্লোবেল ছাউথৰ ধাৰণাটো অতি পুৰণি । কংগ্ৰেছ নেতা ছলমান ছোজে ইটিভি ভাৰতৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে চৰকাৰে জি-২০ নেতৃত্বক অধিক কৰিবলৈ চেষ্টা কৰিছে । ইণ্ডোনেছিয়াই যোৱা বছৰ জি-২০ৰ সভাপতিত্ব কৰিছিল আৰু অহা বছৰ ব্ৰাজিলে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব । ইয়াৰ অৰ্থ ইণ্ডোনেছিয়া আৰু ব্ৰাজিল ভাৰতৰ দৰে একে নেকি বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে পূৰ্বে আমেৰিকা আৰু কানাডাই গোটটোক নেতৃত্ব দিছিল । তেওঁৰ মতে ভৱিষ্যতে চীনেও দায়িত্ব ল'ব পাৰে কিয়নো ই এক ঘূৰ্ণনশীল ।

কংগ্ৰেছ নেতাগৰাকীৰ মতে ভাৰত প্ৰকৃততে তথাকথিত গ্লোবেল ছাউথৰ দুই মুখ্য খেলুৱৈৰ ভিতৰত অন্যতম । আনজন হৈছে চীন আৰু কোনেও উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কণ্ঠস্বৰ হোৱাৰ ভাৰতৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

তেওঁ উল্লেখ কৰা মতে আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহৰ সৈতে আৰু লেটিন আমেৰিকাৰ সৈতে চীনৰ গভীৰ সম্পৰ্ক আছে । ভাৰতে কোৱা কথাবোৰত সেই দেশবোৰে সন্মত হোৱাটো সহজ নহ'ব কিয়নো তথাকথিত গোলকীয় দক্ষিণৰ দেশসমূহৰ সৈতে চীনৰ গভীৰ সম্পৰ্ক আছে । অৱশ্যে, উন্নয়নশীল বিশ্বত ভাৰতৰ নিজা স্থিতি আৰু মৰ্যাদা আছে । ভাৰতে কিবা এটাত সন্মত নোহোৱাকৈ সঁচাকৈয়ে একো হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে । ভাৰতে যিকোনো মঞ্চক প্ৰভাৱিত কৰিব পাৰে আৰু এক জোৰদাৰ কণ্ঠস্বৰ হৈ থাকিব য'ত উন্নয়নশীল দেশসমূহৰ অধিকাৰ জড়িত আছে । আনকি চীনেও সেই অধিকাৰ কাঢ়ি নিব নোৱাৰে বুলি তেওঁ দাবী কৰে । ছোজে কোৱা মতে ভাৰত এছিয়াৰ এক প্ৰধান শক্তি হৈ আছে আৰু থাকিব ।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে জি-২০ বৈঠকৰ আয়োজক হিচাবে ভাৰতৰ ওচৰত নিৰ্বাচিত বিষয়ত বিভিন্ন দেশক একত্ৰিত কৰাৰ সুযোগ আছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰতিজন আয়োজকৰ কিছুমান বিষয়ত বিভিন্ন দেশক একত্ৰিত কৰাৰ সুযোগ আছে । এই ক্ষেত্ৰত উদাহৰণ দাঙি ধৰি তেওঁ কয় যে আফ্ৰিকান ইউনিয়ন জি-২০ৰ অংশ হোৱাটো এক স্বাগতমমূলক পদক্ষেপ । একেদৰে, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ কিছুমান দিশৰ ওপৰত চুক্তি হ'ব পাৰে । আন্তৰ্জাতিক মুদ্ৰা নিধি (IMF)ৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ ক্ষেত্ৰতো একেই কথা ।

ভাৰতৰ জি-২০ সভাপতিত্বক লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মাইও একে ধৰণৰ মতামত প্ৰকাশ কৰে । তেওঁৰ মতে গ্লোবেল চাউথত বহুতো দেশ আছে । এখন দেশে নেতৃত্ব ল'ব পাৰে কিন্তু নেতা হ'ব নোৱাৰে । কিয়নো অঞ্চলটোত আন বহুতো সাৰ্বভৌম দেশ আছে । ছোজ আৰু শৰ্মাৰ মতে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি স্থিৰ হৈ আহিছে ।

লগতে পঢ়ক :Green Climate Fund: গ্ৰীণ ক্লাইমেট ফাণ্ডলৈ ২ বিলিয়ন ডলাৰ প্ৰদানৰ ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.