ETV Bharat / bharat

PM Modi wore special turban : ১০ বছৰে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ পোছাকৰ আকৰ্ষণ

author img

By

Published : Aug 15, 2023, 3:00 PM IST

২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো স্বাধীনতা দিৱসতে ৰঙীণ পাগুৰি পিন্ধি অহা দেখা গৈছে । এইবাৰো তেওঁক বিশেষ পাগুৰিত দেখা গৈছে ।

PM Modi wore special turban
১০ বছৰে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ পোছাকৰ আকৰ্ষণ

নেশ্যনেল ডেস্ক, ১৫ আগষ্ট : ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশবাসীক সম্বোধন কৰে । প্ৰতিবছৰৰ দৰে সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰত দেখা গ'ল প্ৰধানমন্ত্ৰীগৰাকীক । বগা কুৰ্তা আৰু পায়জামাৰ সৈতে এটা বহুৰঙী ৰাজস্থানী বান্ধনী প্ৰিণ্টৰ পাগুৰি পিন্ধি আহে প্ৰধানমন্ত্ৰীগৰাকী । লগতে এটা ক'লা ৰঙৰ ভি-নেকৰ জেকেটো পিন্ধি আহে । ইফালে পাগুৰিৰ তলৰ অংশ দীঘল আৰু হালধীয়া, সেউজীয়া আৰু ৰঙা ৰঙল মিশ্ৰণ দেখা গৈছে । লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ পৰা প্ৰতিটো স্বাধীনতা দিৱসতে ৰঙীন পাগুৰি পিন্ধি অহা দেখা গৈছে । এইবাৰো তেওঁ এই পৰম্পৰা অব্যাহত ৰাখিলে ।

তেওঁ ৭৬ সংখ্যক স্বাধীনতা দিৱসত ত্ৰিৰংগা ফিটা থকা বগা পাগুৰি পিন্ধিছিল । পৰম্পৰাগত কুৰ্তা আৰু পায়জামাৰ ওপৰত নীলা জেকেট আৰু ক'লা জোতা পিন্ধি প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল আৰু একেৰাহে নৱমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিছিল । ইয়াৰ পূৰ্বে, ৭৫ সংখ্যক স্বাধীনতা দিৱসত মোদীয়ে এটা পটিযুক্ত গেৰুৱা পাগুৰি পিন্ধিছিল ।

ঐতিহাসিক লালকিল্লাত অনুষ্ঠিত ৭৪ সংখ্যক স্বাধীনতা দিৱসত মোদীয়ে গেৰুৱা আৰু ক্ৰীম ৰঙৰ পাগুৰি পিন্ধিছিল । প্ৰধানমন্ত্ৰীয়ে তাৰ সৈতে হাফ কুৰ্তা আৰু পায়জামা পিন্ধিছিল । তেওঁ গেৰুৱা পটি থকা বগা গামোচা পিন্ধি আহিছিল । যাক তেওঁ ক'ভিডৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল ।

২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পাছত লালকিল্লাৰ পৰা প্ৰথম ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰঙৰ পাগুৰি পিন্ধিছিল । এয়া লালকিল্লাৰ পৰা তেওঁৰ একেৰাহে দেশবাসীলৈ ষষ্ঠ সম্বোধন আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত ২০১৪ চনত ঐতিহাসিক লালকিল্লাৰ পৰা প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিছিল । তেতিয়া তেওঁ ডাঠ ৰঙা আৰু সেউজীয়া যোধপুৰী বন্দেজ পাগুৰি পিন্ধিছিল । ২০১৫ চনত মোদীয়ে বিভিন্ন ৰঙীণ ফিটাৰ সৈতে হালধীয়া পাগুৰি পিন্ধিছিল । আনহাতে ২০১৬ চনত তেওঁ গুলপীয়া আৰু হালধীয়া বিশেষ 'টাই এণ্ড ডাই' পাগুৰি পিন্ধিছিল ।

২০১৭ চনত তেওঁ সোণালী ফিটা থকা উজ্জ্বল ৰঙা পাগুৰি পিন্ধিছিল । ২০১৮ চনত গেৰুৱা পাগুৰি পিন্ধিছিল । আনকি গণতন্ত্ৰ দিৱসৰ সময়তো মোদীৰ পোছাকে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

লগতে পঢ়ক :PM Modi speech in Delhi : মণিপুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.