ETV Bharat / bharat

GST Notice to Unemployed Youth : নিবনুৱা যুৱকলৈ ৯০ কোটিৰ GST আদায় দিয়াৰ জাননী !

author img

By

Published : Jan 15, 2023, 5:06 PM IST

GST
GST

ৰাজস্থানৰ জয়ছেলমেৰত এজন নিবনুৱা যুৱকে লাভ কৰিছে জিএছটি জাননী । যুৱকজনক জাননী জাৰি কৰি তেওঁৰ পৰা 90 কোটি টকাৰ লেনদেনৰ বিৱৰণ বিচৰা হৈছে । তেওঁৰ পেন কাৰ্ডত ৯০ কোটিতকৈও অধিক লেনদেন কৰা হৈছে (GST notice to unemployed youth in Jaisalmer) ।

আয়কৰ জাননীত হতবাক নিবনুৱা যুৱক

নিউজ ডেস্ক, ১৫ জানুৱাৰী : ৰাজস্থানৰ জয়ছেলমেৰ জিলাত আজৱ ঘটনা । জিলাখনৰ এজন নিবনুৱা যুৱকে জিএছটি জাননী লাভ কৰিছে (GST notice to unemployed youth in Jaisalmer) । উক্ত জাননী পোৱাৰ পাছৰে পৰা তেওঁ আৰু তেওঁৰ গোটেই পৰিয়ালটো এতিয়া চিন্তাত পৰিছে । ইফালে বিষয়টো পোহৰলৈ অহাৰ লগে লগে চেম গাঁৱত এক আলোড়নৰ সৃষ্টি হৈছে । গাঁওখনৰ বাসিন্দা অশোক কুমাৰে আয়কৰ বিভাগৰ (Income tax department notice to unemployed youth) পৰা উক্ত জাননীখন লাভ কৰিছে । জাননীত তেওঁক তেওঁৰ উপাৰ্জনৰ হিচাপ-নিকাচ আয়কৰ বিভাগৰ ওচৰত দাখিল কৰিবলৈ কোৱা হৈছে । কিয়নো তেওঁৰ পেন কাৰ্ডত 90 কোটি টকাৰো অধিক লেনদেন কৰা হৈছে ।

আনহাতে, আয়কৰ বিভাগৰ জাননী পোৱাৰ পিছত ভুক্তভোগীয়ে এই প্ৰৱঞ্চনাৰ বিষয়ে জানিব পাৰে (income tax department notice) । পিছত তেওঁৰ পেন নম্বৰটোত অনুসন্ধান কৰাত দেখা যায় যে দিল্লীত তেওঁৰ পেন কাৰ্ডৰ সৈতে এখন ফাৰ্ম পৰিচালনা কৰা হৈছে । য'ত ৯০ কোটিতকৈও অধিক লেনদেন কৰা হৈছে । তাৰে ওপৰত ভিত্তি কৰি আয়কৰ বিভাগে অশোক কুমাৰলৈ জাননী প্ৰেৰণ কৰিছে আৰু লেনদেনৰ বিৱৰণ বিচাৰিছে ।

ইফালে ভুক্তভোগী অশোকে কয় যে এই জাননীখন লাভ কৰাৰ পিছত তেওঁ অত্যন্ত ভয় খাইছে । তেওঁৰ মতে, গাঁওখনৰ এটা বেংকত তেওঁৰ এটা একাউণ্ট আছে । ইয়াৰ বাহিৰে তেওঁৰ আন কোনো একাউণ্ট নাই । তেওঁ তেওঁৰ দুখৰ কথা ইতিমধ্যে সংশ্লিষ্ট বিভাগক জনাইছে । কিন্তু জানিব পৰা মতে, যদি আয়কৰ বিভাগ অশোকৰ উত্তৰত সন্তুষ্ট নহয় তেন্তে তেওঁ কৰ পৰিশোধ কৰিব লাগিব । এই সন্দৰ্ভত ভুক্তভোগীয়ে ইতিমধ্যে চেম আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ৫ জানুৱাৰীত জয়ছেলমেৰৰে এজন দৰিদ্ৰ ব্যক্তিয়ে জিএছটি বিভাগৰ কৃপাত বৃহৎ পৰিমাণৰ কৰ জমা দিয়াৰ জাননী লাভ কৰিছিল (GST Of Crores Slapped on jaisalmer Poor Man) । জিএছটি বিভাগে ব্যক্তিজনৰ ওপৰত ১ কোটি ৩৯ লাখ ৭৯ হাজাৰ ৪০৭ টকাৰ জৰিমনা আৰোপ কৰিছিল । জাননীখনত জিএছটি বিভাগে লিখিছিল যে যুৱকজনৰ নামত জিএছটি কৰ বাকী আছে । যদি সেই কৰ যিমান সম্ভৱ সোনকালে পূৰণ কৰা নহয়, তেন্তে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । ৰিদৱা গাঁৱৰ নৰপাত্ৰমে উত্তৰ কমিছনাৰেট, দিল্লীৰ পৰা উক্ত জাননীখন লাভ কৰিছিল ।

লগতে পঢ়ক :CBI graft case: চিবিআইৰ গ্ৰাফ্ট গোচৰত ৰেল বিভাগৰ অতিৰিক্ত সংমণ্ডল মেনেজাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.