ETV Bharat / bharat

Maharashtra Cabinet Expansion : ফাড়নাভিছৰ সৈতে কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে আলোচনা মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ

author img

By

Published : Jul 7, 2023, 2:06 PM IST

Maharashtra Cabinet Expansion
Maharashtra Cabinet Expansion

একনাথ শিন্দে আৰু দেৱেন্দ্ৰ ফাড়নাভিছৰ মাজৰ বৈঠক বৃহস্পতিবাৰে নিশা ২ বজালৈকে চলিছিল । অজিত পাৱাৰে বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ পিছত আৰু আন আঠজন বৰ্খাস্ত এনচিপি বিধায়কৰ সৈতে মহাৰাষ্ট্ৰ চৰকাৰত যোগদান কৰাৰ পিছত ক্ষমতাৰ ভাগ-বতৰা সম্পৰ্কে আলোচনা কৰিবলৈ বৈঠকখন অনুষ্ঠিত হৈছিল ।

নিউজ ডেস্ক, ৭ জুলাই : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ সৈতে এক বৈঠকত মিলিত হয় । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ বহিষ্কৃত নেতা অজিত পাৱাৰে অভ্যুত্থান সংঘটিত কৰি ৰাজ্য চৰকাৰত যোগদান কৰাৰ পিছত কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠকৰ আহ্বান জনোৱা হয় ।

বৰ্তমান উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে যোৱা দেওবাৰে দক্ষিণ মুম্বাইৰ ৰাজভৱনত শপত গ্ৰহণ কৰে । ছগন ভুজবল, দিলীপ ৱালছে পাটিল, ধনঞ্জয় মুণ্ডে, অদিতি তাটকাৰে আৰু সঞ্জয় বনচোড়েকে ধৰি আন আঠজন বিদ্ৰোহী এনচিপি বিধায়কে মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

সূত্ৰত প্ৰকাশ পোৱা মতে, দক্ষিণ মুম্বাইৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন 'বৰ্ষা'ত ফাড়নাভিছ আৰু শিন্দেৰ মাজত বৈঠক পুৱা ২ বজালৈকে চলিছিল । "এনচিপিৰ অজিত পাৱাৰ গোট চৰকাৰৰ অংশ হোৱাৰ পিছত দুয়োগৰাকী নেতাই কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে ।" সূত্ৰত লগতে প্ৰকাশ । আনহাতে, অজিত পাৱাৰে চৰকাৰত যোগদান কৰাৰ পিছত শিৱসেনাৰ একনাথ শিন্দে গোটৰ বিধায়কসকলৰ অস্বস্তি বৃদ্ধি পোৱাৰ বাতৰিও অস্বীকাৰ কৰে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহায়ক তথা মন্ত্ৰী উদয় সামন্তই বৃহস্পতিবাৰে কয় যে মুখ্যমন্ত্ৰীৰ সৈতে থকা সকলো বিধায়ক আৰু সাংসদে তেওঁৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখিছে । একনাথ শিন্দেয়ে লগতে কয় যে তেওঁৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ শক্তিশালী হৈ আহিছে । "আমাৰ চৰকাৰ এতিয়া তিনিটা দলেৰে গঠিত হোৱাৰ বাবে আমাৰ বিধায়কসকলৰ শক্তি ২০০-তকৈও অধিক ।" শিন্দেয়ে কয় । তেওঁৰ চৰকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমৰ্থন আছে বুলিও কয় ।

উল্লেখ্য, অজিত পাৱাৰ আৰু বহিষ্কৃত আঠজন বিধায়কে শপত গ্ৰহণ কৰাৰ পাঁচ দিন হ'ল, কিন্তু তেওঁলোকক এতিয়াও দপ্তৰ দিয়া হোৱা নাই । ইফালে শুকুৰবাৰে পুৱা বিৰোধী দলৰ নেতা জিতেন্দ্ৰ আৱাদ আৰু জয়ন্ত পাটিলকে ধৰি শৰদ পাৱাৰ গোটৰ নেতাসকল এখন বৈঠকৰ বাবে দক্ষিণ মুম্বাইৰ শৰদ পাৱাৰৰ বাসগৃহত উপস্থিত হয় ।

আনহাতে, বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত মিলিত হোৱা এনচিপিৰ শৰদ পাৱাৰ গোটৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীয়ে অজিত পাৱাৰকে ধৰি বিদ্ৰোহী বিধায়কসকলক বহিষ্কাৰ কৰাৰ শৰদ পাৱাৰৰ সিদ্ধান্তক অনুমোদন জনাইছিল । ইফালে অজিত পাৱাৰ গোটে ইয়াৰ প্ৰত্যুত্তৰ দি কয় যে শৰদ পাৱাৰে আহ্বান কৰা বৈঠকৰ বাবে কোনো আইনী বৈধতা নাই ।

লগতে পঢ়ক :Modi surname case : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.