ETV Bharat / bharat

IIT BHU Student Brutally Assaulted : আইআইটি বেনাৰসৰ ছাত্ৰীক ধৰ্ষণ

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:05 PM IST

Updated : Nov 9, 2023, 4:44 PM IST

IIT BHU Student Brutally Assaulted
আইআইচি ভুৱনেশ্বৰৰ ছাত্ৰীক ধৰ্ষণ

ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি তিনিজন যুৱকে তেওঁৰ বস্ত্ৰ খুলি গোপন অংশত স্পৰ্শ কৰিছিল । ছাত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰাৰ ভাবুকি দিছিল । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : আইআইটি বেনাৰস হিন্দু ইউনিৰ্ভাচিটীত চাঞ্চল্যকৰ ঘটনা । ১ নৱেম্বৰৰ নিশা তিনি যুৱকে আইআইটিৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি যুৱককেইজনে তেওঁ কাপোৰ খুলি ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰিছিল । লগতে যুৱককেইজনে তেওঁৰ মোবাইল নম্বৰ লোৱা বুলিও অভিযোগ কৰে ।

একে সময়তে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে অভিযুক্ত কেইজনে তেওঁৰ গোপন অংশত স্পৰ্শ কৰিছিল । অভিযোগ অনুসৰি যুৱককেইজনে ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত আপলোড কৰাৰ ভাবুকি দিছিল । ভুক্তভোগী ছাত্ৰীগৰাকীৰ এই মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণ আৰু মহিলাগৰাকীৰ মৰ্যাদাৰ অপমান সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

ঘটনাটো সন্দৰ্ভত লংকা আৰক্ষী থানাৰ পৰিদৰ্শক সহজানন্দ শ্ৰীবাস্তৱে কয় যে আইআইটি-বিএইচইউৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ উৎপীড়ন আৰু অশালীনতাৰ সন্দৰ্ভত পঞ্জীয়ন কৰা গোচৰটোৰ তদন্ত কৰি থকা হৈছে । এই ক্ষেত্ৰত দলবদ্ধ ধৰ্ষণৰ ধাৰাও সন্নিৱিষ্ট কৰা হৈছে । গোচৰটোৰ তদন্ত লংকা আৰক্ষী থানাৰ বিষয়া শিৱকান্ত মিশ্ৰক হস্তান্তৰ কৰা হৈছে । একে সময়তে আৰক্ষী আয়ুক্তইও বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু তদন্ত তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিছে ।

আৰক্ষী আয়ুক্ত মুথা অশোক জৈনে কোৱা মতে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে । তেওঁৰ মতে অভিযুক্তসকলে যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইফালে সমগ্ৰ ঘটনাটোক লৈ আইআইটিত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে । শিক্ষাৰ্থীসকলে ছাত্ৰীগৰাকীৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অভিযুক্ত যুৱকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰো দাবী জনাইছে ।

লগতে পঢ়ক :youth killed: সামান্য কথাতে 5 যুৱকে উপৰ্যুপৰি হানি খুচি হত্যা কৰিলে এজনক

Last Updated :Nov 9, 2023, 4:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.