ETV Bharat / bharat

Betting in cricket: ক্ৰিকেট জুৱাত এজন জুৱাৰীয়ে ১২ বছৰত হেৰুৱালে ১০০ কোটি

author img

By

Published : Apr 17, 2023, 1:11 PM IST

হায়দৰাবাদত চলিছে বৃহৎ পৰিমাণৰ ক্ৰিকেট জুৱা । ক্ৰিকেট জুৱাৰ গোচৰত গ্ৰেপ্তাৰ জুৱাৰীৰ স্বীকাৰোক্তি (Cricket betting at Hyderabad) । ধেমালিৰ বাবে ক্ৰিকেটত বাজি ধৰি হ'ল আসক্ত ।

Cricket betting at Hyderabad
ক্ৰিকেট জুৱা হায়দৰাবাদত

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: ক্ৰিকেট জুৱা নতুন কথা নহয় (Cricket betting in India)। বিশেষকৈ বিগত চাৰি দশকত এই ক্ৰিকেট জুৱাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । প্ৰায়ভাগ দেশতেই এই জুৱাৰ পয়োভৰ ঘটিছে । ইতিমধ্য়ে এই জুৱাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে নৱ প্ৰজন্ম । এই ক্ৰিকেট জুৱাৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা এজন লোকৰ এক কাহিনী শেহতীয়াকৈ পোহলৈ আহিছে ।

হায়দৰাবাদৰ অশোক ৰেড্ডী নামৰ লোকজনে বিগত ১২ বছৰত হেৰুৱালে ১০০ কোটি টকা (cricket betting in Hyderabad)। কিন্তু এই লোকজনে ইমান ধন হেৰুৱালেও তেওঁৰ মনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । কেইবাবছৰ আত্মগোপন কৰি থকাৰ পিচত আৰক্ষীয়ে শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা এই জুৱাৰীজনে আৰক্ষীৰ আগত তেওঁৰ এই কাহিনীৰ বিষয়ে অকপটে স্বীকাৰ কৰিছে (cricket betting addiction) ।

ক্ৰিকেট জুৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈ তেওঁ আৰক্ষীক এই বিষয়ে উল্লেখ কৰি কয় যে হায়দৰাবাদ চহৰখনত বৃহৎ পৰিমাণৰ জুৱা চলি আছে । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এই জুৱা চলাই থকা দুজন উপ বুকি আৰু এজন সংগ্ৰহ এজেণ্টক এলবি নগৰ এছডব্লিউওটি আৰক্ষীয়ে আটক কৰে (LB Nagar SWOT police)। ৰাচাকোন্দা কমিশনাৰ ডি এছ চৌহানে এই প্ৰসংগত কয় যে এজন ব্যক্তি ক্ৰিকেট জুৱাত অভ্যস্ত হৈ পৰে আৰু ১২ বছৰত ১০০ কোটি টকা হেৰুৱায় । তেওঁৰ এই জুৱা ধেমালিৰ মাজেৰেই আৰম্ভ হয় যদিও পিচত আসক্ত হয় ।

আৰক্ষীৰ বিৱৰণ অনুসৰি, চহৰখনৰ বনস্থলীপুৰমত বাস কৰা অশোক ৰেড্ডীয়ে ৰিয়েল ইষ্টেটৰ ব্য়ৱসায় কৰিছিল । তেওঁ কম সময়ৰ ভিতৰতে বহুত ধন উপাৰ্জন কৰে । প্ৰথমে তেওঁ ধেমালিৰ বাবে ক্ৰিকেটত বাজি ধৰিছিল । তেওঁ বাৰে বাৰে জুৱা খেলি লাখ টকা উপাৰ্জন কৰে । এই ধন দুগুণ কৰিবলৈ তেওঁ ইয়াৰ মাজত সোমাই পৰে । তাৰ পিচত তেওঁ জুৱাৰ প্ৰতি আসক্ত হৈ পৰে ।

তেওঁ ধন হেৰুৱাইছিল যদিও নিজৰ আচৰণৰ পৰিৱৰ্তন কৰা নাছিল । ৰিয়েল ইষ্টেট ব্যৱসায়ত উপাৰ্জন কৰা ধনৰ লগতে তেওঁ পৰিচিত আৰু আত্মীয়সকলৰ পৰা টকা লৈ জুৱা খেলিছিল । এইদৰেই তেওঁ কোটি কোটি টকা হেৰুৱালে। তেওঁ আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে,প্ৰথমে এটা কোম্পানী আৰম্ভ কৰিছিল আৰু লোকচান হোৱা বাবে দেউলিয়া আৱেদন দিছিল ।

লগতে পঢ়ক:Atiq Ashraf murder case: আতিকে পাকিস্তানৰ পৰা অস্ত্ৰ ক্ৰয়ৰ বাবে পৰিশোধ কৰিছিল ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.