ETV Bharat / bharat

Pratapgarh woman paraded naked: ৰাজস্থান চৰকাৰ আৰু ডিজিপিক প্ৰশ্ন মানৱ অধিকাৰ আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:29 AM IST

Pratapgarh woman paraded naked
ৰাজস্থান চৰকাৰ আৰু ডিজিপিক প্ৰশ্ন মানৱ অধিকাৰ আয়োগৰ

ৰাজস্থানৰ ঘটনাক লৈ উদ্বিগ্ন মানৱ অধিকাৰ আয়োগ । ভুক্তভোগীৰ স্বাস্থ্যৰ স্থিতি আৰু প্ৰশাসনে তেওঁক প্ৰদান কৰা ক্ষতিপূৰণৰ ৰাজ্যিক প্ৰশাসনৰ পৰা উত্তৰ বিচাৰে আয়োগে ।

নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ : ৰাজস্থানৰ প্ৰতাপগড়ত শেহতীয়াকৈ এগৰাকী গৰ্ভৱতী মহিলাক স্বামী আৰু স্বামী পৰিয়ালে কাপোৰ ফালি উলংগ কৰি পেৰেড কৰিছিল । সেই ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । ঘটনাটোৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

ইয়াৰ মাজতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজস্থান চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক প্ৰশ্ন কৰিছে যে এগৰাকী গৰ্ভৱতী জনজাতীয় মহিলাক তেওঁৰ স্বামী আৰু শহুৰেকে উলংগ কৰি পেৰেড কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে ? মানৱ অধিকাৰ আয়োগে জাৰি কৰা এক বিবৃতিত কয় যে ই মহিলাগৰাকীৰ স্বাস্থ্যৰ স্থিতি আৰু প্ৰশাসনে তেওঁক প্ৰদান কৰা ক্ষতিপূৰণৰ বিষয়ে তেওঁলোকে জানিব বিচাৰিছে ।

আৰক্ষীয়ে জনোৱা মতে ২১ বছৰীয়া জনজাতীয় মহিলাগৰাকীক তেওঁৰ স্বামীয়ে প্ৰতাপগড় জিলাৰ এখন গাঁৱত উলংগ কৰি পেৰেড কৰিছিল । ঘটনাটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সকলো কথা পোহৰলৈ আহিছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কোৱা মতে তেওঁলোকে ৩১ আগষ্টৰ ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰিছে ।

আয়োগৰ মতে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বিষয়বস্তু যদি সঁচা হয় ভুক্তভোগীৰ মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ বিষয় উত্থাপন কৰিছে । সেই অনুসৰি আয়োগে মুখ্য সচিব আৰু ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধানক ৪ সপ্তাহৰ ভিতৰত এক বিতং প্ৰতিবেদন বিচাৰি জাননী জাৰি কৰিছে । আয়োগে কোৱা মতে প্ৰতিবেদনখনত অপৰাধীসকলৰ বিৰুদ্ধে লোৱা ব্যৱস্থা আৰু বিষয়টোত এজাহাৰ পঞ্জীয়নৰ পাছত কৰা তদন্তৰ স্থিতিও অন্তৰ্ভুক্ত কৰিব লাগিব ।

২ ছেপ্টেম্বৰত প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মহিলাগৰাকী এগৰাকী পুৰুষৰ সৈতে ওচৰৰ এখন গাঁৱলৈ গৈছিল য'ৰ পৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ঘূৰাই আনিছিল আৰু তেওঁৰ সৈতে অমানৱীয় আচৰণ কৰিছিল । খবৰ অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে সহায়ৰ বাবে ভিক্ষা কৰিছিল, কিন্তু মানুহে সহায়ৰ বাবে আগবাঢ়ি অহাৰ পৰিৱৰ্তে তেওঁৰ ভিডিঅ' বনোৱাটো গুৰুত্ব দিছিল ।

লগতে পঢ়ক :Pratapgarh incident : শহুৰেকৰ পৰিয়ালৰ হাতত নিৰ্যাতিত বোৱাৰী, ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.