ETV Bharat / bharat

Pratapgarh incident : শহুৰেকৰ পৰিয়ালৰ হাতত নিৰ্যাতিত বোৱাৰী, ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 12:01 PM IST

Updated : Sep 2, 2023, 12:43 PM IST

Pratapgarh incident
শহুৰেকৰ পৰিয়ালৰ হাতত নিৰ্যাতিত বোৱাৰী

ৰাজস্থানৰ প্ৰতাপগড়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্ত কৰাৰ লগতে উলংগ কৰিলে স্বামী আৰু তেওঁৰ পৰিয়ালে । মুখ্যমন্ত্ৰী অশোক গেহলটে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিছে ।

নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : স্বামী পৰিয়ালৰ হাতত পুনৰ নিৰ্যাতিত হ'ল এগৰাকী মহিলা । পাৰিবাৰিক বিবাদৰ বাবে স্বামী আৰু পৰিয়ালৰ লোকে উলংগ কৰিলে মহিলাগৰাকীক । সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ৰাজস্থানত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীয়েও ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে ।

দেশৰ বিভিন্ন প্ৰান্তত গাৰ্হস্থ্য হিংসাৰ ঘটনা অব্যাহত আছে । যৌতুক আৰু আন দাবীৰে মহিলাসকলৰ ওপৰত স্বামীৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে । এইবাৰ ৰাজস্থানৰ প্ৰতাপগড়ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । এগৰাকী মহিলাক স্বামী আৰু তেওঁৰ পৰিয়ালে আক্ৰমণ কৰাৰ লগতে উলংগ কৰিছে ।

ঘটনাটো প্ৰতাপগড় জিলাৰ ধাৰিয়াৱাদ আৰক্ষী থানাৰ অন্তৰ্গত পাহাদা গাঁও পঞ্চায়তৰ নিচালাকোটা গাঁৱত সংঘটিত হৈছে । ভুক্তভোগী মহিলাগৰাকী আৰু অভিযুক্তসকল জনজাতীয় সম্প্ৰদায়ৰ । ভুক্তভোগীৰ প্ৰাক্তন শহুৰেককে ধৰি পৰিয়ালৰ আন সদস্যসকলো এই ঘটনাৰ অভিযুক্ত । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী অধীক্ষক অমিত কুমাৰে কোৱা মতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । একে সময়তে ঘটনাটোৰ সৈতে জড়িত ৮ জনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ইয়াৰে ৭ জনক আটক কৰিছে ।

ইয়াৰ মাজতে সমগ্ৰ ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । মুখ্যমন্ত্ৰী অশোক গেহলটেও এক্সৰ জৰিয়তে সমগ্ৰ ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰে । ঘটনাটোত কঠোৰ ব্যৱস্থা ল'বলৈ তেওঁ শীৰ্ষ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সভ্য সমাজত এনে অপৰাধীৰ কোনো স্থান নাই । তেওঁৰ মতে এই অপৰাধীসকলক যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতত মোকৰ্দমা কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে ।

আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰৰ মতে ৰাজ্য চৰকাৰে প্ৰতাপগড়ৰ ঘটনাক অতি গুৰুত্ব সহকাৰে লৈছে । ঘটনাটোক লৈ স্থানীয় বিধায়ক নাগৰাজ মীনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই ঘটনা নিন্দাৰ যোগ্য । আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে ।

বিৰোধী দলৰ উপনেতা সতীশ পুনিয়াইও প্ৰতাপগড়ৰ ঘটনা সন্দৰ্ভত এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী অশোক গেহলটক আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ কৰে । ৰাজ্য চৰকাৰক অপৰাধীসকলক কঠোৰ শাস্তি দিবলৈও তেওঁ অনুৰোধ জনায় ।

লগতে পঢ়ক :Two child killed by mother : পাৰিবাৰিক কন্দলৰ ফলতে মাতৃয়ে দুই সন্তানক হত্যা কৰাৰ সন্দেহ

Last Updated :Sep 2, 2023, 12:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.