ETV Bharat / bharat

Human Monkey conflict : বান্দৰৰ উপদ্ৰৱৰ বাবেই পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰিলে কৃষকে

author img

By

Published : Feb 21, 2022, 7:49 PM IST

Human Monkey conflict in Tripura causing change in farmers practices of crop
বান্দৰৰ উপদ্ৰৱৰ বাবেই পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰিলে কৃষকে

সলনি হৈছে বান্দৰ আৰু মানুহৰ সংঘৰ্ষৰ পৰিৱেশ (Human Monkey conflict) । বান্দৰৰ উপদ্ৰৱৰ বাবেই পূৰ্বতে কৰা খেতি সলনি কৰি এতিয়া অন্য শস্য উৎপাদন কৰিবলৈ লৈছে এক বৃহৎ অঞ্চলৰ কৃষকে ৷

আগৰতলা, ১৩ ফেব্ৰুৱাৰী: ব্যাপক বনধ্বংস (Massive deforestation in Tripura) আৰু ৰবৰখেতি বৃদ্ধিৰ ফলতত্ৰিপুৰাৰ চেপাহিজালা জিলাত বান্দৰ আৰু মানুহৰ সংঘৰ্ষৰ পৰিৱেশ সলনি হৈছে (Human Monkey conflict) । উল্লেখ্য যে, ২০২১ জানুৱাৰীৰ পৰা এপ্ৰিললৈ চেপাহিজালা জিলাৰ ৬ খন গাঁৱত এক জৰীপ চলোৱা হৈছিল ৷ এই ছয়খন গাঁৱৰ বেছিভাগ লোকেই আছিল মধ্যবৃত্ত ।

জৰীপটোত গুৰু সংখ্যক উত্তৰদাতাই দাবী কৰিছিল যে, অঞ্চলটোৰ ভিন্ন প্ৰকাৰৰ বান্দৰৰ দলে শস্য, ঘৰুৱা সামগ্ৰী আৰু ফল-মূল এফালৰ গ্ৰাস কৰি আহিছে । বান্দৰৰ এই উপদ্ৰৱ সমগ্ৰ অঞ্চলটোত গোটেই বছৰটো চলে ৷ অধ্যয়নটো মুখ্যত চেপাহিজালা বন্যপ্ৰাণী অভয়াৰণ্য , অচাবাৰী আৰু কাথালিয়া বনাঞ্চলৰ ওচৰত কৰা হৈছিল ।

মন কৰিব লগীয়া যে, চেপাহিজালা জিলাত সৰহ সংখ্যক লোকে ৰবৰ খেতি কৰে (Rubber plantation in Tripura) ইয়াৰ ফলত থলুৱা জনজাতীয় সম্প্ৰদায়ৰ লোক সকল অৰ্থনৈতিকভাৱে শক্তিশালী হৈ উঠিছে ৷

বেছিভাগ কৃষকে বান্দৰৰ দলৰ পৰা অহা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতে এতিয়া তেওঁলোকৰ শস্য উৎপাদনৰ পৰম্পৰাগত অভ্যাস সলনি কৰা দেখা গৈছে (farmers changing their practices of crop) ৷ অধ্যয়নটোৰ সময়ত দেখা গৈছিল যে জৰীপৰ অংশ হোৱা প্ৰতিগৰাকী লোকে বান্দৰৰ উপদ্ৰৱৰ বাবেই পূৰ্বতে কৰা খেতি সলনি কৰি এতিয়া অন্য শস্য উৎপাদন কৰিবলৈ লৈছে ৷

লগতে পঢ়ক : Tripura Tea Development Corporation: চাহ উৎপাদনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.