ETV Bharat / bharat

Cyclone Biparjoy: বিপৰ্যয় প্ৰভাৱিত অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

author img

By

Published : Jun 17, 2023, 10:39 PM IST

Cyclone Biparjoy
Cyclone Biparjoy

গুজৰাটৰ বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ স্থানান্তৰ কৰাৰ পাচত চিকিৎসাধীন হৈ থকা গৰ্ভৱৰ্তী মহিলাসকলৰ লগতে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় অমিত শ্বাহ ৷

নেশ্যনেল ডেস্ক, 17 জুন: আৰৱ সাগৰৰ পৰা উৎপত্তি হোৱা ঘূৰ্ণীবতাহ বিপৰ্যয়ক লৈ গুজৰাটত জাৰি কৰা হৈছে তীব্ৰ সতৰ্কতা ৷ সাম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ আছে প্ৰশাসন ৷ গুজৰাট উপকূলীয় অঞ্চলৰ পৰিস্থিতি বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছেহি গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শনিবাৰে গৃহমন্ত্ৰীগৰাকীয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱিত কচ্ছৰ মাণ্ডৱী আৰু আব্দাছাৰ অঞ্চল পৰিদৰ্শন কৰে ৷

Cyclone Biparjoy
NDRFৰ জোৱানৰ সৈতে বাৰ্তালাপ অমিত শ্বাহৰ

পৰিদৰ্শনৰ সময়ছোৱাত NDRFৰ জোৱানসকলক সাক্ষাৎ কৰি নিজৰ জীৱনকো বিপদাপন্ন কৰি যিকোনো পৰিস্থিতিত দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে সষ্টম হৈ থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী পেটেলে হেলিকপ্টাৰেৰে ‘বিপৰ্যয়’ৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হৈ থকা গৰ্ভৱতী মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয় ৷ লগতে ঘূৰ্ণীবতাহৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয় গৃমন্ত্ৰীগৰাকী ৷

প্ৰশাসনে জনোৱা মতে এতিয়ালৈ গুজৰাটত ঘূৰ্ণীবতাহৰ ফলত কমেও ২৩ জন লোক আহত হৈছে । ৰাজ্যখনৰ কেইবাটাও ঘৰৰ ক্ষতি হৈছে । আনহাতে ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ উভালি পৰিছে । বিদ্যুতৰ যোগান পুনৰুদ্ধাৰৰ বাবে ইতিমধ্যে বিভিন্ন দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিভিন্ন শিবিৰলৈ হাজাৰ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে । ইফালে গুজৰাট চৰকাৰে জনোৱা মতে স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৩ দিনৰ সময়ৰ প্ৰয়োজন হ'ব ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে জিলা প্ৰশাসনক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈও নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Modi surname case: মোদী উপাধি গোচৰত 4 জুলাইত ৰাঁচী আদালতত উপস্থিত থাকিব লাগিব ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.