ETV Bharat / bharat

Modi surname case: মোদী উপাধি গোচৰত 4 জুলাইত ৰাঁচী আদালতত উপস্থিত থাকিব লাগিব ৰাহুল গান্ধী

author img

By

Published : Jun 17, 2023, 9:26 PM IST

মোদী উপাধি গোচৰক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে দেশৰ কেইবাখনো ৰাজ্যৰ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া ৷ এইবাৰ ৰাঁচীৰ আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী ৷

Modi surname case
Modi surname case

নেশ্যনেল ডেস্ক, 17 জুন: বিগত লোকসভা নিৰ্বাচনৰ সময়ত এক জনসভাত মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ এই সন্দৰ্ভত কেইবাখনো আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি আছে গোচৰ ৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাঁচী আদালততো দাখিল কৰা হৈছে অভিযোগ ৷

শুকুৰবাৰে সেই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ অনামিকা কিস্কোৰ আদালতে ৷ শুনানিৰ সময়ত ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত 15 দিনৰ অতিৰিক্ত সময় বিচাৰিছিল ৷ আদালতে ৰাহুল গান্ধীৰ অধিবক্তাক 15 দিনৰ সময় মঞ্জুৰ কৰে যদিও ব্যক্তিগত উপস্থিতিৰ পৰা অব্যাহতি বিচাৰি দাখিল কৰা আৱেদন খাৰিজ কৰে ৷ যাৰ বাবে এতিয়া 4 জুলাইত ৰাঁচীৰ অসামৰিক আদালতত সশৰীৰে হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী ৷

উল্লেখ্য যে ৰাঁচী আদালতত অধিবক্তা প্ৰদীপ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ ৷ সম্প্ৰতি এই অভিযোগৰ নিৰন্তৰ শুনানি অব্যাহত আছে ৷ উল্লেখ্য যে ইতিমধ্যেই মোদী উপাধি অৱমাননা গোচৰত গুজৰাটৰ চূৰাট আদালতত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাইছে ৰাহুল গান্ধীয়ে ৷ আনহাতে 4 জুলাইত আদালতত হাজিৰ হোৱাৰ পাচতহে ৰাহুল গান্ধীৰ বিৰুদ্ধে কি ৰায় প্ৰদান কৰা হয় সেয়া লক্ষণীয় হ’ব ৷

উল্লেখ্য যে ৰাহুল গান্ধীক ইতিমধ্যেই দুবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে গুজৰাটৰ চূৰাট আদালতে ৷ আদালতৰ এই ৰায়ৰ পাচতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ আনহাতে চৰকাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰোশমূলক স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে ৷

স্মৰ্তব্য যে 2019 চনত কৰ্ণাটকত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে নীৰৱ মোদী, ললিত মোদী আদিৰ নাম লৈ চোৰৰ উপাধি কিয় মোদী হয় বুলি প্ৰশ্ন কৰিছিল ৷

লগতে পঢ়ক: Manipur violence:মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মোদীৰ মৌনতাক লৈ প্ৰশ্ন মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.