ETV Bharat / bharat

ধাৰাসাৰ বৃষ্টিপাতত স্তব্ধ দিল্লীৰ জনজীৱন, বিমান পৰিসেৱাত প্ৰভাৱ

author img

By

Published : May 23, 2022, 1:40 PM IST

Heavy rain thunderstorm hit Delhi
ধাৰাসাৰ বৃষ্টিপাতত স্তব্ধ দিল্লীৰ জনজীৱন

ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত(Heavy rain in Delhi) ৷ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰতো এই বৃষ্টিপাতৰ প্ৰভাৱ(Flight operations affected in Delhi) পৰা দেখা গৈছে ৷ যাত্ৰীসকলক বিমানৰ পৰৱৰ্তী উৰণ সন্দৰ্ভত তথ্য আহৰণৰ বাবে সংশ্লিষ্ট বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ টুইটযোগে বিমানবন্দৰ কৰ্তৃপক্ষই অনুৰোধ জনাইছে ।

নেশ্যনেল ডেস্ক, 23 মে’ : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজধানী দিল্লীৰ জনজীৱন(Heavy rain in Delhi) ৷ বৰষুণৰ সমান্তৰালকৈ অহা বজ্ৰপাতেও প্ৰভাৱ পেলাইছে স্বাভাৱিক জীৱনযাত্ৰাত ৷ প্ৰতিকূল বতৰৰ এই প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দিল্লীৰ বিমান পৰিসেৱাত ৷

সোমবাৰে পুৱাৰ ভাগত ৰাজধানীখনৰ কেইবাটাও অঞ্চলৰ লগতে এনচিআৰ এলেকাত ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ বজ্ৰপাতৰ ঘটনা সংঘটিত হয় ৷ ৰাজধানী চহৰখনত থকা ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰতো এই বৃষ্টিপাতৰ প্ৰভাৱ(Flight operations affected in Delhi) পৰা দেখা গৈছে ৷ যাত্ৰীসকলক বিমানৰ পৰৱৰ্তী উৰণ সন্দৰ্ভত তথ্য আহৰণৰ বাবে সংশ্লিষ্ট বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ টুইটযোগে বিমানবন্দৰ কৰ্তৃপক্ষই অনুৰোধ জনাইছে ।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী(IMD on Delhi weather) দিয়া অনুসৰি, পৰৱৰ্তী দুঘণ্টাত সমগ্ৰ দিল্লী আৰু এনচিআৰৰ সমীপৰ অঞ্চলসমূহত ৬০-৯০ কিল’মিটাৰ/ঘণ্টা বেগত মধ্যমীয়া বৰষুণ আৰু ধুমুহা-বতাহৰ সৈতে বজ্ৰপাতৰ সম্ভাৱনা আছে ৷ তীব্ৰ বতাহ আৰু ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ একাংশ এলেকাত গছ-গছনিসমূহ পথৰ মাজতে বাগৰি পৰাত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰে ৷ বিভাগে বতৰৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সোমবাৰৰ দিনটোত ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

লগতে চাওক: ত্ৰিপুৰাত বিমানৰ সংখ্যা বৃদ্ধিৰ আশ্বাস কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.