ETV Bharat / bharat

এবছৰলৈ বিক্ৰী নিষিদ্ধ পান মছলা-গুটখাৰ

author img

By

Published : Sep 28, 2021, 12:57 PM IST

গুটখা, পাণ মচলাৰ ব্যৱসায়ৰে জড়িতসকলৰ বাবে বেয়া খবৰ । ২০২২ ৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ'ব গুটখা, পাণ মচলাৰ বিক্ৰী আৰু প্ৰস্তুতকৰণ । ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে ।

Haryana extends ban on sale, manufacture of gutkha
২০২২ৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ'ব গুটখা

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : গুটখা, পাণ মচলা কিনা-বেচা কৰিলেই আইনৰ ৰোষত পৰিব যিকোনো লোক । গুটখা, পাণ মচলা প্ৰস্তুত কৰাতো বাধা আৰোপ কৰা হৈছে । সোমবাৰে ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত এখন জাননী জাৰি কৰি নিৰ্দেশ দিয়ে যে, ২০২২ ৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ'ব গুটখা, পাণ মচলা কিনা-বেচাৰ লগতে প্ৰস্তুতকৰণ । ইতিমধ্যে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, খাদ্য পৰিদৰ্শক আৰু আন বিষয়াসকললৈ নতুন নিৰ্দেশ জাৰি কৰা হৈছে ।

চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছে । কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কোনো লোকে যাতে গুটখা, পাণ মচলা খাই য'তে-ত'তে থু নেপেলায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে ।

অৱশ্যে এই সিদ্ধান্ত অসম চৰকাৰে লোৱা নাই । মহামাৰীৰ সংক্ৰমণ বৰ্তমানেও দেশৰ বিভিন্ন ৰাজ্যত অব্যাহত আছে যদিও গুটখা, পাণ মচলাৰ কিনা-বেচাৰ ক্ষেত্ৰত কেৱল হাৰিয়ানা চৰকাৰেহে নিষেধাজ্ঞা জাৰি কৰিছে । এই নিষেধাজ্ঞা হাৰিয়ানা চৰকাৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ সময়ৰে পৰা জাৰি কৰিছিল ।

এতিয়া এই নিষেধাজ্ঞাৰ সময়সীমা এবছৰৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে । ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনৰ জাননীত উল্লেখ থকা মতে, যোৱা ৭ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈ এই নিৰ্দেশনা বাহাল থাকিব । অহা বছৰৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত হাৰিয়ানাত গুটখা, পাণ মচলাৰ ক্ৰয়-বিক্ৰয় কাৰ্য অবৈধ বুলি গণ্য কৰা হ'ব ।

লগতে পঢ়ক: ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.