ETV Bharat / bharat

Jalebi Baba: 120 গৰাকী মহিলাক ধৰ্ষণ কৰা জেলেবী বাবাৰ শাস্তি ঘোষণা হ’ব সোমবাৰে

author img

By

Published : Jan 8, 2023, 12:28 PM IST

Haryana court to announce quantum of punishment for Jalebi Baba on Monday
জেলেবী বাবাৰ শাস্তি ঘোষণা হ’ব সোমবাৰে

হাৰিয়ানাৰ ফাতেহাবাদৰ জেলেবী বাবাৰ বিৰুদ্ধে 2018 চনৰ 19 জুলাইত ৰুজু হৈছিল 120 গৰাকী মহিলাক ধৰ্ষণ কৰাৰ গোচৰ ৷ সোমবাৰে ফাতেহাবাদৰ আদালতে ঘোষণা কৰিব জেলেবী বাবাৰ শাস্তি (Jalebi Baba’s Punishment) ।

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: সোমবাৰে হাৰিয়ানাৰ ফাতেহাবাদৰ আদালতে ঘোষণা কৰিব অমৰপুৰী ওৰফে জেলেবী বাবাৰ শাস্তিৰ পৰিমাণ । প্ৰথমে শনিবাৰে কোৱাণ্টামৰ শাস্তিৰ ঘোষণা হোৱাৰ কথা আছিল যদিও গোচৰটোৰ যুক্তি এতিয়াও সম্পূৰ্ণ নোহোৱাত সোমবাৰলৈ পিছুৱাই দিয়া হৈছে ।সম্প্ৰতি এতিয়া দেশজুৰি চৰ্চিত অমৰপুৰী ওৰফে জেলেবী বাবা ৷ কিন্তু কিয় চৰ্চিত জেলেবী বাবাৰ নাম ? সেয়া কম এই প্ৰতিবেদনত ৷

এই অমৰপুৰী ওৰফে জেলেবী বাবাই কোনো ভাল কাম কৰি চৰ্চা লাভ কৰা নাই ৷ বৰঞ্চ এক জঘন্য দুষ্কৰ্ম কৰিহে দেশজুৰি চৰ্চালৈ আহিছে জেলেবী বাবা (Amaepuri alias Jalebi Baba) ৷ জেলেবী বাবাৰ কৰ্ম-কাণ্ডৰ কথা শুনিলে চকু কপালত উঠিব আপোনাৰ ৷ জেলেবী বাবাৰ বিৰুদ্ধে এটা দুটা নহয়, 120 গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Jelebi Baba raped 120 women) ৷ কেৱল ইমানেই নহয় তেওঁৰ আশ্ৰমৰ পৰা আৰক্ষীয়ে 30 খনতকৈও অধিক অশ্লীল চিডি জব্দ কৰিছে (Jalebi Baba’s crime)।

মহিলাক ধৰ্ষণ কৰি আৰু তাৰ অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইল কৰাৰো অভিযোগ উত্থাপন হৈছে জেলেবী বাবাৰ বিৰুদ্ধে । হাৰিয়ানাৰ ফতেহাবাদৰ (Fatehabad Crime) টোহানা চহৰত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে য’ত অভিযুক্ত জেলেবী বাবা ওৰফে বিলুৰাম ওৰফে অমৰপুৰীক এগৰাকী মহিলাৰ সৈতে অশ্লীল কামত লিপ্ত হোৱা দেখা যায় ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে টোহানা চহৰত জেলেবী বাবাৰ বিৰুদ্ধে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ ।

বৃহৎ পৰিসৰৰ জনসাধাৰণৰ ক্ষোভৰ পৰিপ্ৰেক্ষিতত টোহানা আৰক্ষীয়ে 2018 চনৰ 19 জুলাইত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ ৷ তেতিয়া টোহানা নগৰ আৰক্ষী থানা দায়িত্বত থকা প্ৰদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তক (Haryana Jalebi Baba rape case) ৷

জেলেবী বাবাৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰে 200 পৃষ্ঠাৰ অভিযোগনামা । ধৰ্মৰ আশ্ৰয় লৈ নাৰীক যৌন নিৰ্যাতন চলোৱা, তাৰ পিছত মহিলাক অশ্লীল ভিডিঅ’ৰে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে এই জেলেবী বাবাৰ বিৰুদ্ধে (Fatehabad court sentence postponed) ।

2018 চনৰ জুলাই মাহত জেলেবী বাবাক গ্ৰেপ্তাৰ কৰিছিল তেতিয়াৰ ফাতেহাবাদৰ ডি এছ পি তথা প্ৰাক্তন ক্ৰিকেটাৰ যোগিন্দৰ শৰ্মা ৷ আত্মঘোষিত ভগৱানলৈ পৰিণত হোৱাৰ পূৰ্বে অভিযুক্তই জেলেবী বিক্ৰী কৰিছিল ৷ তাৰ পিছৰ পৰাই জেলেবী বাবাৰ নাম পালে অমপুৰীয়ে (Quantum of punishment on Monday)।

লগতে পঢ়ক: Gang rape in Agra: আগ্ৰাৰ হোটেলত মহিলাক ১০ দিন ধৰি দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.