ETV Bharat / bharat

Gunfight breaks out at Jammu : জম্মুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ৩ সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 28, 2022, 10:15 AM IST

Updated : Dec 28, 2022, 11:13 AM IST

জম্মু জিলাৰ চিধৰা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই গুলীচালনাৰ ঘটনা (Gunfight breaks out at Sidhara)। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ । গুলীচালনাত ৩ সন্ত্ৰাসবাদী নিহত হয় ।

Gunfight breaks out at Jammu
জম্মুত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : ভাৰত পাকিস্তান সীমান্তৰ জম্মুত পুনৰ উত্তেজনাময় পৰিৱেশ (Tense situation in Jammu)। ধৰাবাহিকভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰ অব্যাহত ৰখাৰ মাজতে জম্মু জিলাৰ চিধৰা অঞ্চলত পুনৰ গুলীচালনা (Firing in Sidhara Jammu)। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই গুলীচালনাৰ মাজতে ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

জম্মু জ'নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) মুকেশ সিঙে জনোৱা মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰিয়ে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে অঞ্চলটোত এটা নিৰাপত্তা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰে (Security forces encounter in Jammu)। ইফালে সন্ত্ৰাসবাদীসকলক নিষ্ক্ৰিয় কৰিবলৈ অঞ্চলটোলৈ অধিক জোৱান ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে বুলিও আৰক্ষীয়ে জনাইছে । তেনে সময়তে উক্ত স্থানত এখন ট্ৰাকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰা হয় ।

লগে লগে ট্ৰাকখন নিৰাপত্তা বাহিনীয়ে অনুসৰণ কৰে । অৱশ্যে চিধৰাত ট্ৰাকখন ৰখাই যদিও চালকজনে পলায়ন কৰে । কিন্তু ট্ৰাকখনৰ ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীকেইটাই নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । অৱশ্যে তাৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীক লক্ষ্য কৰি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়েও এনকাউণ্টাৰ আৰম্ভ কৰে । এই গুলীচালনাৰ ঘটনাত ৩ টা সন্ত্ৰাসবাদী নিহত হয় (3 militants killed in Jammu)।

ইফালে মঙলবাৰেও উধমপুৰ জিলাত উদ্ধাৰ হৈছিল ১৫ কিলোগ্ৰাম ওজনৰ এটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি (IED) । IEDটো নিষ্ক্ৰিয় কৰাৰ পাছতে এই গুলীচালনা আৰম্ভ হৈছে (Explosive recovered at Udhampur)।

আনহাতে যোৱা সোমবাৰে বসন্তগড় অঞ্চলত নলাকাৰ আকৃতিৰ এটা IED, ৩০০-৪০০ গ্ৰাম আৰডিএক্স, ৭ টা ৭.৬২ MM কাৰ্টিজ আৰু ৫ টা ডিটোনেটৰ উদ্ধাৰ হৈছিল । লগে লগে ঠায়ে ঠায়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰা হয় । ইয়াৰোপৰি নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ এটা কোডযুক্ত শ্বীট আৰু এটা লেটাৰ পেডও উদ্ধাৰ কৰা হৈছে আৰু এজন সন্দেহজনক লোকক আটক কৰা হৈছে (Suspected militants arrested in Jammu)।

উল্লেখ্য যে জম্মু অঞ্চলটোত গুলীচালনাৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে । অঞ্চলটোত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপো বৃদ্ধি পাইছে (Militants activity in Jammu)। যাৰ বাবে নিৰাপত্তা বাহিনীয়ে প্ৰায়ে গোপন খবৰৰ ভিত্তিত এনকাউণ্টাৰ অব্যাহত ৰাখিছে । চলিত বছৰটোতে বহু কেইটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । য'ত বহু সন্ত্ৰাসবাদীও নিহত হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Militant cadre detained: কাছাৰত HPC উগ্ৰপন্থী গোটৰ শীৰ্ষ কেডাৰ আটক

Last Updated : Dec 28, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.