ETV Bharat / bharat

Gujarat poll results: গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা বিজেপিৰ

author img

By

Published : Dec 8, 2022, 6:59 AM IST

Updated : Dec 8, 2022, 5:18 PM IST

Gujarat general election results live update
Gujarat general election results live update

16:42 December 08

আকৌ বিজেপিৰ চৰকাৰ

বিজেপিয়ে গুজৰাটত বাকী বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে ৷ বিজেপিয়ে 156 খন আসনত জয়লাভ কৰিছে ৷ কংগ্ৰেছে 17 খন আসনত জয়লাভ কৰিছে ৷ আপে জয়লাভ কৰিছে 5 খন আসনত আৰু অন্যান্য দলৰ 4 জন প্ৰাৰ্থী জয়ী হৈছে গুজৰাটত ৷ অহা সপ্তাহত মুখ্যমন্ত্ৰী ৰূপে পুনৰ শপত ল’ব ভূপেন্দ্ৰ পেটেলে ৷

14:49 December 08

গুজৰাট বিধানসভা নিৰ্বাচনত বৰ্তমানলৈকে 131 খন আসন লাভ বিজেপিৰ ৷ কংগ্ৰেছে লাভ কৰিছে 7 খন আসন ৷ আপে 3 খন আসন লাভ কৰিছে ৷ অন্যান্যই লাভ কৰিছে 4 খন আসন ৷

অগ্ৰগতি:

বিজেপি- 26

কংগ্ৰেছ- 9

আপ- 2

14:07 December 08

বিজেপিয়ে বৰ্তমানলৈকে গুজৰাটত 124 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 32 খনত অগ্ৰগতি লাভ কৰিছে ৷ কংগ্ৰেছ দলে 6 খনত জয়লাভ কৰিছে আৰু 11 খন আসনত অগ্ৰগতি লৈ আছে ৷ আপে 3 খন আসনত জয়লাভ কৰিছে যদিও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী পৰাস্ত হৈছে ৷ অন্যান্যই 3 খন আসনত জয়লাভ কৰিছে ৷

13:46 December 08

গুজৰাটত বিজেপিৰ জয়যাত্ৰা

জয়ৰ ধাৰা অক্ষুন্ন ৰাখি গুজৰাট বিধানসভা নিৰ্বাচনত বৰ্তমানলৈকে 105 খন আসন নিজৰ দখললৈ আনিছে বিজেপিয়ে ৷ কংগ্ৰেছে মাত্ৰ 5 খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফেক্টৰ হ’ব পাৰে বুলি ধাৰণা কৰা আপে লাভ কৰিছে মাত্ৰ তিনিখন আসন ৷ অন্যান্যই লাভ কৰিছে 3 খন আসন ৷

13:38 December 08

101 খন আসন বিজেপিৰ দখলত

গুজৰাটত বৰ্তমানলৈকে 101 খন আসনত জয়লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে ৷ আনহাতে গেৰুৱা দলটো এতিয়াও 54 খন আসনত আগবাঢ়ি আছে ৷ কংগ্ৰেছে 5 খনত জয়লাভ কৰি 13 খনত অগ্ৰগতি লৈ আছে ৷ আপে 2 খনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে 3 খনত অন্যান্যই 2 খনত জয়লাভ কৰি 2 খনত অগ্ৰাধিকাৰ লাভ কৰিছে ৷

13:16 December 08

বিজেপিৰ 84 খনত জয়, 71 খনত অগ্ৰগতি

বৰ্তমানলৈকে ঘোষিত ফালফলত বিজেপিয়ে 84 খনত জয়লাভ কৰাৰ বিপৰীতে 71 খনত অগ্ৰগতি লাভ কৰিছে ৷ কংগ্ৰেছে 4 খনত জয়লাভ কৰাৰ বিপৰীতে, 15 খনত আগবাঢ়ি আছে ৷ আপে 2 খনত জয়লাভ কৰিছে আৰু 3 খনত আগবাঢ়ি আছে ৷ নিৰ্দলীয়ই 2খনত জয়লাভ কৰিছে আৰু 1 খনত অগ্ৰগতি লাভ কৰিছে ৷

13:09 December 08

গুজৰাটত বৰ্তমানলৈকে 71 খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ কংগ্ৰেছে জয়লাভ কৰিছে 4 খন আসনত ৷ আপে 2 খন আসনত জয়লাভ কৰাৰ বিপৰীতে অন্যান্যই 2 খন আসনত জয়লাভ কৰিছে ৷

অগ্ৰগতি-

বিজেপি- 85

কংগ্ৰেছ- 14

আপ- 3

অন্যান্য- 1

12:58 December 08

55 খন আসনত জয়লাভ বিজেপিৰ

গুজৰাটত বৰ্তমানলৈকে 55 খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ কংগ্ৰেছে জয় লাভ কৰিছে তিনিখন আসনত ৷ আনহাতে আপ আৰু অন্যান্যই 1 খনকৈ আসনত জয়লাভ কৰিছে ৷

অগ্ৰগতি-

বিজেপি- 103

কংগ্ৰেছ- 14

আপ- 4

অন্যান্য- 2

12:26 December 08

গুজৰাটত বৰ্তমানলৈকে 27 খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ আনহাতে 127 খন আসনত অগ্ৰগতি লাভ কৰিছে দলটোৱে ৷ ইফালে কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ বিপৰীতে 19 খন আসনত আগবাঢ়ি আছে ৷ আপে 5 খনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিৰ্দলীয়ই অগ্ৰগতি লাভ কৰিছে 3 খন আসনত ৷

12:07 December 08

গুজৰাটত 17 খন আসনত বিজেপিৰ জয়লাভ ৷ আন 137 খন আসনত আগবাঢ়ি আছে গেৰুৱা দলটো ৷ কংগ্ৰেছে 1 খন আসনত জয়লাভ কৰিছে আৰু 19 খনত আগবাঢ়ি আছে ৷ আপ আগবাঢ়ি আছে 5 খন আসনত ৷ আনহাতে, অন্যান্য আগবাঢ়ি আছে 3 খন আসনত ৷

11:31 December 08

গুজৰাটত বিজয় অভিযান আৰম্ভ বিজেপিৰ

বৰ্তমানলৈকে বিজেপিয়ে গুজৰাটত 13 খন আসনত জয়লাভ কৰিছে ৷ কংগ্ৰেছে জয়লাভ কৰিছে 1 খন আসনত ৷ বৰ্তমান বিজেপি 142 খন আসনত আগবাঢ়ি আছে ৷ কংগ্ৰেছ আগবাঢ়ি আছে 15 খন আসনত ৷ আপ আগবাঢ়ি আছে 8 খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে 3 খন আসনত ৷

11:21 December 08

গুজৰাটত 11 গৰাকী বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ কংগ্ৰেছৰো এগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে গুজৰাটত ৷ ঘাটলোডিয়াৰ পৰা মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ জয় ৷

11:11 December 08

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে নিজৰ সমষ্টি ঘাটলোডিয়াত মুঠ ২৩,৭১৩ টা ভোটত আগবাঢ়ি আছে । খাম্ভলীয়া সমষ্টিৰ পৰা মুঠ ১৮,৯৯৮ টা ভোটত আগবাঢ়ি আছে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদন গাধৱী ৷ ঝাগদিয়া সমষ্টিত পিছ পৰি আছে ভাৰতীয় জনজাতি পাৰ্টিৰ নেতা ছ’তু ভাছাভা । এই আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰিতেশ বাছাভাই ।

11:04 December 08

বৰ্তমানলৈকে গুজৰাটত বিজেপিৰ 152 খন আসনত অগ্ৰগতি ৷ কংগ্ৰেছ আগুৱাই আছে 18 খন আসনত ৷ আপে 8 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে, অন্যান্য আগুৱাই আছে 4 খন আসনত ৷

10:31 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ তথ্য

আহমেদাবাদত বিজেপি 20 খন আসনত অগ্ৰগতি, কংগ্ৰেছ 1 খন আসনত অগ্ৰগতি

আমৰেলিত বিজেপি- 4, কংগ্ৰেছ- 1

আনন্দ বিজেপি- 4, কংগ্ৰেছ- 3

আৰাৱলীত বিজেপি- 1, আপ- 1, অন্যান্য- 1

বনস্কণ্ঠত বিজেপি- 7, কংগ্ৰেছ- 1, অন্যান্য- 1

দাহোদত বিজেপি- 6

দেৱভূমি দ্বাৰকাত বিজেপি- 1, আপ- 1

ছুৰাটত বিজেপি- 14, কংগ্ৰেছ- 1, আপ- 1

10:21 December 08

Gujarat general election results live update
গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ তথ্য

বৰ্তমানলৈকে গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ তথ্য

10:06 December 08

গুজৰাটত বৰ্তমানলৈকে 151 খন আসনত আগবাঢ়ি আছে বিজেপি ৷ কংগ্ৰেছ আগবাঢ়ি আছে 21 খন আসনত ৷ আপ আগবাঢ়ি আছে 6খন আসনত আৰু অন্যান্য 4 খন আসনত আগবাঢ়ি আছে ৷

09:34 December 08

গুজৰাটত বৰ্তমানলৈকে অগ্ৰগতি-

বিজেপি 140
কংগ্ৰেছ 26
আপ 11
অন্যান্য 5

09:27 December 08

গুজৰাটত বৰ্তমানলৈ আগ্ৰগতি

বিজেপি- 136

কংগ্ৰেছ- 29

আপ- 12

অন্যান্য- 5

09:16 December 08

আপ ১১.৯৪%

AIMIM ০.০০%

বিজেপি ৫৩.৯৯%

বি এছ পি ০.২৮%

কংগ্ৰেছ ৩০.০৬%

বিজেপিৰ অগ্ৰগতি 127 খন আসনত

কংগ্ৰেছ 37 খন আসনত

আপ 13 খন আসনত

অন্যান্য 4

09:00 December 08

115 খন আসনত গুজৰাটত বিজেপিৰ অগ্ৰগতি ৷ কংগ্ৰেছ আগবাঢ়ি আছে 45 খন আসনত ৷ আম আদমী পাৰ্টী 10 খন আসনত আৰু অন্যান্য 4 খন আসনত আগবাঢ়ি আছে ৷

08:54 December 08

গুজৰাটৰ ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত বিৰামগামৰ আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা হাৰ্দিক পেটেল পিছ পৰি আছে । আলপেশ ঠাকুৰো পিচ পৰি আছে। বৰ্তমান 99 খন আসনত আগবাঢ়ি আছে বিজেপি । আনহাতে 45 খন আসনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টি 11 খন আসনত আগবাঢ়ি আছে । অন্যান্য আগবাঢ়ি আছে 4 খন আসনত ৷

08:47 December 08

গুজৰাটত বিজেপিৰ 82 খন আসনত অগ্ৰগতি ৷ কংগ্ৰেছৰ অগ্ৰগতি 41 খন আসনত ৷ আপ আগবাঢ়ি আছে 6 খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে 2 খন আসনত ৷

08:41 December 08

গুজৰাটত বিজেপিৰ 73 খন আসনত অগ্ৰগতি ৷ কংগ্ৰেছ আগবাঢ়ি আছে 28 খন আসনত ৷ আপে অগ্ৰগতি লাভ কৰিছে 5 খন আসনত আৰু অন্যান্যই 2 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

08:37 December 08

গুজৰাটত বিজেপি 65 খন আসনত আগবাঢ়ি আছে ৷ কংগ্ৰেছ আগবাঢ়ি আছে 21 খন আসনত ৷ আপৰ 3 খন আসনত অগ্ৰগতি আৰু অন্যান্যৰ 2 খন আসনত অগ্ৰগতি ৷

08:32 December 08

গুজৰাটত বিজেপিৰ 57 খন আসনত অগ্ৰগতি ৷ কংগ্ৰেছ 17 খনত, আপ 2 খনত আৰু অন্যান্য 2 খন আসনত আগবাঢ়ি আছে ৷

08:27 December 08

গুজৰাটত বিজেপিৰ 46 খন আসনত, কংগ্ৰেছৰ 11 খন আসনত, আপৰ 2 খন আসনত আৰু অন্যান্যৰ 2 খন আসনত অগ্ৰগতি ৷

08:22 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা

বৰ্তমানলৈকে গুজৰাটত বিজেপি 34 খন আসনত আগবাঢ়ি আছে ৷ কংগ্ৰেছ আগবাঢ়ি আছে 7 খন আসনত ৷ আম আদমী পাৰ্টী 2 খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে 1 খন আসনত ৷

08:16 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা

গুজৰাটত বৰ্তমানলৈকে বিজেপি 28 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে 6 আসনত ৷

08:12 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা

গুজৰাটত বিজেপি 14 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে 4 খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ ৷

08:02 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ

পুৱা 8 বজাৰ লগে লগেই আৰম্ভ হ’ল গুজৰাট বিধাসভা নিৰ্বাচনৰ ভোট গণনা ৷ বৰ্তমানলৈকে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছ উভয়ে এখনকৈ আসনত আগবাঢ়ি আছে ৷

06:14 December 08

গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনা ৷ মুঠ 182 টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব 1621 গৰাকী প্ৰাৰ্থীৰ ৷

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ 182 টা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব মুঠ 1621 গৰাকী প্ৰাৰ্থীৰ ৷ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল গুজৰাট বিধানসভা নিৰ্বাচন ৷

1 ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 89 খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত 39 টা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে আছিল 339 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৷ 788 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে 70 গৰাকী মহিলা আৰু 718 গৰাকী পুৰুষ প্ৰাৰ্থী ৷

5 ডিচেম্বৰত অনুষ্ঠিত হয় গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ এই নিৰ্বাচত মুঠ 93 টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰে 833 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে 60 টা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে আছে 285 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৷ দ্বিতীয় পৰ্যায়ত 69 গৰাকী মহিলা প্ৰাৰ্থী আৰু 764 গৰাকী পুৰুষ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷

নিৰ্বাচন আয়োগৰ তথ্য মতে, 29 টা ৰাজনৈতিক দলে দুয়োটা পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ আনহাতে 10 টা দলে কেৱল প্ৰথম পৰ্যায়ত আৰু 31 টা দলে দ্বিতীয় পৰ্যায়তহে প্ৰক্ষেপ কৰিছে প্ৰাৰ্থী ৷

শাসকীয় বিজেপি দলে 182 টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে 181 খন আসনত ৷ ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে 179 টা সমষ্টিত ৷ তাৰোপৰি বহুজন সমাজ পাৰ্টীয়ে 101 টা, AIMIM এ 13 টা, ভাৰতীয় জনজাতি পাৰ্টীয়ে 26 টা আৰু সমাজৱাদী পাৰ্টীয়ে 17 টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷

Last Updated : Dec 8, 2022, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.