ETV Bharat / bharat

Discrepancy in ration shop stores : ত্ৰিপুৰাত দুখনকৈ সুলভ মূল্যৰ দোকানত লাগিল তলা

author img

By

Published : Apr 26, 2022, 11:30 AM IST

Discrepancy in ration shop stores
ত্ৰিপুৰাত দুখনকৈ সুলভ মূল্যৰ দোকানত লাগিল তলা

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ত্ৰিপুৰা চৰকাৰ । খাদ্য ভাণ্ডাৰত বিসংগতি দেখাৰ লগে লগে ৰাজ্যখনৰ দুখনকৈ সুলভ মূল্যৰ দোকানত তলা লগালে যোগান বিভাগে (Government sealed two ration shops in Tripura)। মুখ্যমন্ত্ৰীয়ে ধৰা পেলালে দোকানৰ স্বত্বাধিকাৰীৰ দুৰ্নীতি ।

আগৰতলা, ২৬ এপ্ৰিল : ত্ৰিপুৰাৰ একাংশ সুলভ মূল্যৰ দোকানত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি (Corruption in some ration shops in Tripura)। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ এক অভিযানত পোহৰলৈ আহিল এই তথ্য । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লগে লগে খাদ্য আৰু যোগান বিভাগে তলা লগালে দুৰ্নীতি সংঘটিত কৰা সুলভ মূল্যৰ দোকানত ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰতলাৰ লাল বাহাদুৰ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । একে সময়তে আকস্মিকভাৱে উক্ত অঞ্চলৰ ৮২ নং সুলভ মূল্যৰ দোকানখন যোগান বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰে যে, সেই সময়ত দোকানখনত মজুত আছিল ৩৬০০ কিল’গ্ৰাম চাউল ৷

ৰেচন দোকানৰ পঞ্জীয়কৰ মতে, ১৪৮০ কিল’গ্ৰাম চাউলহে দোকানখনত থাকিব লাগিছিল । অৰ্থাৎ প্ৰায় ২১২০ কিল’গ্ৰাম অতিৰিক্ত চাউল সুলভ মূল্যৰ দোকানখনত মজুত কৰি ৰখা হৈছিল । খাদ্য ভাণ্ডাৰৰ এনে বিসংগতি দেখাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে দোকানখনৰ গৰাকী চাইকত ভৌমিকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে (Tripura CM orders closure of corrupt ration shops)। লগে লগে যোগান বিভাগে বন্ধ কৰি দিয়ে দোকানখন (Government sealed ration shops in Tripura)।

আনহাতে, ৰাইজৰ অভিযোগৰ পাছত খাদ্য আৰু যোগান বিভাগৰ বিষয়াসকলে আগৰতলা চহৰৰ সমীপৰ আমতালি অঞ্চলৰ ৩ নং ৰেচন দোকানতো অভিযান চলায় । অভিযানৰ সময়ত বিষয়াসকলে প্ৰত্যক্ষ কৰে যে দোকানখনত মাত্ৰ ৭৭ কিল’গ্ৰাম চাউলহে মজুত আছিল । ৰেচন দোকানৰ পঞ্জীয়কৰ মতে, দোকানখনত ৪,৯৪৭ কিল’গ্ৰাম চাউল মজুত থাকিব লাগিছিল ।

বিষয়াসকলে ৪৮৭০ কিল’গ্ৰাম চাউলৰ বিসংগতি ধৰা পেলাইছিল । একে সময়তে, বিষয়াসকলে ১৩৯ কিল’গ্ৰাম চেনী, ৭৩ কিল’গ্ৰাম মচুৰ দাইল আৰু ৬১৪ কিল’গ্ৰাম ময়দাৰ হিচাপত বিসংগতি প্ৰত্যক্ষ কৰে । দোকানখনৰ গৰাকী হৈছে ননী বণিক । খাদ্য আৰু যোগান বিভাগে তাৎক্ষণিকভাৱে ৰাজহুৱা অভিযোগৰ ভিত্তিত সেই ৰেচন দোকানখন বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক : ত্ৰিপুৰাত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত 250টা গাহৰিক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.