ETV Bharat / bharat

মহাৰাষ্ট্ৰত নৃশংসভাৱে হত্যা তিনিবছৰীয়া বাঘ

author img

By

Published : Nov 16, 2020, 8:24 PM IST

gondia-tiger-hunting
মহাৰাষ্ট্ৰত নৃশংস ভাৱে হত্যা তিনিবছৰীয়া বাঘক

মহাৰাষ্ট্ৰৰ লধিটোলা গাঁৱৰ এজন খেতিয়কে বন গাহৰিৰ পৰা খেতি ৰক্ষা কৰিবলৈ স্থাপন কৰা বৈদ্যুতিক ফান্দত আৱদ্ধ হয় এটা তিনি বছৰীয়া বাঘ ৷ তাৰপাছতে কোনো অচিনাক্ত লোকে বাঘটোক টুকুৰা-টুকুৰকৈ কাটি কাষৰে খেতিপথাৰত পেলাই দিয়ে ৷

নিউজ ডেস্ক, 16 নৱেম্বৰ: মহাৰাষ্ট্ৰৰ গণ্ডিয়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ গণ্ডিয়াৰ লধিটোলা গাঁৱত কোনো অচিনাক্ত লোকে এটা তিনি বছৰীয়া বাঘক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

gondia-tiger-hunting
মহাৰাষ্ট্ৰত নৃশংস ভাৱে হত্যা বাঘ

ঘটনাৰ বিৱৰণী অনুসৰি, লধিটোলা গাঁৱৰ এজন খেতিয়কে বন গাহৰিৰ পৰা খেতি ৰক্ষা কৰিবলৈ স্থাপন কৰা বৈদ্যুতিক ফান্দত আহি আৱদ্ধ হয় এটা তিনি বছৰীয়া বাঘ ৷ তাৰ পাছতে কোনো অচিনাক্ত লোকে বাঘটোক টুকুৰা-টুকুৰকৈ কাটি কাষৰে খেতিপথাৰত পেলাই দিয়ে ৷ এই সমগ্ৰ ঘটনা পোহৰলৈ আহে যেতিয়া স্থানীয় একাংশ খেতিয়কে বাঘটোৰ অংগবোৰ খেতিৰ মাজত প্ৰত্যক্ষ কৰে ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বাঘৰ অংগসমূহ উদ্ধাৰ কৰে ৷ কিন্তু এতিয়াও বাঘৰ মূৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ৷ বৰ্তমান ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে প্ৰাথমিক তদন্ত ৷

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.