ETV Bharat / bharat

ত্ৰিপুৰাৰ বিধায়ক মেৱৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ গোচৰ

author img

By

Published : Jun 29, 2022, 10:33 PM IST

girl-student-molested-in-tripura-bhavan-delhi
girl-student-molested-in-tripura-bhavan-delhi

ত্ৰিপুৰা ভৱনত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ ত্ৰিপুৰাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে বুধবাৰে তেওঁলৈ এখন জাননী প্ৰেৰণ কৰিছে আৰু যৌন নিৰ্যাতনৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Sexual harassment case against Mevar Kumar Jamatia)৷

নিউজ ডেস্ক, 29 জুন: ত্ৰিপুৰাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে নতুন দিল্লীৰ ত্ৰিপুৰা ভৱনত এগৰাকী মহিলাক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation of sexual harassment against Tripura MLA) ৷ আৰক্ষীয়ে বুধবাৰে তেওঁলৈ এখন জাননী প্ৰেৰণ কৰিছে আৰু যৌন নিৰ্যাতনৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Sexual harassment case against Mevar Kumar Jamatia)।

জানিব পৰা মতে, ঘটনাটো মঙলবাৰে সংঘটিত হৈছিল আৰু নিশা আৰক্ষীক ফোন কৰা হৈছিল । ত্ৰিপুৰা ভৱনত থকা এগৰাকী ছাত্ৰীয়ে অভিযোগ কৰিছিল যে, বিধায়কজনে তেওঁক উৎপীড়ন আৰু যৌন নিৰ্যাতন চলাইছিল (Girl student molested in Tripura Bhavan)। এই অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে জামাতিয়াক সোধা-পোছাৰ বাবে আটক কৰে আৰু পিছত তেওঁক মুকলি কৰি দিয়ে ।

নতুন দিল্লীৰ ডিচিপি অমৰুথা গুগুলথে কয় যে, ত্ৰিপুৰা ভৱনত উৎপীড়নৰ এটা অভিযোগ তেওঁলোকে লাভ কৰে । অভিযোগকাৰীয়ে নিশা প্ৰায় ২.৩৫ বজাত এটা ফোন কৰি এই অভিযোগ দাখিল কৰে । আৰক্ষীয়ে অভিযুক্তজনক চিআৰপিচিৰ ধাৰা 41এৰ অধীনত আৰক্ষী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ বাবে এখন জাননী জাৰী কৰে ।

মহিলাগৰাকীৰ শালীনতা হানি কৰাৰ উদ্দেশ্যৰে আক্ৰমণ কৰাৰ অভিযোগত আইপিচি ধাৰা 354 আৰু যৌন নিৰ্যাতনৰ অভিযোগত 354 এ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ।

ইফালে, ত্ৰিপুৰা ভৱনৰ এজন জ্যেষ্ঠ বিষয়াই ঘটনা সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰলৈ পত্ৰ লিখি তেওঁলোকক প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷ বিষয়া গৰাকীয়ে কয় যে, দিল্লী আৰক্ষীৰ এটা দলে কালি নিশা দুবাৰ ত্ৰিপুৰা ভৱন ভ্ৰমণ কৰিছিল আৰু অভিযোগকাৰীক লগ কৰিছিল । তেওঁলোকে বিধায়ক মেৱৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত বিবৃতি লিপিবদ্ধ কৰে । আৰক্ষীৰ দলটোৱে পুৱা পুনৰ ভ্ৰমণ কৰি অভিযোগকাৰী আৰু অভিযুক্ত মেৱৰ কুমাৰ জামাতিয়াক আৰক্ষী চকীলৈ লৈ যায় ।

লগতে পঢ়ক: দিল্লীত অৰুণাচলৰ ছাত্ৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.