ETV Bharat / bharat

History of Atiq Ahmed: ৰাজনীতিবিদৰ পৰা গেংষ্টাৰলৈকে আতিক আহমেদৰ জীৱন পৰিক্ৰমা

author img

By

Published : Apr 16, 2023, 11:20 AM IST

Atiq Ahmed Murder Case
Atiq Ahmed Murder Case

আতিক আহমেদক উত্তৰ প্ৰদেশত 'গেংষ্টাৰ আইন'ৰ অধীনত গোচৰ ৰুজু কৰা প্ৰথম ব্যক্তি বুলি কোৱা হয় (first person accused of UP Gangster Act Atiq Ahmed) । তেওঁ অভিলেখসংখ্যক একেৰাহে পাঁচবাৰৰ বাবে বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল । লগতে সাংসদ হিচাবেও কাৰ্যকাল সম্পন্ন কৰিছিল । অৱশেষত ১৫ এপ্ৰিলত আততায়ীৰ নৃশংস আক্ৰমণত মৃত্যুবৰণ কৰে ।

নিউজ ডেস্ক, ১৬ এপ্ৰিল: শনিবাৰে নিশা প্ৰয়াগৰাজ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে আততায়ীয়ে গুলীয়াই হত্যা কৰে গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদক (Gangster politician Atiq Ahmed shot dead) । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । আনহাতে, তেওঁৰ সৈতে ভাতৃ আশ্ৰফকো হত্যা কৰে । ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুয়োকে হেণ্ডকাফ পিন্ধোৱা অৱস্থাত আছিল আৰু সংবাদ মাধ্যমৰ লোকসকলৰ প্ৰশ্নৰ উত্তৰ দি গৈ থকা অৱস্থাত কেমেৰাত ধৰা পৰিছে ।

ৰাজনীতিত আতিক: স্থানীয় ডন তথা ব্যৱসায়ী আতিক আহমেদে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে এলাহাবাদ পশ্চিম সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় (Atiq Ahmed MLA from Allahabad West) । তেওঁ এই সমষ্টিৰ পৰা ৰেকৰ্ডসংখ্যক একেৰাহে পাঁচবাৰ বিধায়ক নিৰ্বাচিত হয় । ইয়াৰ পিচত ফুলপুৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এই আসনখন খালী কৰে ।

গেংষ্টাৰ আতিক: উল্লেখ্য, ২০১৩ চনৰ আইএএনএছৰ এক প্ৰতিবেদনত (2013 IANS report) আৰক্ষীৰ তথ্য উদ্ধৃত কৰি কোৱা হৈছে যে আতিক হৈছে উত্তৰ প্ৰদেশত 'গেংষ্টাৰ আইন'ৰ অধীনত গোচৰ ৰুজু কৰা প্ৰথমজন ব্যক্তি (UP Gangster Act accused Atiq Ahmed) ।প্ৰতিবেদন অনুসৰি, আহমেদৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ১৯৭৯ চনত হত্যাৰ অভিযোগ উত্থাপিত হৈছিল । আনহাতে, মৃত্যুৰ সময়লৈকে তেওঁৰ বিৰুদ্ধে 100-ৰো অধিক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল । আটাইতকৈ শেহতীয়াটো আছিল ফেব্ৰুৱাৰী, 2023-ত উমেশ পালৰ হত্যাকাণ্ডৰ সন্দৰ্ভত পঞ্জীয়ন কৰা গোচৰটো (Umesh Pal murder case accused Atiq Ahmed) । উমেশ পাল আছিল 2005 চনৰ ৰাজু পাল হত্যাকাণ্ডৰ সাক্ষী । ২৮ মাৰ্চত উত্তৰ প্ৰদেশৰ এখন আদালতে তেওঁক ২০০৭ চনৰ এটা গোচৰত আজীৱন কাৰাদণ্ড ৰায় দিছিল । উক্ত গোচৰত উমেশ পালে ৰাজু পাল হত্যাকাণ্ডৰ গোচৰত আদালতত তেওঁৰ বক্তব্য সলনি কৰিবলৈ তেওঁক অপহৰণ আৰু অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

গুণ্ডাৰ পৰা বিধায়ক/সাংসদ : আতিক আহমেদে ১৯৮৯ চনৰ বিধানসভা নিৰ্বাচনত এলাহাবাদ পশ্চিম সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । তেওঁ সমাজবাদী পাৰ্টীৰ টিকটত ১৯৯৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । তাৰ পিচত ২০০২ চনত তেওঁ আপনা দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি সমষ্টিটো নিজৰ দখলত ৰাখে । তেওঁ ১৯৯৯ চনৰ পৰা ২০০৩ চনলৈ আপনা দলৰ সভাপতি আছিল । এলাহাবাদ পশ্চিম সমষ্টি দীৰ্ঘদিন ধৰি তেওঁৰ পৰিয়ালৰ দুৰ্গ হৈ আছিল ।

2004 চনত আতিকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধানসভা আসনখন এৰি দিয়ে । সমাজবাদী পাৰ্টীৰ টিকটত তেওঁ ফুলপুৰৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হয় । উল্লেখ্য, এই ফুলপুৰ আসনখনৰ পৰায়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তিনিবাৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল । ইয়াৰ পিচত তেওঁ এই আসনখন খালী কৰাত ২০০৪ চনত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । এই উপ-নিৰ্বাচনত তেওঁৰ ভাতৃ খালিদ আজিম ওৰফে আশ্ৰফে বিএছপিৰ ৰাজু পালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । কিন্তু অপ্ৰত্যাশিতভাৱে আশ্ৰফ ৰাজ পালৰ হাতত পৰাস্ত হ'বলগা হয় ।

তাৰ কেইমাহমানৰ ভিতৰতে ৰাজু পালক হত্যা কৰা হয় । ২০০৫ চনৰ ২৫ জানুৱাৰীত এই হত্যাকাণ্ড সংঘটিত হয় আৰু ৰাজু পালৰ পত্নী পূজা পালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰটোত অন্যান্যসকলৰ লগতে আতিকক জড়িত কৰে । আনহাতে, ৰাজু পালৰ হত্যাকাণ্ডৰ বাবে পুনৰ অনুষ্ঠিত উপ-নিৰ্বাচনত আশ্ৰফে ৰাজুৰ পত্নী পূজা পালক পৰাস্ত কৰি এলাহাবাদ পশ্চিম আসনত জয়লাভ কৰে । ইয়াৰ মাজতে আতিকে যথেষ্ট ৰাজনৈতিক চাপৰ পিচত ২০০৮ চনত আত্মসমৰ্পণ কৰে আৰু পৰৱৰ্তী সময়ত একেটা বছৰতে তেওঁক সমাজবাদী পাৰ্টীৰ পৰা বহিষ্কাৰ কৰা হয় ।

ইফালে সমাজবাদী পাৰ্টীৰ পৰা বহিষ্কাৰ হোৱাৰ পিচত আতিক বিএছপিৰ ওচৰ চাপে । কিন্তু বিএছপি নেত্ৰী মায়াৱতীয়ে তেওঁক দলৰ টিকট দিবলৈ অস্বীকাৰ কৰি কয়, ‘‘(ৰাজু) পাল আমাৰ অতি প্ৰিয় । সেয়ে ২০০৯ চনত আইএএনএছৰ এক প্ৰতিবেদনৰ উদ্ধৃতি অনুসৰি তেওঁৰ হত্যাৰ অভিযোগত অভিযুক্ত আতিকক টিকট দিব নোৱাৰিব ।’’ অৱশ্যে আতিকক ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত কাৰাগাৰৰ পৰায়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া হৈছিল । কিয়নো তেওঁ তেতিয়ালৈকে কোনো গোচৰত দোষী সাব্যস্ত হোৱা নাছিল । তেওঁ ২০১২ চনত কাৰাগাৰৰ পৰা মুক্তিলাভ কৰে । ইয়াৰ পিচত ২০১৪ চনত আতিকে শ্ৰাৱস্তী সমষ্টিৰ পৰা এছপি প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে যদিও বিজেপিৰ দাদন মিশ্ৰৰ হাতত পৰাজিত হয় ।

ইফালে নিজৰ ৰাজনৈতিক দলটোৰ সৈতে তেওঁৰ সম্পৰ্ক তিক্ত হোৱাৰ লগে লগে তেওঁৰ পতনো আৰম্ভ হ'বলৈ আৰম্ভ কৰে । লগতে অখিলেশ যাদৱে তেওঁৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে । 2016 চনৰ 14 ডিচেম্বৰত আতিক আৰু তেওঁৰ গুণ্ডাসকলৰ বিৰুদ্ধে চেম হিগিনবটম কৃষি, প্ৰযুক্তি আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয় । তেওঁলোকে দুগৰাকী শিক্ষাৰ্থীক প্ৰৱঞ্চনা কৰা ধৰা পৰাৰ পিচত পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা দিছিল ।

আতিকক গ্ৰেপ্তাৰ: সেই সময়ত আতিকে কৰ্মচাৰীসকলক প্ৰহাৰ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছিল । তাৰ পিচৰ বছৰৰ আৰম্ভণিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে এলাহাবাদ আৰক্ষীক গোচৰটোৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰ পিচত 2017 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে আতিকক গ্ৰেপ্তাৰ কৰা হয় । তেওঁ ২০১৯ চনত বাৰাণসী লোকসভা সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ বেয়াকৈ পৰাজিত হৈছিল । ২০১৮ চনত কাৰাবন্দী আতিকক ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰ কৰা হয় ।

উমেশ পালক হত্যা কৰাৰ পিচত চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত এটা অপৰাধমূলক গোচৰত তেওঁৰ নাম পুনৰ উত্থাপিত হয় । তেওঁক 2007 চনত উমেশ পালৰ সৈতে জড়িত এটা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল । সেইটোৱেই আছিল তেওঁৰ বিৰুদ্ধে প্ৰথম দোষী সাব্যস্ত হোৱা গোচৰ । উমেশ পাল হত্যাকাণ্ডৰ গোচৰত আদালতত হাজিৰ কৰাবৰ বাবে তেওঁক বিগত সপ্তাহত সাবৰমতীৰ পৰা প্ৰয়াগৰাজলৈ অনা হৈছিল ।

লগতে পঢ়ক :Atiq Ahmed killed: আতিক আহমেদ হত্যাকাণ্ডক ষড়যন্ত্ৰ আখ্যা; মুখ্যমন্ত্ৰী যোগীৰ পদত্যাগ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.