ETV Bharat / bharat

Gang rape at New Delhi Railway Station : নতুন দিল্লী ৰে'ল ষ্টেচনত দলবদ্ধ ধৰ্ষণ; চাৰি ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Jul 23, 2022, 3:04 PM IST

নতুন দিল্লী ৰে'ল ষ্টেচনৰ প্লেটফৰ্মৰ কোঠাত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে (Woman raped at New Delhi railway station)। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চাৰিজন ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে । অভিযোগ অনুসৰি অভিযুক্ত দুজনে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল আৰু বাকী দুজনে কোঠাৰ বাহিৰত পহৰা দিছিল ।

Gang rape at New Delhi Railway Station
নতুন দিল্লী ৰে'ল ষ্টেচনত দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক,২৩ জুলাই : ৰাজধানী দিল্লীত চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা । ৰে'ল আৰক্ষী লগতে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা নতুন দিল্লী ৰে'ল ষ্টেচনত দলবদ্ধ ধৰ্ষণ এগৰাকী মহিলাক (Gang rape on New Delhi railway station platform)। চিন্তনীয় বিষয় যে, এই ধৰ্ষণকাণ্ডত জড়িত আছিল ৪ গৰাকী ৰে'ল কৰ্মচাৰী ।

অভিযুক্ত ৰে'ল কৰ্মচাৰী কেইজনক গ্ৰেপ্তাৰৰ পাছতে এই ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে ৰে'ল ষ্টেচনৰ প্লেটফৰ্মৰ এটা কোঠাত মহিলাগৰাকীক ধৰ্ষণ কৰা হৈছিল (Woman raped at New Delhi railway station)। ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ভুক্তভোগী ২৮ বছৰীয়া মহিলাগৰাকী পৰিয়ালৰ সৈতে ফৰিদাবাদত বাস কৰে । শেহতীয়াকৈ মহিলাগৰাকীৰ এজন যুৱকৰ সৈতে পৰিচয় হৈছিল । যুৱকজনে মহিলাগৰাকীক কৈছিল যে তেওঁ ৰে'ল বিভাগত কাম কৰে ।

যুৱকজনে মহিলাগৰাকীক প্ৰলোভনেৰে লগ কৰিবলৈ ৰে'ল ষ্টেচনলৈ মাতিছিল । যুৱকজনে ভুক্তভোগী মহিলাগৰাকীক ৮-৯ নম্বৰৰ প্লেটফৰ্মৰ এটা কোঠালৈ লৈ গৈছিল । কিছু সময়ৰ পিছত, যুৱকজনৰ আন তিনিজন বন্ধু তালৈ আহিছিল, যিসকলে সুৰাপান কৰি আছিল । মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ দুজন যুৱকে তেওঁক ধৰ্ষণ কৰিছিল আৰু আন দুজনে বাহিৰত পহৰা দি আছিল ।

ঘটনাটোৰ পাছত, তেওঁলোকে মহিলাগৰাকীক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পৰা মহিলাগৰাকীক উলিয়াই পঠিয়াইছিল । ষ্টেচনৰ পৰা ওলাইয়ে মহিলাগৰাকীয়ে আৰক্ষীক ফোন কৰিছিল আৰু ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল । লগে লগে আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

পাছত আৰক্ষীয়ে অভিযান চলায় আন তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে । অভিযুক্ত কেইজন জগদীশ, মঙ্গল, বিনোদ আৰু সতীশ বুলি চিনাক্ত কৰা হৈছে । আনহাতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন অভিযুক্তই ৰেল কৰ্মচাৰী (Railway employee arrested for rape)।

ৰে'লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ঘটনাটো ২১ জুলাইৰ নিশা সংঘটিত হৈছিল । মহিলাগৰাকীয়ে আৰক্ষীক কোৱা মতে তেওঁৰ এবছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছে । বিবাহ বিচ্ছেদৰ গোচৰো আদালতত চলি আছে । অভিযুক্ত ৰে'ল কৰ্মচাৰীজনৰ সৈতে পৰিচয় হোৱাৰ পাছত মহিলাগৰাকীক ৰে'ল বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দিয়া হৈছিল । তাৰ পাছত সেই যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে ফোনত কথা পাতিবলৈ আৰম্ভ কৰিছিল ।

২১ জুলাইৰ নিশা ৰে'ল কৰ্মচাৰীজনে মহিলাগৰাকীক ফোন কৰিছিল আৰু তেওঁৰ পুত্ৰৰ জন্মদিনৰ কথা কৈছিল । ইয়াৰ লগতে তেওঁ এটা নতুন ঘৰ ক্ৰয় কৰাৰ কথা উল্লেখ কৰাৰ কথা জানিবলৈ দিয়ে । সেয়ে তেওঁৰ ঘৰত এটা সৰু পাৰ্টি আছে । নিশা, মহিলাগৰাকীয়ে মেট্ৰ'ত উঠি কীৰ্তি নগৰত উপস্থিত হৈছিল । তাৰ পাছতে অভিযুক্তজনে মহিলাগৰাকীক নতুন দিল্লী ৰেল ষ্টেচনৰ ৮-৯ নম্বৰ প্লেটফৰ্মলৈ লৈ গৈছিল ।

লগতে পঢ়ক :Sexual Assault of Pregnant Woman: গৰ্ভৱতী মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা, গুৰিয়ালে পেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.