ETV Bharat / bharat

Galwan Valley Martyr : শ্বহীদৰ পিতৃক প্ৰহাৰ; বেদখলৰ অভিযোগত গ্ৰেপ্তাৰ

author img

By

Published : Feb 28, 2023, 8:47 PM IST

Bihar
Bihar

বিহাৰত শ্বহীদ পিতৃৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ (martyrs father alleged encroachment in Bihar) । গালৱান শ্বহীদৰ পিতৃক আৰক্ষীয়ে প্ৰহাৰৰ লগতে গ্ৰেপ্তাৰৰো অভিযোগ ।

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী : কাশ্মীৰৰ শ্বহীদৰ পিতৃক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ (Kashmir martyrs father alleged thrashed) । প্ৰহাৰৰ লগতে বেদখলৰ অভিযোগত শ্বহীদগৰাকীৰ পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ কৰাৰো অভিযোগ উঠিছে (Kashmir martyrs father alleged arrested) । উল্লেখ্য, ২০২০ চনত পূব লাডাখত চীনৰ পিপলছ লিবাৰেচন আৰ্মী (Peoples Liberation Army, PLA) চমুকৈ পিএলএ সৈন্যৰ সৈতে সংঘটিত গালৱান উপত্যকাৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱা সৈনিকসকলৰ ভিতৰত এজন জোৱানৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে, বিহাৰৰ বৈশালীৰ জান্দাহাত চৰকাৰী ভূমিত তেওঁৰ পুত্ৰৰ স্মাৰক নিৰ্মাণৰ বাবে শ্বহীদগৰাকীৰ পিতৃক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে (Galwan Valley martyrs father thrashed) ।

আৰক্ষীৰ দ্বাৰা প্ৰহৃত শ্বহীদ জোৱানজনৰ পিতৃক জয় কিশোৰ সিং বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে আৰক্ষীয়ে এই অভিযোগ খণ্ডন কৰি দাবী কৰে যে, বিষয়টো অবৈধ বেদখলৰ এটা বিষয়ৰ সৈতে জড়িত । এই ঘটনাটো ভূমি মালিকানাৰ অধিকাৰ উলংঘনৰ এক অভিযোগ (Galwan Valley martyrs father alleged encroachment) ।

উল্লেখ্য, বিগত 23 জানুৱাৰীত অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত জান্দাহাৰৰ চৰকাৰী ভূমি আৰু হৰিনাথ ৰামৰ ভূমিত এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে এটা গোচৰ ৰুজু কৰা হৈছিল । পিছত মূৰ্তিটোৰ সীমাত দেৱালো নিৰ্মাণ কৰা হৈছিল । কিন্তু এই ক্ষেত্ৰত পৰিয়ালটোৱে কোনো অনুমতি বিচৰা নাছিল । আৰক্ষীৰ মতে, তেওঁলোকে বিচাৰিলে প্ৰতিমূৰ্তিটো নিজৰ ভূমিত প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন বা চৰকাৰৰ পৰা ভূমি বিচাৰিব পাৰিলেহেঁতেন ।

তেনে ক্ষেত্ৰত কোনো সমস্যা নাথাকিলহেঁতেন । কিন্তু ইয়াৰ দ্বাৰা অবৈধ বেদখলৰ বাবে ভূমিৰ মালিকৰ অধিকাৰ উলংঘন কৰা হৈছে বুলি জিলাখনৰ উপ আৰক্ষী অধীক্ষক মহুৱাই কয় । অৱশ্যে শ্বহীদগৰাকীৰ ভাতৃ তথা বৰ্তমান সশস্ত্ৰ বাহিনীত কৰামৰত জয় কিশোৰ সিঙে আৰক্ষীৰ বিৰুদ্ধে তেওঁৰ পিতৃক প্ৰহাৰ কৰা আৰু গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন কৰে ।

"উপ আৰক্ষী অধীক্ষক মহোদয়াই আমাক সাক্ষাৎ কৰে । আমাক 15 দিনৰ ভিতৰত মূৰ্তিটো আঁতৰাবলৈ কয় । মই কওঁ যে মই তেওঁক উপযুক্ত তথ্য-পাতি দেখুৱাম । পিছত স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন আমাৰ ঘৰলৈ আহে আৰু মোৰ পিতৃক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তেওঁক প্ৰহাৰ কৰে । তেওঁলোকে মোৰ পিতৃক গালি-শপনিও পাৰে । ময়ো সশস্ত্ৰ বাহিনীত কৰ্মৰত হৈ আছোঁ ।" জয় কিশোৰ সিঙৰ ভাতৃ নন্দ কিশোৰে এনেদৰে কয় । আনহাতে, স্থানীয় লোকসকলেও আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু 'ভাৰত মাতা কী জয়' শ্লোগান দিয়ে (Bharat Mata Ki Jai) ।

লগতে পঢ়ক :Encounter at Padgampora: সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাকাৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.