ETV Bharat / bharat

Encounter at Padgampora: সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাকাৰী নিহত

author img

By

Published : Feb 28, 2023, 2:10 PM IST

কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, সেনা, চি আৰ পি এফ আৰু কাশ্মীৰ আৰক্ষীৰ এটা যৌথ দলে অভিযান চলোৱাৰ সময়তে জম্মু-কাশ্মীৰৰ পদগামপোৰা গাঁৱত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, য’ত ৰবিবাৰে সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা পুলৱামাৰ কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ হত্যাকাৰীটোক অভিযানকাৰী দলে এনকাউণ্টাৰ কৰিবলৈ সক্ষম হয় (Kashmiri Pandit Sanjay Sharma shot dead) ।

Kashmiri Pandit Sanjay Sharma shot dead
সঞ্জয় শৰ্মাৰ হত্যাকাৰীক এনকাউণ্টাৰ

নেশ্যনেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী: যোৱাটো দেওবাৰে পুলৱামাৰ আচান গাঁৱত উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাইছিল কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাই (Pulwama Kashmiri Pandit Attack case) ৷ কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাক গুলীয়াই হত্যা কৰা উগ্ৰপন্থীটো মঙলবাৰে নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত মৃত্যুমুখত পৰে । নিহত উগ্ৰপন্থীটোৰ নাম পুলৱামাৰ আকিব মুস্তাক ভাট বুলি জানিবলৈ পৰা গৈছে ।

মঙলবাৰে দক্ষিণ কাশ্মীৰৰ আৱন্তিপোৰাৰ পদগামপোৰা অঞ্চলত সেনা জোৱানৰ সৈতে হোৱা সংঘৰ্ষত নিহত অৱস্থাত উদ্ধাৰ কৰা হৈছে আকিব মুস্তাক নামৰ উগ্ৰপন্থীটোক । এই সংঘৰ্ষৰ ফলত দুজন সেনা জোৱানো গুৰুতৰভাৱে আহত হয় আৰু পৰৱৰ্তী সময়ত ইয়াৰে এজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি জানিব পৰ গৈছে (Awantipora Encounter 01 militant killed) । সেনা, চি আৰ পি এফ (কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী) আৰু আৰক্ষীৰ যৌথ দলে পডগামপোৰা গাঁৱত কৰ্ডন আৰু তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে এই এনকাউণ্টাৰটো সংঘটিত হয় বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে (Militancy in J and K ) ।

ইয়াৰ ভিতৰত মৃত সন্ত্ৰাসবাদীটোক পুলৱামাৰ আকিব মুস্তাক ভাট বুলি চিনাক্ত কৰা হৈছে, যি প্ৰথমে হিজবুল মুজাহিদীনত কাম কৰিছিল আৰু বৰ্তমান টি আৰ এফৰ হৈ কৰিছিল ৷ ইফালে প্ৰয়াত সঞ্জয় শৰ্মাৰ হত্যাকাৰীটো এনকাউণ্টাৰ মৃত্যু হোৱা বুলি কাশ্মীৰৰ এডিজিপিগৰাকীয়ে জানিবলৈ দিয়ে । চৰকাৰী সূত্ৰই জনোৱা মতে, গুৰুতৰভাৱে আহত হোৱা সেনা জোৱানদুজনৰ মাজৰএজনে ৯২ বেছ হাস্পতালত মৃত্যুবৰণ কৰে (Jammu and Kashmir encounter) ।

অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে সেই স্থানত তালাচী অভিযান চলাইছিল । সূত্ৰই জানিবলৈ দিয়া মতে, সেনা, আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ দলটোৱে সন্দেহযুক্ত স্থান ডোখৰৰ কাষ চাপি অহাৰ লগে লগে আঁৰৰ পৰা উগ্ৰপন্থীৰ দল এটাই অভিযানকাৰী দলটোৰ ওপৰত গুলীচালনা কৰে ৷ ধাৰাষাৰ গুলীবৰ্ষণৰ ফলত দুজন সেনা জোৱান গুলীবিদ্ধ হয় আৰু লগে লগেই তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি সূত্ৰই জনায় । ইফালে কাশ্মীৰ আৰক্ষীয়েও এটা টুইটযোগে উল্লেখ কৰে যে, "এই গুলীয়াগুলীত এজন উগ্ৰপন্থী নিহত হৈছে আৰু উগ্ৰপন্থীজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই, আনহাতে বৰ্তমানেও এনকাউণ্টাৰ চলি আছে ।"

উল্লেখ্য যে, দেওবাৰে পুলৱামা জিলাৰ আচান গাঁৱত এজন কাশ্মীৰী পণ্ডিতক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰা হৈছিল । পইণ্ট ব্লেংক ৰেঞ্জত গুলীয়াই হত্যা কৰে চল্লিশ বছৰীয়া সঞ্জয় শৰ্মাক। স্থানীয় বজাৰৰ সমীপত পুৱা প্ৰায় ১১ বজাত সংঘটিত হৈছিল এই ঘটনাটো (Kashmiri Pandit Sanjay Sharma shot dead) । পণ্ডিতজনৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে তাত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ডৰ এই ঘটনাই জোকাৰি গৈছে ৰাজনৈতিক দল সমূহকো । আচানৰ সঞ্জয় পণ্ডিতৰ মৃত্যু অতি দুখজনক আছিল আৰু ইয়াক বিনা দ্বিধাই গৰিহণা দিয়া উচিত বুলি টুইটযোগে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰকাশ কৰে (Omar Abdullah reacts on Sanjay Sharma shot dead) । জে এণ্ড কে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই ঘটনাক উগ্ৰপন্থীৰ কাপুৰুষালি বুলি অভিহিত কৰে ।

ভাৰতীয় জনতা পাৰ্টিৰ নেতা আলতাফ ঠাকুৰে কাশ্মীৰী পণ্ডিতজনৰ হত্যাক লৈ শোক প্ৰকাশ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Pulwama Kashmiri Pandit Attack : পুলৱামাত নিহত কাশ্মীৰী পণ্ডিতৰ আত্মীয়ক সান্ত্বনা মেহবুবা মুফতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.