ETV Bharat / bharat

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব বিপ্লৱ দেৱ

author img

By

Published : Sep 10, 2022, 2:34 PM IST

Biplab Deb will be the BJP's Rajya Sabha candidate
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হব বিপ্লৱ দেৱ

ত্ৰিপুৰাত ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰিছে অধিসূচনা । ভাৰতীয় জনতা পাৰ্টীয়ে শুকুৰবাৰে নিশাৰ ভাগত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে(Former Tripura Chief Minister Biplab Deb) ৷

নেশ্যনেল ডেস্ক,10 ছেপ্টেম্বৰ: ত্ৰিপুৰাত ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নাম বাছনি কৰিছে বিজেপি দলে । ২২ ছেপ্টেম্বৰত কেৱল মাত্ৰ এখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰাৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে(Former Chief Minister Biplab Deb )। ৯ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিশাৰ ভাগত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে ঘোষণা কৰে বিপ্লৱ কুমাৰ দেৱৰ নাম ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ‘নিৰীক্ষক’ হিচাপেও নিযুক্তি দিছে দলটোৱে ৷ দেৱে এক বিবৃতি যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

ত্ৰিপুৰাবাসীৰ উন্নয়ন আৰু কল্যাণৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয় । ৬০ জনীয়া ৰাজ্যিক বিধানসভাত বিজেপি আৰু ইয়াৰ মিত্ৰ আই পি এফ টিৰ মুঠ ৪৪ জন সদস্য আছে । চিপিআই(এম)ৰ ১৫জন আৰু কংগ্ৰেছৰ এজন সদস্য । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চিপিআই(এম)য়ে প্ৰাক্তন মন্ত্ৰী ভানুলাল সাহাক মনোনীত কৰিছে । শুকুৰবাৰে ডাঃ সাহাই মনোনয়ন দাখিল কৰিছে ।

লগতে পঢ়ক: তেজপুৰত যাত্ৰীবাহী বাছৰে সংঘৰ্ষ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.