ETV Bharat / bharat

Satya Pal Malik not detained: আটক হোৱা নাই সত্যপাল মালিক; স্বেচ্ছাই আহিছিল থানালৈ

author img

By

Published : Apr 22, 2023, 10:09 PM IST

Satya Pal Malik not detained
আটক হোৱা নাই সত্যপাল মালিক

দিল্লী আৰক্ষীয়ে আটক কৰা নাই জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক ৷ দিল্লী আৰক্ষীৰ ডিচিপি মনোজ চিৰ স্পষ্টীকৰণ (DCP New Delhi South West denies detaining Malik) ৷

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: পুনৰ চৰ্চাত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ৷ আটক কৰা হৈছিল নেকি প্ৰাক্তন ৰাজ্যপালগৰাকীক (Satya Pal Malik not detained) ? ৰিলায়েন্স জেনেৰেল ইনচুৰেঞ্চৰ দুৰ্নীতিৰ অভিযোগৰ গোচৰৰ সাক্ষী হিচাবে ২৮ এপ্ৰিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে জেৰাৰ বাবে প্ৰাক্তন ৰাজ্যপালগৰাকীক মতাৰ পিচতে এইবাৰ দিল্লী আৰক্ষীয়ে মালিকক আটক কৰাৰ উৰাবাতৰি প্ৰকাশ হৈছিল (Former Jammu and Kashmir Governor Satya Pal Malik) ৷

ইয়াৰ পিচতে দিল্লী আৰক্ষীৰ ডিচিপি (দক্ষিণ-পশ্চিম) মনোজ চিয়ে (DCP South West of Delhi police Manoj C) কয় যে, "আমি প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক আটক কৰা নাই (DCP New Delhi South West denies detaining Malik)। তেওঁ তেওঁৰ সমৰ্থকসকলৰ সৈতে আৰ কে পুৰম আৰক্ষী থানালৈ নিজেই আহিছিল (Former governor Satya Pal Malik reaches RK Puram ) ৷ আমি তেওঁক জনাইছো যে তেওঁ নিজৰ ইচ্ছামতে ঘৰলৈ ঘূৰি যাব পাৰে ৷"

শনিবাৰে, নতুন দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক কৃষকে সোমবিহাৰ অঞ্চলত অৱস্থিত প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত উপস্থিত হয় (Former guv Malik holding meeting at Somvihar )। তেওঁ বাসগৃহত কৃষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । তেতিয়া মালিক আৰক্ষী চকীলৈ যাওঁতে কৃষকসকলেও তেওঁৰ সৈতে আৰক্ষী চকীলৈ গৈছিল । আৰক্ষী থানাৰ সন্মুখত কৃষকসকলে চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তুলিছিল ৷

উল্লেখ্য যে, ২০১৯ চনৰ পুলৱামা কাণ্ড সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক পোনপটীয়াকৈ দোষী সাব্যস্ত কৰি মন্তব্য প্ৰকাশ কৰিছিল ৷ এই মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক খলকনিৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ পিচতে একাংশই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত সঠিক তদন্তৰ দাবী উত্থাপন কৰিছিল ৷

পৰৱৰ্তী সময়ত প্ৰাক্তন ৰাজ্যপাল মালিকে ২০১৮ চনত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ত উদ্যোগপতি অনিল আম্বানীৰ মালিকানাধীন কোম্পানীটোৰ সৈতে কৰা এক চুক্তি বাতিল কৰিছিল । প্ৰথম তথ্য প্ৰতিবেদনত (এফআইআৰ) চিবিআইয়ে ৰিলায়েন্স জেনেৰেল বীমাৰ নাম ৰাখিছিল ট্ৰিনিটি ৰিইঞ্চুৰেন্স ব্ৰোকাৰছৰ সৈতে জম্মু-কাশ্মীৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চিকিৎসা বীমা আঁচনি ৰূপায়ণৰ অভিযোগ উত্থাপন কৰা কেলেংকাৰীৰ অভিযুক্ত হিচাবে ।

লগতে পঢ়ক: Satyapal Malik Summoned: চিবিআয়ে চমন জাৰি কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক

প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে বীমা আঁচনিখনত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল, তাৰ পিচত চিবিআয়ে ব্যৱস্থা গ্ৰহণ কৰে (satya pal malik summons by cbi) ৷ প্ৰায় ৩.৫ লাখ কৰ্মচাৰীক সামৰি লোৱা এই আঁচনিখন ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল আৰু ইয়াক এমাহৰ ভিতৰত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে বাতিল কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.