ETV Bharat / bharat

Tamil Nadu fisherman rescued : ৪৩ ঘণ্টা সাঁতুৰি জীৱন ৰক্ষা সাহসী মাছমৰীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:13 PM IST

Tamil Nadu fisherman rescued
৪৩ ঘণ্টা সাঁতুৰি জীৱন ৰক্ষা মাছমৰীয়াৰ

সামাজিক মাধ্যমত সম্প্ৰতি চৰ্চাত আছে তামিলনাডুৰ এজন মাছমৰীয়া । মাছ ধৰিবলৈ যোৱাৰ সময়তে আৰৱ সাগৰত পৰিছিল মাছমৰীয়াজন । দুদিন পাছত মাছমৰীয়াজনক জীৱন্তে উদ্ধাৰ ।

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : আৰৱ সাগৰত প্ৰায় ৪৩ ঘণ্টা সাঁতুৰি জীৱন ৰক্ষা কৰিলে এগৰাকী মাছমৰীয়াই । ২৫ বছৰীয়া মাছমৰীয়াগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত আনন্দিত আন মাছমৰীয়াসকল । মাছমৰীয়াগৰাকী তামিলনাডুৰ মুৰুগান বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে তামিলনাডুৰ ৮ জনীয়া এটা দলে গভীৰ সাগৰত মাছ ধৰাৰ বাবে গৈছিল । দলটোত থকা মুৰুগানে বুধবাৰে নিশা প্ৰস্ৰাব কৰিবলৈ নাওখনৰ কাষলৈ গৈছিল । সেই সময়তে মুৰুগান সাগৰত বাগৰি পৰিছিল । আন মাছমৰীয়াসকলে মুৰুগান সাগৰত পৰি যোৱাৰ কথা জনা নাছিল । কিন্তু পাচত তেওঁলোকে সেই কথা গম পালে আৰু অনুসন্ধান আৰম্ভ কৰিলে । কিন্তু বহু সময় ধৰি অভিযান চলোৱাৰ পাচতো তেওঁলোকে মুৰুগানক উদ্ধাৰ কৰিব নোৱাৰিলে । অৱশেষত, মুৰুগানৰ মৃত্যু হোৱা বুলি বাকী মাছমৰীয়াসকলে সন্দেহ কৰিলে ।

ইফালে শুকুৰবাৰে সন্ধিয়া গাংগোলীৰ একাংশ মাছমৰীয়াই পুনৰ সাগৰত মাছ ধৰিবলৈ গৈছিল । সেই সময়ত, সাগৰত সাঁতুৰি থকা মাছমৰীয়াজনক তেওঁলোকে প্ৰত্যক্ষ কৰে । মাছমৰীয়াসকলক লক্ষ্য কৰি মুৰুগানে হাত দাঙি সহায়ৰ বাবে চিঞৰিছিল । তেতিয়া গাংগোলীৰ মাছমৰীয়াসকলে গৈ মুৰুগানক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি তামিলনাডুৰ মাছমৰীয়াসকলক মাছমৰীয়া মুৰুগানৰ বিষয়ে অৱগত কৰা হৈছে ।

লক্ষণীয়ভাৱে মুৰুগানে দুদিন ধৰি সাগৰত সাঁতুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । মুৰুগানক জীৱিত অৱস্থাত দেখি আচৰিত হৈছে বাকী মাছমৰীয়াসকল । ভাগৰুৱা মাছমৰীয়াজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা গাংগোলীৰ মাছমৰীয়াসকলে তেওঁক তামিলনাডুৰ নাৱৰীয়াসকলৰ হাতত গতাই দিয়ে । সম্প্ৰতি মাছমৰীয়া মুৰুগানৰ এই ঘটনাটো সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে ।

মুৰুগানক বিচাৰি থকা মাছমৰীয়াসকলে গাংগোলীৰ মাছমৰীয়াসকল ধন্যবাদ জ্ঞাপন কৰিছে । মুৰুগানক জীৱিত অৱস্থাত কাষত পাই তেওঁৰ লগৰ মাছমৰীয়া আৰু পৰিয়ালৰ লোকসকল আৱেগিক হৈ পৰিছে ।

লগতে পঢ়ক :Ration distribution scam : পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক ৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.