ETV Bharat / bharat

ভুৱনেশ্বৰ-হাওৰা জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 12:06 PM IST

Fire in Jan Shatabdi Express
ভুৱনেশ্বৰ-হাওৰা জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড

ভুৱনেশ্বৰৰ পৰা হাওৰা অভিমুখী জন শতাব্দী এক্সপ্ৰেছৰ এটা ডবাৰ তলত জুইৰ সূত্ৰপাত । ঘটনাক কেন্দ্ৰ কৰি কটক ষ্টেচনত হুলস্থূলীয়া পৰিৱেশ । অগ্নি নিৰ্বাপক বাহিনীয়ে সঠিক সময়ত জুই নিৰ্বাপণ কৰে । কিছু সময়ৰ পাছতে পুনৰ ৰে'লখনে যাত্ৰা আৰম্ভ কৰে ।

ভুৱনেশ্বৰ-হাওৰা জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : ওড়িশাত জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড । বৃহস্পতিবাৰে পুৱা কটক ষ্টেচনত ভুৱনেশ্বৰ-হাওৰা জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰে'লখনৰ এটা ডবাত জুইৰ সূত্ৰপাত হয় । কিন্তু সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই । যান্ত্ৰিক বিজুতিৰ বাবে ডবাৰ তলত জুই লগাৰ সন্দেহ কৰা হৈছে । অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰাৰ পাছত ৰে'লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ।

উল্লেখ্য যে পুৱাই জন শতাব্দী এক্সপ্ৰেছ কটক ৰে'ল ষ্টেচন আহি পাইছিল । সেই সময়তে ৰে'লখনৰ এটা কম্পাৰ্টমেণ্টৰ তলত জুই লাগে । লগে লগে যাত্ৰীসকলৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ৰে'ল কৰ্মচাৰীসকলকো লগে লগে অৱগত কৰা হয় । কিছু সময় পাছতে অগ্নি নিৰ্বাপক বাহিনী ৰে'ল ষ্টেচনত উপস্থিত হয় । অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ৪৫ মিনিট মানৰ পাছতে ৰে'লখনে কটকৰ পৰা হাওৰা অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে ।

উল্লেখ্য যে যোৱা জুন মাহত বঢ়মপুৰ ৰে'ল ষ্টেচনত চেকেন্দ্ৰাবাদ-আগৰতলা এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । ৰে'লখনৰ বি৫ কম্পাৰ্টমেণ্টত জুই লাগিছিল । অনুসন্ধানৰ পাছত স্পষ্ট হৈছিল যে শ্বৰ্ট চাৰ্কিটৰ বাবে ৰে'লখনৰ ডবাত জুই লাগিছিল । ব্ৰহ্মপুৰ ষ্টেচনত থকাৰ সময়তে কম্পাৰ্টমেণ্টৰ পৰা ধোঁৱা ওলাই আহিছিল । লগে লগে যাত্ৰীসকল ৰে'লৰ পৰা আঁতৰি যায় ।

ইফালে ওড়িশাত নিৰন্তৰভাৱে ৰে'ল দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে । ক'ৰ'মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাটো আছিল অতি শোকাৱহ । কেতিয়াবা যদি ৰে'ল লাইনচ্যুত হয় আৰু কেতিয়াবা অগ্নিকাণ্ড । যাৰ বাবে ৰে'লযাত্ৰীসকলে ৰে'ল যাত্ৰা অসুৰক্ষিত অনুভৱ কৰা দেখা গৈছে ।

লগতে পঢ়ক :সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.