ETV Bharat / bharat

Seasonal Allergies: বতৰ পৰিৱৰ্তনৰ লগে লগে এলাৰ্জীয়ে আমনি কৰে নেকি ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

author img

By

Published : Jan 31, 2023, 4:44 PM IST

বতৰ পৰিৱৰ্তনৰ লগে লগে ঋতুভিত্তিক বিভিন্ন ৰোগ যেনে চৰ্দি, কাহ, জ্বৰ আদিৰ সম্ভাৱনাও বৃদ্ধি পায় । বিগত কেইদিনমানৰ পৰা বতৰৰ পৰিৱৰ্তনৰ পিছতো বহু লোক এলাৰ্জীত ভুগিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত এই খাদ্য সামগ্ৰীৰ সহায়ত নিজকে কিদৰে সুস্থ কৰি ৰাখিব পাৰি জানি জানি লওক ।

fear of seasonal allergies is troubling in the changing season so include these food items in the diet
বতৰ পৰিৱৰ্তনৰ লগে লগে এলাৰ্জীয়ে আমনি কৰে নেকি ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

বিগত কেইদিনমানৰ পৰা হঠাতে বতৰৰ প্ৰভাৱ সলনি হৈছে । শেহতীয়াকৈ ৰাজধানী দিল্লীকে ধৰি দেশৰ বহু ঠাইত হোৱা বৰষুণৰ ফলত বতৰ সলনি হৈছে । এনে পৰিস্থিতিত শীতকালত এই বৰষুণৰ প্ৰভাৱ এতিয়া আমাৰ স্বাস্থ্যৰ ওপৰতো দেখা গৈছে(seasonal allergies symptoms)। প্ৰায়ে বতৰ পৰিৱৰ্তনৰ লগে লগে ঋতুভিত্তিক এলাৰ্জীৰ সমস্যাও দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে(seasonal allergies antihistamine)। বিশেষকৈ ঠাণ্ডাত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে মানুহ সহজেই এই এলাৰ্জীৰ কবলত পৰে(Seasonal Allergies)। এনে পৰিস্থিতিত যদি আপুনি পৰিৱৰ্তিত বতৰত এলাৰ্জীৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে আজিয়েই এই খাদ্য সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক-

  • পিঁয়াজ

ছিজনেল এলাৰ্জীৰ পৰা হাত সাৰিবলৈ আমাৰ বাবে পিঁয়াজ খোৱাটো অতি উপকাৰী(Food for Seasonal Allergies)। দৰাচলতে পিঁয়াজ খালে আমাৰ শৰীৰত কুৱেৰচেটিন যোগান ধৰা হয়, যিয়ে আমাৰ শৰীৰক এলাৰ্জীৰ পৰা ৰক্ষা কৰে । কুৱেৰচেটিন হৈছে এবিধ ফ্লেভন’ইড, যি উদ্ভিদত পোৱা যায়, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে । এনে পৰিস্থিতিত ছিজনেল এলাৰ্জীৰ পৰা হাত সাৰিবলৈ কেঁচা পিঁয়াজ খাদ্যত ব্যৱহাৰ কৰিব পাৰে ।

  • আনাৰস

ভিটামিন C, মেংগানিজ আৰু এন্টি-ইনফ্লেমেটৰী এনজাইম ব্ৰ’মেলিনৰ দৰে পুষ্টিকৰ উপাদানৰে ভৰপূৰ আনাৰস পৰিৱৰ্তিত ঋতুত আপোনাক সুস্থ কৰি ৰখাতো সহায়ক । ঋতুভিত্তিক এলাৰ্জী প্ৰতিৰোধ আৰু অন্যান্য সমস্যাৰ পৰা উপশমৰ বাবে বিকল্প চিকিৎসা হিচাপে আনাৰস বহুদিনৰ পৰা ব্যৱহাৰ কৰা হৈছে ।

  • আপেল

দৈনিক এটা আপেল খাই আমি কেৱল চিকিৎসকৰ পৰা আঁতৰি থকাই নহয়, সেৱন কৰিও বহু ৰোগ আমাৰ পৰা আঁতৰি থাকে । আচলতে পিঁয়াজৰ দৰে কুৱেৰচেটিন আপেলতো প্ৰচুৰ পৰিমাণে পোৱা যায় । এনে পৰিস্থিতিত যদি আপুনি বতৰৰ এলাৰ্জীৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে আপেল খোৱাটো উপকাৰী হ’ব ।

  • হালধি

মছলা হিচাপে ব্যৱহাৰ কৰা হালধি ঋতুভিত্তিক এলাৰ্জীৰ পৰাও আমাক ৰক্ষা কৰাত ফলপ্ৰসূ । বহু গুণেৰে সমৃদ্ধ হালধিয়ে শৰীৰক আভ্যন্তৰীণ আৰু বাহ্যিক সমস্যাৰ পৰা সকাহ দিয়ে । এনে পৰিস্থিতিত যদি পৰিৱৰ্তিত বতৰত নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে হালধি সেৱন কৰাটো অতি উপকাৰী ।

  • চৰ্বিযুক্ত মাছ

এলাৰ্জী ৰোধ কৰিবলৈ শৰীৰত ওমেগা-৩ আৰু ওমেগা-৬ পলিঅনচেচুৰেটেড ফেটি এচিড থকাটোও অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত ওমেগা-৩ সমৃদ্ধ ছালমন, মাগুৰ, টুনা আৰু চাৰ্ডিন সেৱন কৰিলে পৰিৱৰ্তিত বতৰত নিজকে সুস্থ কৰি ৰাখিব পাৰি ।

লগতে পঢ়ক: Coconut medicine for worms: খৰ খজুৱতি তথা কৃমি নাশকৰ বাবে ফলপ্ৰসূ নাৰিকল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.