ETV Bharat / bharat

চৰকাৰৰ নতুন প্ৰস্তাৱ সন্দৰ্ভত কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক সংগঠন

author img

By

Published : Dec 26, 2020, 11:53 AM IST

শনিবাৰে কেন্দ্ৰই প্ৰেৰণ কৰা নতুন প্ৰস্তাৱক লৈ কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰতিবাদী কৃষক সংগঠনসমূহ ৷ বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষকসকললৈ প্ৰেৰণ কৰা এক পত্ৰ সন্দৰ্ভত আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷

Farmer unions to meet today on govt's fresh talks offer
কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ’ব কৃষক সংগঠন

নেশ্যনেল ডেস্ক,26 ডিচম্বৰ : দেশজুৰি চলি থকা কৃষক বিদ্ৰোহৰ মাজতে শুকুৰবাৰে প্ৰতিবাদী কৃষক সংগঠনসমূহে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষকসকললৈ প্ৰেৰণ কৰা এক পত্ৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ সমাধান উলিয়াবলৈ পুনৰবাৰ কেন্দ্ৰৰ সৈতে আলোচনাত হ’ব পৰা যাব ৷ বৈঠকৰ মাজৰ পৰা একাংশ কৃষকে এই কথা উল্লেখ কৰে ৷

কৃষক সংগঠনে জনোৱা মতে, শনিবাৰে সংগঠনসমূহে পুনৰ এক বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত স্থগিত ৰখা কেন্দ্ৰৰ নতুন সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

ইফালে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ বিষয়ববীয়াই জানিবলৈ দিয়ে যে, আগন্তুক 2-3 দিনৰ ভিতৰত কেন্দ্ৰ আৰু কৃষক সংগঠনৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে ৷

চৰকাৰে প্ৰেৰণ কৰা পত্ৰত কোনো প্ৰস্তাৱৰ কথা উল্লেখ নাই ৷ সেয়েহে সংগঠনসমূহে পুনৰ নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা থকা বুলি এগৰাকী কৃষক নেতাই জানিবলৈ দিয়ে ৷ যদিও শুকুৰবাৰে কৃষক সংগঠনসমূহে বৈঠক সম্পন্ন কৰে, কিন্তু তেওঁলোকে চৰকাৰী পত্ৰক লৈ সিদ্ধান্ত গ্ৰহণত ব্যৰ্থ হয় ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সঞ্চালক বিবেক আগৰৱালে প্ৰতিবাদী কৃষক সংগঠনসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ বিদ্ৰোহৰ সমাধানৰ ক্ষেত্ৰত পুনৰ আলোচনা কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই ৷ কিন্তু পত্ৰত উল্লেখিত অনুসৰি, কৃষি আইনৰ নিয়মৰ বাহিৰত থকা কোনো বিষয়ত তৰ্কযুদ্ধ কৰা নহ’ব ৷ অৱশ্যে প্ৰতিবাদী কৃষক সংগঠনসমূহে আশা কৰিছে যে, নতুন কৃষি আইনে সুলভ মূল্যৰ বজাৰক সুৰক্ষা প্ৰদান কৰিব ৷

লগতে পঢ়ক : অন্ধ্ৰপ্ৰদেশত বৃহৎ মূল্যৰ গুটখা ভৰ্তি ট্ৰাক জব্দ,আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.