ETV Bharat / bharat

Attempt to murder case in Hapur : সমাজত হেয় হোৱাৰ ভয়ত যুৱতীক জ্বলাই দিয়াৰ চেষ্টা পৰিয়ালৰ লোকৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:53 PM IST

Attempt to murder case in Hapur
সমাজত হেয় হোৱাৰ ভয়ত যুৱতীক জ্বলাই দিয়াৰ চেষ্টা পৰিয়ালৰ লোকৰ

হাপুৰত এগৰাকী যুৱতীক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা কৰিলে তেওঁৰ পৰিয়ালৰ লোকে । সংকটজনক অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা পৰিয়ালৰ লোকৰ ।

নেশ্যনেল ডেস্ক,২৯ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ হাপুৰত ভয়ংকৰ ঘটনা । পৰিয়ালৰ সন্মানৰ খাতিৰত জীৱন্তে জ্বলোৱাৰ চেষ্টা এগৰাকী যুৱতীক । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি যুৱতীগৰাকীক । অভিযুক্ত মাতৃ আৰু ভাতৃক আটক ।

হাপুৰ জিলাৰ বাহাদুৰগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো । অভিযোগ অনুসৰি পৰিয়ালৰ বিৰুদ্ধে গৈ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল যুৱতীগৰাকীয়ে । যাৰ বাবে যুৱতীগৰাকীৰ পৰিয়ালে চৰম সিদ্ধান্ত লয় । পৰিয়ালৰ লোকসকলে যুৱতীগৰাকীক জীৱন্ত জ্বলাই দিয়াৰ চেষ্টা কৰে ।

আৰক্ষীয়ে জনোৱা মতে বাহাদুৰগড় অঞ্চলৰ যুৱতীগৰাকীৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে । প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জনাৰ পাছতে পৰিয়ালৰ লোকসকল ক্ষোভিত হৈ পৰে । অসন্তুষ্ট পৰিয়ালটোৱে প্ৰথমে যুৱতীগৰাকীক পথাৰলৈ লৈ যায় আৰু প্ৰহাৰ কৰে । তাৰ পাছত যুৱতীগৰাকীৰ শৰীৰলৈ পেট্ৰ'ল ছটিয়াই দিয়ে আৰু অগ্নিসংযোগৰ চেষ্টা কৰে । লগে লগে যুৱতীগৰাকী আতংকিত হৈ পৰে আৰু দৌৰিবলৈ আৰম্ভ কৰে । যুৱতীগৰাকীয়ে সহায়ৰ দৌৰে যদিও সেই সময়ছোৱাত খেলপথাৰত কোনো লোক নাছিল ।

কিছু মুহূৰ্তৰ পাছতে গাঁৱৰ একাংশ লোক ঘটনাস্থলীত উপস্থিত হয় । গাঁৱৰ এগৰাকী লোকে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে । আৰক্ষী লোকসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে যুৱতীগৰাকীক হত্যাৰ চেষ্টা কৰা মাতৃ আৰু ভাতৃয়ে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে । অৱশ্যে গাঁওবাসীয়ে দুয়োগৰাকী অভিযুক্তকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ।

হাপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজকুমাৰে কয় যে বাহাদুৰগড় আৰক্ষী থানাৰ অন্তৰ্গত নৱাদা খুৰ্দ গাঁৱত যুৱতীগৰাকীক তেওঁৰ পৰিয়ালৰ সদস্যই জ্বলাই হত্যাৰ চেষ্টা কৰে । তেওঁ জনোৱা মতে অভিযুক্ত মাতৃ আৰু ভাতৃক ইতিমধ্যে জিম্মাত লোৱা হৈছে আৰু জেৰা চলাই থকা হৈছে । বিষয়টো সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে । যুৱতীগৰাকীৰ চিকিৎসা চলি আছে বুলি তেওঁ উল্লেখ কৰে । আৰক্ষীয়ে জনোৱা মতে চিকিৎসাৰ প্ৰতিবেদন অহাৰ পাছতহে সকলো কথা স্পষ্ট হ'ব ।

লগতে পঢ়ক :MP minor rape: ধৰ্ষিতা অৱস্থাৰেই সহায়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰিছিল উজ্জয়িনীৰ নিৰ্ভয়া; ভিক্ষা দি মানৱ সভ্যতাক উপহাস একাংশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.