ETV Bharat / bharat

Image of Assam Rifles : অগ্নিগৰ্ভা মণিপুৰত অসম ৰাইফলছৰ বিৰুদ্ধে চলিছে চক্ৰান্ত !

author img

By

Published : Aug 9, 2023, 12:43 PM IST

অসম ৰাইফলছৰ বিৰুদ্ধে চক্ৰান্তৰ অভিযোগ ৷ সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছে বিবৃতিযোগে জনায় এই কথা ৷

Image of Assam Rifles
অসম ৰাইফলছৰ বিৰুদ্ধে চলিছে কু-চক্ৰান্ত

নেশ্যনেল গেস্ক, 9 আগষ্ট : অসম ৰাইফলছক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে একাংশই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কয় সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছে ৷ লগতে কৰ্পছে মঙলবাৰে কয় যে, অসম ৰাইফলছৰ সৈতে সংঘাতজৰ্জৰ মণিপুৰত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হ’ব পৰা যিকোনো প্ৰচেষ্টা ৰোধ কৰাৰ ক্ষেত্ৰত দৃঢ় আৰু সংকল্পৱদ্ধ হৈ থাকিব ।

টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত সেনাবাহিনীৰ স্পিয়াৰ কৰ্পছে কয় যে, জনগোষ্ঠীয় হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শান্তি ঘূৰাই অনাৰ কামত নিয়োজিত হোৱা অসম ৰাইফলছৰ ভাবমূৰ্তিক অপমান কৰাৰ বাবে চক্ৰান্ত চলিছে । মণিপুৰত 3 মে’ৰ পৰা জীৱন ৰক্ষা আৰু শান্তি পুনৰুদ্ধাৰৰ দিশত অদম্যভাৱে কাম কৰি থকা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী বিশেষকৈ আছাম ৰাইফলছৰ ভূমিকা, উদ্দেশ্য, আৰু অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ একাংশ শত্ৰুপক্ষই বাৰাম্বাৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে বুলিও উল্লেখ কৰিছে বিবৃতিটোত ৷

সেনাই কয় যে, এইটো বুজাৰ প্ৰয়োজন যে মণিপুৰৰ স্থলভাগৰ পৰিস্থিতিৰ জটিল স্বৰূপৰ বাবে বিভিন্ন নিৰাপত্তা বাহিনীৰ মাজত কৌশলগত পৰ্যায়ত মাজে মাজে মতানৈক্যৰ সৃষ্টি হয় । কিন্তু মণিপুৰত শান্তি আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাক একত্ৰিত কৰিবলৈ কাৰ্যকৰী পৰ্যায়ত এনে সকলো ভুল বুজাবুজি তৎক্ষণাত যৌথ ব্যৱস্থাৰ জৰিয়তে সমাধান কৰা হয় । বিগত 24 ঘণ্টাত অসম ৰাইফলছৰ ভাবমূর্তিক হেয় প্ৰতিপন্ন কৰাৰ লক্ষ্যৰে দৃষ্টান্ত উন্মোচিত হৈছে ৷

প্ৰথমটো গোচৰত সেনাই কয় যে অসম ৰাইফলছ বেটেলিয়নে দুয়োটা সম্প্ৰদায়ৰ মাজত হিংসা ৰোধ কৰাৰ লক্ষ্যৰে বাফাৰ জ’নৰ নিৰ্দেশনা কঠোৰ বলবৎ কৰাৰ ইউনিফাইড মুখ্য কাৰ্যালয়ৰ আদেশ অনুসৰি কঠোৰভাৱে কাম কৰিছে । দ্বিতীয়টো গোচৰত কোৱা হৈছে যে কোনো এলেকাৰ পৰা আসাম ৰাইফলছক বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে কোনো সম্পৰ্ক নাই ।

সেনাবাহিনীৰ এটা পদাতিক বেটেলিয়ন অঞ্চলটোত মোতায়েন কৰা হৈছে ৷ যিহেতু মে’ মাহত সংকটৰ সৃষ্টি হৈছিল, তেতিয়াৰ পৰাই অসম ৰাইফলছক বাহিৰলৈ লৈ যোৱাৰ এটা নেৰেটিভ তৈয়াৰ কৰা হৈছে বুলিও বিবৃত্তিত উল্লেখ । হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি কৰিব পৰা যিকোনো প্ৰচেষ্টা ৰোধ কৰাৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছে দৃঢ়তাৰে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

মণিপুৰ আৰক্ষীয়ে যোৱা সপ্তাহত দুয়োটা গোটৰ মাজত হোৱা কাজিয়াত আছাম ৰাইফলছৰ বাহন অৱৰোধ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক : Most corrupt CM of INDIA: হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলিলে জীতেন্দ্ৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.