ETV Bharat / bharat

Most corrupt CM of INDIA: হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলিলে জীতেন্দ্ৰ সিঙে

author img

By

Published : Aug 9, 2023, 9:29 AM IST

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ইতিহাস ৰক্তৰে ৰঞ্জিত বুলি দাবী কৰাৰ সমান্তৰালকৈ একে সন্ধিয়াই কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিলে ড৹ শৰ্মাক ৷ কংগ্ৰেছে গঢ়া অসমৰ শান্তি আৰু সমৃদ্ধি এই দুই মূল স্তম্ভ বিজেপিয়ে ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰা বুলি দাবী ৰাহুল গান্ধীৰ ৷

AICC in charge of Assam
Most corrupt CM of INDIA

নিউজ ডেস্ক, 9 আগষ্ট: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ পৰ্যবেক্ষক আৰু দলটোৰ কাৰ্যকৰী সমিতিৰ সদস্য জিতেন্দ্ৰ সিং আলৱাৰে মঙলবাৰে আগন্তুক বছৰৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ৷ নিজৰ দলৰ সম্ভাৱনাৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে ইতিমধ্যে গুৰুত্বপূৰ্ণ তথা তীব্ৰ নিৰ্বাচনী যুদ্ধৰ বাবে ৰোডমেপ তৈয়াৰ কৰি উলিয়াইছে দলটোৱে ৷

দলৰ প্ৰাক্তন সহযোগী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁক দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিয়ে জীতেন্দ্ৰ সিঙে ৷ মঙলবাৰে কংগ্ৰেছে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ কৌশলসমূহ ঠিৰাং কৰিবলৈ অসমৰ দলীয় নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে সভাপতিত্ব কৰে ৷ এই বৈঠকত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালো উপস্থিত থাকে ৷

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জীতেন্দ্ৰ সিঙে কয়, "৩ ঘন্টাতকৈও অধিক সময় বৈঠক অব্যাহত থকাৰ লগতে প্ৰায় ৩৭ জন দলীয় সদস্যই পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ওপৰত চকু ৰাখি নিজৰ মতামত আগবঢ়ায় ৷ অসমৰ প্ৰতিজন নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন শৈলীক লৈ উদ্বেগ প্ৰকাশ কৰে ৷"

‘‘ভাৰতৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ অসমত কংগ্ৰেছ অতি শক্তিশালী স্থিতিত আছে আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমি ৰোডমেপ প্ৰস্তুত কৰিছোঁ ৷’’ তেওঁ লগতে কয় ৷ সভাত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদকে ধৰি অন্যান্য নেতাসকলো আছিল ৷

সভাৰ পিচত ৰাহুল গান্ধীয়ে ফেচবুক পোষ্টত কয়, “শান্তি আৰু সমৃদ্ধি হৈছে কংগ্ৰেছ দলে প্ৰগতিশীল অসমত গঢ়ি তোলা মূল স্তম্ভ” ৷ বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰৰ অপশাসনে এই স্তম্ভবোৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ “আমি এই ধাৰা বন্ধ হোৱাটো নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ, আৰু সময় জনসাধাৰণৰ মংগলৰ বাবে সলনি হয়”, তেওঁ লগতে কয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এটা টুইটত খাৰ্গেয়ে কয়, ‘‘অসমত কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ আমি সংগঠনটোক পুনৰ সজীৱ কৰি তুলিছো ৷ সকলো নেতা-কৰ্মীয়ে মানুহৰ কাষ চাপিব লাগিব আৰু বিজেপিৰ অপশাসন আৰু অযোগ্যতাক উদঙাই দিব লাগিব ৷ কংগ্ৰেছ দলে এঢাপৰ পিছত এঢাপকৈ অসমখন গঢ়ি তুলিছিল তথা ৰাজ্যৰ শান্তি, প্ৰগতি আৰু কল্যাণ নিশ্চিত কৰিছিল ৷ আজি অসমৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত ৰাজ্যখনৰ সন্মুখত থকা কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ৷”

  • In Assam, the Congress party is gearing up for the Lok Sabha elections.

    We are reinvigorating the organisation. All leaders and workers must reach out to people and expose the misgovernance and incompetence of the BJP.

    Congress party built Assam, brick by brick, and ensured… pic.twitter.com/musZexJxO4

    — Mallikarjun Kharge (@kharge) August 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি জিতেন্দৰ সিং, ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই কয় যে, অসমৰ শান্তিপূৰ্ণ আৰু সমন্বয়ৰ পৰিৱেশ বিনষ্ট কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে ৷ ভূপেন বৰাই অভিযোগ কৰে যে বিজেপি চৰকাৰে অসমৰ কৰ্মীসকলৰ বাবে অস্ত্ৰ প্ৰশিক্ষণৰ আয়োজন কৰিছিল, যাৰ ফলত ৰাজ্যৰ শান্তি আৰু অধিক বিপদত পৰিব ৷ ইয়াৰ বিৰুদ্ধে শীঘ্ৰে দলে আন্দোলন কৰিব বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: Himanta Biswa: কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাৰ চকুৰ সমুখতে সংঘটিত হৈ থকা দুৰ্নীতিৰ অভিযোগৰ কথাও বৈঠকত আলোচনাৰ বাবে আহিছিল বুলি তেওঁ কয় ৷ বৰাই প্ৰকাশ কৰে যে, কংগ্ৰেছৰ সভাপতিয়ে তেওঁক আশ্বাস দিছে যে তেওঁ উত্তৰ-পূৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমত কংগ্ৰেছ কৰ্মী সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত কৰিবলৈ তেওঁৰ অনুৰোধ বিবেচনা কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.