ETV Bharat / bharat

দিল্লী আৰক্ষীৰ সৈতে লৰেন্স বিষ্ণয় গেঙৰ সংঘৰ্ষ; ধৃত ২ শ্বুটাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:27 PM IST

delhi police and lawrence bishnoi gang encounter
দিল্লী আৰক্ষীৰ সৈতে লৰেন্স বিষ্ণয় গেঙৰ সংঘৰ্ষ; ধৃত ২ শ্বুটাৰ

দিল্লী আৰক্ষী আৰু লৰেন্স বিষ্ণয়ৰ দলৰ মাজত সংঘৰ্ষৰ এটা ঘটনা পোহৰলৈ আহিছে । এই ঘটনাটোত দুজন শ্বুটাৰ ধৰা পৰিছে । ইয়াৰে ভিতৰত এজনক নাবালক বুলি কোৱা হৈছে ।

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত লৰেন্স বিষ্ণয় দলৰ শ্বুটাৰৰ সৈতে আৰক্ষীৰ বিশেষ কোষৰ সংঘৰ্ষৰ এটা ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, এই সংঘৰ্ষত কেইবা ৰাউণ্ড গুলীচালনা কৰা হয় । এই এনকাউণ্টাৰৰ পিচত দুজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰে এজন নাবালক ।

দুয়োৰে বিৰুদ্ধে ইতিমধ্যে কেইবাটাও গোচৰ ৰুজু হৈ আছে । তেওঁলোকৰ ভিতৰত এজনক অনীশ বুলি চিনাক্ত কৰা হৈছে । দুয়ো হাৰিয়ানাৰ ৰোহতক জিলাৰ বাসিন্দা । ডিচিপি প্ৰমোদ কুমাৰ কুশৱাহাৰ মতে, দিল্লীৰ বসন্ত কুঞ্জৰ পকেট ৯ ৰ ওচৰত এই সংঘৰ্ষ সংঘটিত হয় । শুকুৰবাৰে নিশা এই তথ্য লাভ কৰা হৈছিল যে লৰেন্স বিষ্ণয় দলৰ দুৰ্বৃত্তসকল তালৈ গৈ আছে ।

উক্ত তথ্যৰ ওপৰত ভিত্তি কৰি বিশেষ কোষৰ আৰক্ষী দলে এক বেহু ৰচনা কৰে । কিন্তু শ্বুটাৰসকল তাত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে আৰু দুজনক কৰায়ত্ত কৰে ।

জানিব পৰা মতে, তেওঁলোকে ধনৰ বিনিময়ত ওপৰৰ নিৰ্দেশনাৰ ভিত্তিত কাম কৰে । ঘটনাটোত মুঠ পাঁচ ৰাউণ্ড গুলীচালনা কৰা হয় । ইয়াৰে ভিতৰত দুৰ্বৃত্তৰ পৰা তিনি ৰাউণ্ড গুলীচালনা কৰা হৈছিল । আনহাতে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে দুই ৰাউণ্ড গুলীচালনা কৰে ।

আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল আৰু কেইবাটাও সজীৱ কাৰ্ট্ৰিজ উদ্ধাৰ কৰে । এখন মটৰচাইকেলো জব্দ কৰা হয় । সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । ডিচিপিৰ মতে, দুৰ্বৃত্ত অনীশ ইতিমধ্যে কেইবাটাও গোচৰত জড়িত হৈ আছে । ইয়াৰ ভিতৰত আছে অস্ত্ৰ ডকাইতি, মাৰপিট আদি । ৰোহতক জিলাত তেওঁৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু হৈ আছে ।

আনহাতে, নাবালক অভিযুক্তজনো অস্ত্ৰ ডকাইতিৰ গোচৰত জড়িত আছে । ইয়াৰ পূৰ্বে, অপৰাধ শাখাৰ দলে লৰেন্স বিষ্ণয় দলৰ আন দুজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকৰ বিৰুদ্ধে দিল্লীৰ পাঞ্জাৱী বাগত পঞ্জাবৰ প্ৰাক্তন বিধায়ক দীপ মালহোত্ৰাৰ ঘৰৰ বাহিৰত গুলীচালনা কৰাৰ অভিযোগ আছে ।

লগতে পঢ়ক :কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এনআইএৰ অভিযান; সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত ১৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.