ETV Bharat / bharat

UN's new AI advisory body : ৰাষ্ট্ৰসংঘৰ কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শদাতা সমিতিত অন্তৰ্ভুক্ত ৩ ভাৰতীয়

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:25 PM IST

৩৯ জনীয়া ৰাষ্ট্ৰসংঘৰ কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শদাতা সমিতি ঘোষণা কৰা হৈছে । সমিতিত থকা ৩ গৰাকী ভাৰতীয় হৈছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহাসচিবৰ দূত অমনদীপ সিং গিল, আইএছপিআইআৰটি. ফাউণ্ডেচনৰ সহ-প্ৰতিষ্ঠাপক শৰদ শৰ্মা আৰু ভাৰতৰ হাগিং ফেচৰ মুখ্য গৱেষক নাজনিন ৰজনী ।

UNs new AI advisory body
ৰাষ্ট্ৰসংঘৰ কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শদাতা সমিতিত অন্তৰ্ভুক্ত ৩ ভাৰতীয়

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ : কৃত্ৰিম বুদ্ধিমত্তা নিয়ন্ত্ৰণৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে ঘোষণা কৰা নতুন ৩৯ জনীয়া পৰামৰ্শদাতা সমিতিৰ তালিকাত আছে ৩ গৰাকী ভাৰতীয় বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ ।

বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ উচ্চ-স্তৰীয় মাল্টিষ্টেকহোল্ডাৰ উপদেষ্টা সমিতিয়ে চৰকাৰ, ব্যক্তিগত খণ্ড, গৱেষণা সংস্থা, নাগৰিক সমাজ আৰু শিক্ষা বিশেষজ্ঞসকলক একত্ৰিত কৰি বিপদাশংকা আৰু প্ৰত্যাহ্বানৰ ওপৰত এক বিশ্বব্যাপী বৈজ্ঞানিক সহমত গঢ়ি তোলা, বহনক্ষম উন্নয়ন লক্ষ্যৰ বাবে এআই ব্যৱহাৰ কৰাত সহায় কৰা আৰু এআই শাসনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি বিবৃতিত কোৱা হৈছে ।

পৰামৰ্শদাতা সমিতিৰ ভাৰতীয় বিশেষজ্ঞসকল হৈছে ক্ৰমে প্ৰযুক্তিবিদ্যা মহাসচিবৰ দূত অমনদীপ সিং গিল; আইএছপিআইআৰটি ফাউণ্ডেচনৰ সহ-প্ৰতিষ্ঠাপক শৰদ শৰ্মা আৰু ভাৰতৰ হাগিং ফেচৰ মুখ্য গৱেষক নাজনিন ৰজনী ।

প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মহাসচিবৰ দূত হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে গিল জেনেভাৰ গ্ৰেজুৱেট ইনষ্টিটিউট অৱ ইণ্টাৰনেচনেল এণ্ড ডেভেলপমেণ্ট ষ্টাডিজত আন্তৰ্জাতিক ডিজিটেল স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা সহযোগিতামূলক (আই-ডিএআইআৰ) প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল । পূৰ্বে তেওঁ ডিজিটেল সহযোগিতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ উচ্চ-পৰ্যায়ৰ পেনেলৰ কাৰ্যবাহী সঞ্চালক আৰু সহ-নেতৃত্ব আছিল (২০১৮-২০১৯)। গিল জেনেভাত (২০১৬-২০১৮) নিৰস্ত্ৰীকৰণ সন্মিলনত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু স্থায়ী প্ৰতিনিধি আছিল ।

শৰদ শৰ্মাই ইণ্ডিয়া ষ্টেক, হেল্থ ষ্টেক আৰু অন্যান্য ডিজিটেল প্ৰতিষ্ঠান আইএছপিআইআৰটিৰ সহ-প্ৰতিষ্ঠাপক । তেওঁ টেলটিয়েৰ টেকন'লজিছ নামৰ এক বেতাঁৰ আন্তঃগাঁথনি ষ্টাৰ্টআপৰো সহ-প্ৰতিষ্ঠাপক আছিল । তেওঁ ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ (ছেবি) বিত্তীয় আৰু নিয়ামক প্ৰযুক্তি সমিতিৰ ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ উপদেষ্টা পৰিষদৰ সদস্য আৰু জি-২০ ৰ গোটত আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণৰ (আইএফএছচিএ) সম্পদ টোকেনাইজেচন বিশেষজ্ঞ সমিতি আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত টাস্কফৰ্চৰ অধ্যক্ষ ।

ইফালে নাজনিন ৰজনী হৈছে হাগিং ফেচৰ গৱেষক । তেওঁক ভাষাৰ মডেল (এলএলএম) দৃঢ়তা আৰু মূল্যাঙ্কনত এগৰাকী বিশেষজ্ঞ আৰু চিন্তাশীল নেতা হিচাপে স্বীকৃতি দিয়া হয় । হাগিংফেচৰ পূৰ্বে নাজনিনে চেলচফৰ্চ ৰিচাৰ্চৰ গৱেষকৰ এটা দলক নেতৃত্ব দিছিল ।

ৰজনীয়ে অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট উপাধি অৰ্জন কৰিছিল । প্ৰিমিয়াৰ সন্মিলনত তেওঁৰ ৪০ খনতকৈও অধিক প্ৰকাশন আছে আৰু তেওঁৰ গৱেষণাই সংবাদ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰিছিল ।

লগতে পঢ়ক :Lovestory: স্বামী-পুত্ৰ এৰি এখন দেশৰ পৰা আন এখন দেশৰ প্ৰেমিকৰ ওচৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.