ETV Bharat / bharat

কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত আঠ গৰাকী লোক

author img

By

Published : Jan 2, 2021, 2:30 PM IST

দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ ৷ সুৰক্ষা কৰ্মীৰ ওপৰত গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ ৷ গ্ৰেনেড বিস্ফোৰণৰ ফলত আঠ গৰাকী লোক আঘাতপ্ৰাপ্ত ৷

কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত আঠ গৰাকী লোক
কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত আঠ গৰাকী লোক

নেচনেল ডেস্ক, 2 জানুৱাৰী: দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সন্দেহজনক সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলত 8 গৰাকীকৈ সাধাৰণ নাগৰিক আঘাতপ্ৰাপ্ত হৈছে ৷ সন্ত্ৰাসবাদী কেইজনে ট্ৰাল বাছ ষ্টপেজত সুৰক্ষা সেনাৰ ওপৰত নিক্ষেপ কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হয় ৷ অৱশ্যে সুৰক্ষা কৰ্মী সকললৈ উদ্দেশ্যি নিক্ষেপ কৰা গ্ৰেনেটো লক্ষ্যচ্যুত হৈ ৰাস্তাতে বিস্ফোৰণ ঘটে ৷

প্ৰাপ্ত তথ্য অনুসৰি আঘাতপ্ৰাপ্ত আঠ গৰাকী লোকক চিকিৎসাৰ বাবে কাষৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান আটাইকেইজনৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰমণকাৰীক কৰায়ত্ব কৰাৰ বাবে ইতিমধ্যে সমগ্ৰ অঞ্চল ঘেৰাও কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বে 1 জানুৱাৰীত শ্ৰীনগৰ চহৰত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰিছিল ৷ ডিচেম্বৰ 9 তাৰিখে উত্তৰ কাশ্মীৰত হোৱা এক গ্ৰেনেড বিস্ফোৰণত ছগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰিৱৰ্তে 19 নৱেম্বৰত সংঘটিত অন্য এক গ্ৰেনেড বিস্ফোৰণত পুলৱামাত 12 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়ক:আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ভৱন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগঃ ৭ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.