ETV Bharat / bharat

মণিপুৰত ৩.৫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Nov 4, 2021, 11:59 AM IST

Manipur
ভূমিকম্পৰ জোকাৰণি

বৃহস্পতিবাৰে পুৱা মণিপুৰৰ মৈৰাঙৰ ওচৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই ।

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ : পুনৰ ভূমিকম্পই (Earthquake) জোকাৰি গ'ল মণিপুৰক । বৃহস্পতিবাৰে পুৱা মণিপুৰৰ মৈৰাঙৰ ওচৰত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে ৩.৫ ৷

  • Earthquake of Magnitude:3.5, Occurred on 04-11-2021, 06:00:55 IST, Lat: 24.02 & Long: 94.00, Depth: 52 Km ,Location: 57km SSE of Moirang, Manipur, India for more information download the BhooKamp App https://t.co/2qfVQcjvIr pic.twitter.com/JaPhPpGN89

    — National Center for Seismology (@NCS_Earthquake) November 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজীয়ে (NCS) জনোৱা মতে, ভূমিকম্পটোৰ উৎপত্তিস্থল মৈৰাঙৰ ৫২ কিল’মিটাৰ গভীৰতা আৰু ৫৭ কিল’মিটাৰ দক্ষিণ-দক্ষিণ-পূৱত । অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই । কিন্তু পুৱাই ভূমিকম্পটোৰ পাছতে মণিপুৰৰ জনতা আতংকিত হৈ পৰা দেখা গৈছে ।

লগতে পঢ়ক : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.