ETV Bharat / bharat

হস্ততাঁত খণ্ডৰ বিকাশৰ ক্ষেত্ৰত নাবাৰ্ডক দল গঠনৰ আহ্বান ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 13, 2022, 9:25 PM IST

ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই NABARD(National Bank For Agriculture and Rural Development)ক ৰাজ্যখনৰ হস্ততাঁত খণ্ডৰ বাবে এটা দল গঠন কৰিবলৈ আহ্বান জনাইছে । ৰাজ্যখনে ইয়াৰ হস্ততাঁত সামগ্ৰীৰ বাবে ৰাষ্ট্ৰীয় বজাৰৰ সৈতে কেনেদৰে ফেৰ মাৰিব পাৰিব, সেই সম্পৰ্কেও অধ্যয়ণ কৰিবলৈ আহ্বান জনাই উপ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

dycm urges nabard to form team in developing handloom sector of tripura
ত্ৰিপুৰাৰ হস্ততাতখণ্ডৰ বিকাশৰ বাবে NABARDক দল গঠনৰ আহ্বান উপমুখ্যমন্ত্ৰীৰ

আগৰতলা,১৩ আগষ্ট: শুকুৰবাৰে এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই দাবী কৰে যে হস্ততাঁতৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ ভৱিষ্যৎ ৰাজ্যখনৰ অন্যান্য খণ্ডৰ দৰেই উজ্জ্বল । গতিকে হস্ততাঁতৰ ক্ষেত্ৰই ৰাজ্যখনে ৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ বাবে চেষ্টা কৰিব লাগিব । তেওঁ লগতে কয় যে হস্ততাঁত এটা ব্যৱসায় নহয়, ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ এটা অংশ । হস্ততাঁত খণ্ডত ত্ৰিপুৰাৰ ভৱিষ্যৎ অতি উজ্জ্বল, কিয়নো হস্ততাঁতে সমগ্ৰ দেশতে এখন ভাল বজাৰ ধৰি ৰাখিছে ।

ৰাজ্যখনৰ থলুৱা মহিলাসকলৰ কাপোৰ বোৱাৰ সন্দৰ্ভত যথেষ্ট অভিজ্ঞতা আছে যদিও বঙালী সম্প্ৰদায়ৰ লোকসকলে হস্ততাঁত সামগ্ৰীত ব্যৱসায়িক লাভালাভ কৰিব পৰা নাই বুলিও মন্তব্য প্ৰকাশ কৰে । লগতে উৰিষ্যা,পশ্চিম বংগই এই ব্যৱসায় আমাৰ পৰা কাঢ়ি লৈ গৈছে বুলি উল্লেখ কৰে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে পূৰ্বৰ চৰকাৰে ৰাজ্যৰ হস্ততাঁত সামগ্ৰীৰ বিপণনৰ বাবে কোনো পদক্ষেপ লোৱা নাছিল বুলিও দেৱ বৰ্মাই দাবী কৰে ।

লগতে দাবী কৰে যে ২০১৮ চনত ত্ৰিপুৰাত গঠন হোৱা বিজেপি চৰকাৰখনৰ পিছত আন ৰাজ্যৰ লোকসকলে ৰিছাৰ (Risha-a traditional indigenous handmade cloth) বিষয়ে জানিব পাৰিছে । হস্ততাঁত এক বিশাল খণ্ড যদিও ত্ৰিপুৰাত হস্ততাঁত হৈছে এক অসংগঠিত খণ্ড যাক সংগঠিত কৰাৰ প্ৰয়োজন আছে । তেওঁ NABARD(National Bank For Agriculture and Rural Development)ৰ জেনেৰেল মেনেজাৰক কেনেদৰে ৰাষ্ট্ৰীয় বজাৰত ৰাজ্যখনৰ হস্ততাঁত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰিব পাৰি তাৰ ওপৰত গৱেষণা কৰিবলৈ আহ্বান জনোৱা বুলি উল্লেখ কৰে । লগতে তেওঁ কয় যে তেওঁলোকৰ ওচৰত কপাহ আৰু ৰেচম আছে, কিন্তু সেয়া অসমৰ মুগাৰ দৰে বিখ্যাত নহয় ।

লগতে পঢ়ক: জোনাইত আৰক্ষীৰ শেনচকুৰ মাজত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.