ETV Bharat / bharat

Amit Shah slams congress : UPA চৰকাৰৰ দিনত CBIয়ে অমিত শ্বাহক কিহৰ বাবে হেঁচা দিছিল ?

author img

By

Published : Mar 30, 2023, 2:05 PM IST

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক বিজেপি চৰকাৰে নিয়ন্ত্ৰণ কৰাক লৈ বিৰোধীৰ প্ৰশ্ন । ইউপিএ চৰকাৰৰ দিনত অমিত শ্বাহক জেৰা কৰিছিল চিবিআইয়ে (Amit Shah reveals how CBI interrogated him)। সাংসদ পদ খাৰিজ হোৱা ৰাহুল গান্ধীয়ে একমাত্ৰ নেতা নহয় । গান্ধী পৰিয়ালৰ বাবে পৃথক আইনৰ প্ৰয়োজন আছে নেকি ? এক বিশেষ অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গৃহ মন্ত্ৰীৰ মন্তব্য ।

Amit Shah slams congress
UPA চৰকাৰৰ দিনত CBIয়ে অমিত শ্বাহক কিহৰ বাবে হেঁচা দিছিল

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : শেহতীয়াকৈ চিবিআই, ইডিকে ধৰি বিভিন্ন কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই বিৰোধী নেতাসকলক জেৰা চলাইছে । ইয়াৰ মাজতে বিৰোধী দলসমূহে দাবী কৰা মতে কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাসমূহক নিয়ন্ত্ৰণ কৰি আছে । এই অভিযোগৰ প্ৰত্যুত্তৰ দিলে গৃহ মন্ত্ৰী অমিত শ্বাহে । তেওঁৰ মতে কংগ্ৰেছৰ চৰকাৰ থকা সময়ত চিবিআইয়ে অমিত শ্বাহক কোনো এটা সোধা-পোছা কৰিছিল । তেওঁৰ মতে চিবিআইয়ে গুজৰাটত এক ভুৱা এনকাউণ্টাৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টাৰ্গেট কৰিছিল (CBI pressured Shah to frame Modi)।

নৰেন্দ্ৰ মোডী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰিছে বুলি বিৰোধীৰ অভিযোগৰ উত্তৰত শ্বাহে 'নিউজ ১৮ ৰাইজিং ইণ্ডিয়া' (Amit Shah at News18 rising India) শীৰ্ষক এক কাৰ্যসূচীত এই মন্তব্য কৰে । চিবিআইয়ে কংগ্ৰেছ চৰকাৰৰ সময়ত এটা ভুৱা এনকাউণ্টাৰ গোচৰত মোডীক অভিযুক্ত সজাবলৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল । অমিত শ্বাহৰ মতে বিজেপিয়ে ইয়াৰ পাছতো কেতিয়াও হুলস্থূল কৰা নাছিল ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত গৃহ মন্ত্ৰীয়ে কয় যে কংগ্ৰেছ নেতাগৰাকী একমাত্ৰ ৰাজনীতিবিদ নহয় যাক আদালতে দোষী সাব্যস্ত কৰিছে আৰু যিয়ে সংসদৰ সদস্যপদ হেৰুৱাইছে । শীৰ্ষ আদালতলৈ যোৱাৰ পৰিৱৰ্তে ৰাহুলে হুলস্থূল কৰাৰ প্ৰয়াস কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ ভাগ্যৰ বাবে দোষাৰোপ কৰিছে বুলিও অভিযোগ কৰে অমিত শ্বাহে (Amit Shah slams Rahul Gandhi)।

তেওঁৰ মতে কংগ্ৰেছে দেশত ভুল ধাৰণা বিয়পাইছে (Amit Shah slams Congress)। আদালতে সিদ্ধান্ত ল'লে শাস্তি স্থগিত কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে নিজৰ দোষী সাব্যস্ত হোৱা নিৰ্দেশত স্থগিতাদেশৰ বাবে আবেদন জনোৱা নাই । এইটো কেনে ধৰণৰ অহংকাৰ বুলিও অমিত শ্বাহে প্ৰশ্ন কৰে । শ্বাহৰ মতে ৰাহুল গান্ধীয়ে সাংসদ হৈ থাকিবও বিচাৰে আৰু আদালতৰ সন্মুখতো নাযায় ।

অমিত শ্বাহে উল্লেখ কৰা মতে ইউপিএ চৰকাৰৰ সময়ত ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে লালু প্ৰসাদ যাদৱ, জে জয়াললিতা আৰু ৰাছিদ আলভিকে ধৰি ১৭ গৰাকী নেতাই তেওঁলোকৰ সদস্যপদ হেৰুৱাইছিল । তথাপিও, কোনেও ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ কৰা নাছিল বুলিও শ্বাহে উল্লেখ কৰে ।

অমিত শ্বাহে ৰাহুল গান্ধীৰ সম্পূৰ্ণ ভাষণ শুনিবলৈ আহ্বান জনায় । কিয়নো ৰাহুল গান্ধীয়ে কেৱল মোডীক লৈয়ে আপত্তিজনক মন্তব্য কৰা নাই তেওঁ সমগ্ৰ মোডী সম্প্ৰদায় আৰু অ'বিচিৰ বাবে আপত্তিজনক কথা কৈছে (Amit Shah on Modi surname issue)। অমিত শ্বাহৰ মতে দেশৰ আইন স্পষ্ট । প্ৰতিহিংসাৰ ৰাজনীতিৰ কোনো স্থান নাই । এয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু কংগ্ৰেছৰ চৰকাৰৰ সময়তে এই ৰায় আহিছিল ।

ৰাহুল গান্ধীয়ে চৰকাৰী আৱাস খালী কৰা সম্পৰ্কক লৈ কৰা এক প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে শীৰ্ষ আদালতে নিৰ্দেশনা দিয়া পাছত ৰাহুল গান্ধীৰ প্ৰতি উদাৰ হোৱাৰ কি প্ৰয়োজন আছে । এয়া ৰাহুল গান্ধীৰ ইচ্ছাকৃত মন্তব্য আছিল বুলিও তেওঁ উল্লেখ কৰে । যদি ৰাহুল গান্ধীয়ে ক্ষমা নিবিচাৰে তেনেহ'লে জামিনৰ বাবেও আবেদন কৰিব নালাগিছিল বুলিও তেওঁ উল্লেখ কৰে ।

ৰাহুল গান্ধী প্ৰথম নেতা নহয় । যিসকল ৰাজনীতিবিদে ডাঙৰ পদত অধিষ্ঠিত আছিল আৰু অধিক অভিজ্ঞতা লাভ কৰিছিল তেওঁলোকে এই ব্যৱহাৰৰ বাবেই সদস্যপদ হেৰুৱাইছে বুলিও শ্বাহে দাবী কৰে । অমিত শ্বাহৰ প্ৰশ্ন যেতিয়া লালুজীক অযোগ্য ঘোষণা কৰা হৈছিল তেতিয়া ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি দিয়া হোৱা নাছিল নেকি ? কিন্তু গান্ধী পৰিয়ালৰ এজন ব্যক্তিক অযোগ্য ঘোষণা কৰিলেহে কিয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহে ।

ৰাহুল গান্ধীৰ ওপৰত এই বিষয়টো অহাৰ বাবে পৃথক আইন প্ৰস্তুত কৰিব লাগে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । শ্বাহে দেশৰ নাগৰিকসকলক প্ৰশ্ন কৰিছে এটা পৰিয়ালৰ বাবে পৃথক আইন থাকিব লাগে নেকি ? অমিত শ্বাহে লগতে কয় যে ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ অধিবক্তাসকলে তেওঁলোকৰ সহকৰ্মীসকলক ক'ব লাগে যে অযোগ্যতা ঘোষণা কৰাৰ ক্ষেত্ৰত লোকসভাৰ অধ্যক্ষৰ কোনো ভূমিকা নাথাকে ।

শ্বাহে কোৱা মতে সাংসদ পদ খাৰিজক লৈ উচ্চতম ন্যায়ালয়ৰ আদেশক বিজেপিয়ে বিৰোধিতা কৰা নাছিল (Rahul Gandhi disqualification)। মনমোহন সিং চৰকাৰৰ দিনতে অহা এই আদেশক কিন্তু ৰাহুল গান্ধীয়ে অৰ্থহীন বুলি অভিহিত কৰিছে । যদি সেই অধ্যাদেশখন আইনত পৰিণত হ'লহেতেন, তেন্তে ৰাহুলক ৰক্ষা কৰিব পাৰিলেহেতেন বুলিও শ্বাহে উল্লেখ কৰে ।

সাভাৰকাৰ সন্দৰ্ভত ৰাহুলৰ মন্তব্যৰ বিষয়ে গৃহ মন্ত্ৰীয়ে কয় যে বীৰ সাভাৰকাৰ হৈছে একমাত্ৰ স্বাধীনতা সংগ্ৰামী যাৰ বিৰুদ্ধে আন্দামান কাৰাগাৰত দুবাৰকৈ আজীৱন কাৰাদণ্ড ঘোষণা কৰা হৈছিল (Amit Shah on Rahuls Savarkar statement)। তেওঁ কয় যে তেনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ বাবে এনেধৰণৰ ভাষা ব্যৱহাৰ কৰা উচিত নাছিল । ৰাহুল গান্ধীয়ে বীৰ সাভাৰকাৰৰ ওপৰত দিয়া তেওঁৰ আইতাকৰ ভাষণ চাবলৈ আহ্বান জনায় । দলৰ নেতাসকলে ৰাহুল গান্ধীক সাভাৰকাৰৰ বিৰুদ্ধে কথা নক'বলৈ পৰামৰ্শ দিছে বুলিও অমিত শ্বাহে উল্লেখ কৰিছে ।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভত শ্বাহে কয় যে নৰেন্দ্ৰ মোডী পুনৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে প্ৰধানমন্ত্ৰী হ'ব (Amit Shah on general election 2024)। ২০১৯ চনৰ নিৰ্বাচনতকৈ ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলিও তেওঁ দাবী কৰে । অমিত শ্বাহৰ মতে বিৰোধীৰ মাজত কোনো ঐক্য নাই । আগন্তুক কৰ্ণাটক নিৰ্বাচন সন্দৰ্ভত শ্বাহে কয় যে বিজেপিয়ে অতি সহজে অৰ্ধ সীমা অতিক্ৰম কৰিব আৰু ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।

অমিত শ্বাহৰ মতে কৰ্ণাটকত মিত্ৰতা অবিহনে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব । শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে ধৰ্মৰ ভিত্তিত কোটা সমাপ্ত কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি তেওঁ কয় যে ধৰ্মৰ ওপৰত নিৰ্ধাৰিত সংৰক্ষণ অসাংবিধানিক (Karnataka election)। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মেৰুকৰণৰ বাবে এইটো কৰিছে আৰু বিজেপিয়ে ইয়াক সংশোধন কৰিছে । এইটো পূৰ্বেই কৰা উচিত আছিল বুলিও তেওঁ দাবী কৰে ।

অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ নাকচ কৰি শ্বাহে কয় যে বিজেপিয়ে কেতিয়াও কোনো কাৰণতে বিৰোধীক দোষাৰোপ কৰা নাছিল । কংগ্ৰেছ চৰকাৰৰ সময়ত নিৰীহ আৰক্ষী বিষয়াসকলক কাৰাগাৰৰ ভিতৰত ৰখা হৈছিল ।

তেওঁ কয় যে ইডিয়ে ১.১০ লাখ কোটিৰ সম্পত্তি জব্দ কৰিছে । তাৰ ভিতৰত ৫ শতাংশও ৰাজনৈতিক নেতাৰ নহয় । অমিত শ্বাহৰ প্ৰশ্ন বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ বন্ধ কৰিব নেকি ? অভিযুক্ত ৰাজনীতিবিদ হ'লে তেওঁৰ বিৰুদ্ধে তদন্ত নহ'ব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি গৃহ মন্ত্ৰীয়ে প্ৰশ্ন কৰিছে কোনে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু শ্বেখ আব্দুল্লাক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীৰ পৰা বিষয়াৰে ভৰ্তি বিমান কোনে প্ৰেৰণ কৰিছিল ।

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে ৰাইজে শিৱসেনা আৰু বিজেপিৰ চৰকাৰ বিচাৰে আৰু এতিয়া প্ৰকৃত শিৱসেনা বিজেপিৰ সৈতে আছে । অৱশ্যে তেওঁ স্বীকাৰ কৰে যে বিজেপিয়ে অকলে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব পাৰিলেহেতেন । ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি আছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে আগন্তুক নিৰ্বাচনত বিজেপিয়ে মধ্য প্ৰদেশত জয়ী হ'ব বুলিও দাবী কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ।

খালিস্তানৰ সমৰ্থক নেতা অমৃতপাল সিং সন্দৰ্ভত শ্বাহে কয় যে তেওঁ প্ৰতি তিনি মাহত পঞ্জাৱৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে । আনহাতে চৰকাৰ নিৰ্বিশেষে আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেই দলটোৰ সৈতে থিয় অমৃতপাল থিয় হয় ।

তেওঁৰ মতে অমৃতপাল সম্পৰ্কীয় গোচৰটোত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই গোচৰটোৰ ওপৰত কাম কৰি আছে । বিদেশত ভাৰতীয় মিছনৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত শ্বাহে কয় যে এয়া ভাৰতৰ ওপৰত আক্ৰমণ । আক্ৰমণত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ দাবী কৰে । শ্বাহে কয় যে ভাৰতৰ স্বাধীনতাত শিখসকলৰ অৱদান অপৰিসীম । গৃহ মন্ত্ৰী অমিত শ্বাহৰ মতে প্ৰতিগৰাকী শিখ ভাৰতৰ সৈতে থাকিব বিচাৰে ।

লগতে পঢ়ক :BJP new strategy for 2024 lok sabha: উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে সলনি কৰিছে বিজেপিৰ অংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.