ETV Bharat / state

BJP new strategy for 2024 lok sabha: উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে সলনি কৰিছে বিজেপিৰ অংক

author img

By

Published : Mar 30, 2023, 1:29 PM IST

অগপক লোকসভাৰ আসন এৰি দিয়াৰ ক্ষেত্ৰত নৰম হ'ব বিজেপি । উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ বিশেষ একো পৰিৱৰ্তন নোহোৱাত অসমৰ ক্ষেত্ৰতো ৰাজ্যিক নেতৃত্বই গ্ৰহণ কৰিছে কিছু নৰম স্থিতি । চুবুৰীয়া ৰাজ্যকেইখনৰ নিৰ্বাচনত বিজেপিৰ বিশেষ উত্থান নোহোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ক্ষেত্ৰতো দলটোৱে বাধ্য হৈ সলনি কৰিছে কৌশল (BJP new strategy for 2024 lok sabha) ।

BJP new election strategy
বিজেপিৰ ৰণকৌশল

গুৱাহাটী, ৩০ মার্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচ-কাবাজ আৰম্ভ কৰিছে (Lok sabha election) । এই ক্ষেত্ৰত সকলোতকৈ আগত আছে শাসকীয় দল বিজেপি । বিজেপিয়ে অসমত ১২ প্লাছৰ লক্ষ্য নিৰ্ধাৰণ কৰি ব্যাপক ৰণকৌশল গ্ৰহণ কৰিছে । বিজেপিৰ এনে তৎপৰতাৰ বিপৰীতে মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বীতাৰ বাবে কেইখন আসন লাভ কৰিব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই । অনিশ্চয়তাৰ মাজতে অগপয়ো লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ।

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে বহু পূৰ্বৰে পৰাই কুচ-কাবাজ আৰম্ভ কৰিছে যদিও শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলকলৈ কিছু চিন্তিত হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সলনি কৰবলগীয়া হৈছে নিৰ্বাচনী সমীকৰণ (BJP new election strategy) । লক্ষণীয় বিষয় যে লোকসভাৰ আগন্তুক নিৰ্বাচনত মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বীতা কৰিবলগা আসনৰ সংখ্যা হ্ৰাস কৰাৰ লগতে কোকৰাঝাৰ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বীতা কৰিব লাগিব বুলি বিজেপিৰ ৰাজ্যিক নেতৃত্বই দাবী কৰি আহিছিল ।

BJP new election strategy
বিজেপিৰ ৰণকৌশল

সেই অনুসৰি একমাত্ৰ ধুবুৰী সমষ্টি অগপলৈ এৰি আন সমষ্টিকেইটাত বিজেপিয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াব বুলি কেইদিনমান আগলৈ ৰাজ্যিক নেতৃত্বই সবল স্থিতিত অৱস্থান কৰিছিল । কিন্তু মেঘালয়, ত্ৰিপুৰা আৰু নগালেণ্ড বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ বিশেষ একো পৰিৱৰ্তন নোহোৱাত অসমৰ ক্ষেত্ৰতো ৰাজ্যিক নেতৃত্বই কিছু নৰম স্থিতি গ্ৰহণ কৰা বুলি জানিব পৰা হৈছে । বিশেষকৈ অগপক এৰি দিব লগা আসনৰ সংখ্যা হ্ৰাস পাব বুলি আগতীয়াকৈ কৰি অহা ঘোষণাৰ পৰা ৰাজ্যিক নেতৃত্বই কিছু পৃথক স্থানত অৱস্থান কৰিছে । এই বিষয় লৈ দল দুটাৰ মাজত চলা বাদানুবাদ গোপন হৈ থকা নাছিল ।

BJP new election strategy
বিজেপিৰ ৰণকৌশল

অগপই প্ৰতিদ্বন্দ্বীতা কৰিবলগা আসনৰ সংখ্যা হ্ৰাস পাব বুলি বিজেপিৰ ৰাজ্যিক নেতৃত্বই মত প্ৰকাশ কৰাৰ পাছতেই অগপয়ো নিজৰ স্থিতি শক্তিশালী কৰাত নামি পৰে । অগপই যোৱাবাৰ প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱা সমষ্টি তিনিটাৰ উপৰি এইবাৰ মঙলদৈ আৰু নগাঁৱত দৃষ্টি নিক্ষেপ কৰিছে । শেহতীয়াকৈ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত আঞ্চলিক দলৰ ভেটিত বিজেপিয়ে বিশেষ আঘাত কৰিব নোৱাৰা বাবে এতিয়া অসমৰ ক্ষেত্ৰতো কৌশল সলনি কৰা আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে অগপ সন্দৰ্ভত বিগত এই সময়চোৱাত বিজেপিয়ে কোনোধৰণৰ মন্তব্য কৰা নাই ।

BJP new election strategy
বিজেপিৰ ৰণকৌশল

ইফালে কলিয়াবৰ আৰু নগাঁৱত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চলিত মাহত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অহাৰ কথা ৰাজ্যিক নেতৃত্বই ঘোষণা কৰিছিল যদিও সম্প্ৰতি তেনে কোনো সিদ্ধান্ত গ্ৰহণ নকৰা বুলিহে জানিব পৰা গৈছে । ঠিক সেইদৰে লোকসভাৰ আগন্তুক নিৰ্বাচনত কোকৰাঝাৰত মিত্ৰদলৰ প্ৰার্থী থাকিলেও বিজেপিৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বীতা কৰিব লাগিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে মন্তব্য কৰিছিল । কোকৰাঝাৰত বিজেপিয়ে নিজাববীয়া প্ৰার্থী প্ৰক্ষেপ কৰাত প্ৰাধান্য দিছিল আৰু বিজেপিৰ পৰিৱৰ্তে মিত্ৰদলৰ প্ৰার্থী প্ৰক্ষেপ কৰিব লগা হ’লে বিজেপিৰ প্ৰতীক চিহ্নতেই প্ৰতিদ্বন্দ্বীতা আগবঢ়াব লাগিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ সকীয়াই দিছিল ।

BJP new election strategy
বিজেপিৰ ৰণকৌশল

কিন্তু নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নেতৃত্বই নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰতহে সকলো নিৰ্ভৰ কৰিব বুলি দলৰ এক শীর্ষ সূত্ৰই জানিবলৈ দিয়ে । সূত্ৰটোৰ মতে ৰাজ্যিক সভাপতিয়ে কোৱা ধৰণে ৰাষ্ট্ৰীয় সভাপতি অসমলৈ কেতিয়া আহিব বা আহিলেও নগাঁও বা কলিয়াবৰলৈ যাব নে নাই সেয়াও অস্পষ্ট । গতিকে এটা কথা স্পষ্ট যে চুবুৰীয়া ৰাজ্যকেইখনৰ নিৰ্বাচনত বিজেপিৰ বিশেষ উত্থান নোহোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ক্ষেত্ৰতো দলটোৱে বাধ্য হৈ কৌশল কিছু সলনি কৰিছে । অৱশ্যে সকলো কথা আগন্তুক সময়তহে স্পষ্ট হ'ব ।

লগতে পঢ়ক : Assam Assembly Budget Session 2023 : বিধানসভাত ৰকিবুল-হিমন্তৰ খণ্ড যুদ্ধত বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.