ETV Bharat / bharat

Operation Gold Dawn: ডি আৰ আইৰ অভিযানত ১০১.৭ কেজি সোণ উদ্ধাৰ

author img

By

Published : Feb 21, 2023, 10:28 PM IST

dri-recovered-more-than-1-quintal-gold-from-patna-10-smuggler-arrested
ডি আৰ আইৰ অভিযানত ৫১ কোটি টকাৰ ১০১.৭ কেজি সোণ উদ্ধাৰ

দেশৰ ভিন্ন প্ৰান্তত ডি আৰ আইৰ অপাৰেচন গোল্ড ড’নৰ অধীনত বিদেশত সোণৰ যোগান ধৰা চুডানৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ উঠিছে ৷ এই অভিযানত বিহাৰ আৰু মহাৰাষ্ট্ৰৰ পৰা প্ৰায় ৫১ কোটি টকাৰ ১০১.৭ কেজি সোণ উদ্ধাৰ কৰা হৈছে (DRI recovered more than 1 quintal gold)।

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী: দেশক প্ৰতাৰণা কৰি বিদেশত সোণৰ যোগান ধৰা চুডানৰ ছিণ্ডিকেট ডি আৰ আইয়ে বন্ধ কৰি দিছে । ডি আৰ আইৰ (Directorate of Revenue Intelligence) দ্বাৰা পৰিচালিত বিশেষ অভিযান ‘অপাৰেচন গোল্ড ড’নত প্ৰায় ৫১ কোটি টকাৰ ১০১.৭ কেজি সোণ উদ্ধাৰ কৰা হৈছে (DRI recovered more than 1 quintal gold)।

ধৰা পৰা ১০ জন সৰবৰাহকাৰীৰ ভিতৰত ৭ জন সৰবৰাহকাৰী চুডানৰ নাগৰিক (10 Smuggler arrested) । আনহাতে তিনিজন ভাৰতীয় জড়িত হৈ আছে । বিহাৰৰ পাটনা আৰু মহাৰাষ্ট্ৰৰ দুখন চহৰত এই অভিযান চলাইছিল ডি আৰ আইয়ে । এই সন্দৰ্ভত এতিয়াও অহা নাই ডি আৰ আইৰ বক্তব্য ।

উল্লেখ্য যে, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ অপাৰেচন গোল্ড ড’ন (Operation Gold Dawn) পান ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থাত এক বৃহৎ তথ্য পোহৰলৈ আহিছে । মুম্বাইৰ পুনেৰ পাটনাত এই অভিযান চলোৱা হৈছিল । ভাৰত-নেপাল সীমান্তৰে পাটনালৈ আহিছিল সৰবৰাহকাৰী । তাৰ পিচত বিমান আৰু ৰেলৰ জৰিয়তে সৰবৰাহ কৰিছিল । ৩৭ কেজি সোণৰ পেষ্টসহ পাটনাত আটক ৩ চুডানৰ নাগৰিক ।

এই সৰবৰাহকাৰীসকলে পাটনা জংচনৰ পৰা মুম্বাইলৈ যোৱা ৰেলখন ধৰিবলৈ ওলাইছিল । সেইবাবেই তেওঁলোক ডি আৰ আইৰ লক্ষ্যৰ অধীনলৈ আহিল । ইয়াৰে ৩ জন চুডানৰ নাগৰিক । তেওঁলোকৰ পৰা ৪০ টা পেকেটত ৩৭ কেজি সোণৰ পেষ্ট উদ্ধাৰ কৰা হৈছে । ৭৪ লাখ বিদেশী মুদ্ৰা আৰু ৬৩ লাখ ভাৰতীয় মুদ্ৰাও উদ্ধাৰ কৰা হৈছে । এই কাৰ্যৰ বাবেই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হৈছে । এই পৰ্যন্ত চলোৱা অভিযানত উদ্ধাৰ হৈছে ১০১.৭ কেজি সোণ ।

আগতে, এই সৰবৰাহকাৰীসকলে ভাৰত-নেপাল সীমান্তত সোণ লৈ সহজে প্ৰৱেশ কৰিছিল । এই সৰবৰাহকাৰীসকল আগতে পাটনা জংচনৰ পৰা ওলাই আহিছিল যদিও ডি আৰ আইৰ তীক্ষ্ণ নজৰত আছিল । এই গোচৰত মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । য’ত ৭ জন চুডানৰ নাগৰিক আছে । ইয়াৰে ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে পাটনাত । বাকী বিদেশী সৰবৰাহকাৰীক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: ED raids in Chhattisgarh: কংগ্ৰেছে ইডিৰ অভিযানলৈ ভয় নকৰে; কে চি বেণুগোপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.