ETV Bharat / bharat

DRDO Director link Pakistani intelligence : অশ্লীল ফটোৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাক ব্ৰহ্মছৰ তথ্য দিছিল ডিআৰডিঅ'ৰ সঞ্চালকে

author img

By

Published : May 10, 2023, 2:23 PM IST

DRDO Director link Pakistani intelligence
অশ্লীল ফটোৰ বিনিময়ত পাকিস্তানী চোৰাংচোৱাক ব্ৰহ্মছৰ তথ্য দিছিল ডিআৰডিঅ'ৰ সঞ্চালকে

দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ বাবে ভয়ংকৰ খবৰ । ধৃত ডিআৰডিঅ'ৰ সঞ্চালক ড০ প্ৰদীপ কুৰুলকাৰৰ পাকিস্তানী চোৰাংচোৱা মহিলাৰ সৈতে আছিল সম্পৰ্ক (DRDO Director link Pakistani intelligence)। অশ্লীল ফটোৰ বিনিময়ত কুৰুলকাৰে পাকিস্তানী চোৰাংচোৱাক যোগান ধৰিছিল ব্ৰহ্মছ আৰু আগ্নেয়াস্ত্ৰ মিছাইলৰ তথ্য ।

নেশ্যনেল ডেস্ক,১০ মে': প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালক তথা জ্যেষ্ঠ বিজ্ঞানী ড০ প্ৰদীপ কুৰুলকাৰে ই-মেইলযোগে পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহৰ সৈতে যোগাযোগ ৰাখিছিল (Kurulkar links with Pakistani intelligence group)। কেৱল এয়াই নহয় পাকিস্তানী মহিলাসকলৰ সৈতেও সম্পৰ্ক আছিল প্ৰদীপ কুৰুলকাৰ ।

সেই মহিলাসকলক ব্ৰহ্মছ আৰু আগ্নেয়াস্ত্ৰ মিছাইলৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালকগৰাকীয়ে । চোৰাংচোৱা সংস্থাৰ তদন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে (Investigation against DRDO director)।

তদন্তত পোহৰলৈ আহিছে যে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (Defence Research and Development Organisation) সঞ্চালকগৰাকীয়ে গোটেই বছৰটোত কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল । এই সময়ছোৱাত, তেওঁ পাকিস্তানী স্পাইসকলক লগ পাইছিল বুলি সন্দেহ কৰা হৈছে । ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানী গুপ্তচৰ মহিলাৰ সৈতে সম্পৰ্কত থকা ড০ প্ৰদীপ কুৰুলকাৰ হানিট্ৰেপিঙত পৰে আৰু মহিলাৰ অশ্লীল ছবিৰ বিনিময়ত ব্ৰহ্মছ আৰু আগ্নেয়াস্ত্ৰ মিছাইলৰ বিষয়ে গোপন তথ্য প্ৰদান কৰে বুলি আৰক্ষীয়ে মঙলবাৰে জানিবলৈ দিয়ে (DRDO Director honey trapped by PIO)।

চোৰাংচোৱা সংস্থাসমূহে জানুৱাৰীত এক তদন্ত আৰম্ভ কৰিছিল । সন্দেহজনক অৱস্থাত পোৱাৰ পাছত প্ৰদীপ কুৰুলকাৰৰ লেপটপ আৰু ম'বাইল ফোন জব্দ কৰা হৈছিল । তাৰ পাছতে বিষয়টো ডিআৰডিঅ' সমিতিক হস্তান্তৰ কৰা হৈছিল । অনুসন্ধানৰ অন্তত লেপটপ আৰু ম'বাইল ফোনবোৰ এটিএছৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানক হস্তান্তৰ কৰা হয় (DRDO scientist arrested)। সেইবোৰ পৰীক্ষা কৰাৰ পাছত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল ।

অভিযোগ অনুসৰি ডিআৰডিঅ'ৰ সঞ্চালক কুৰুলকাৰে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ কৰি আছে । অৱশ্যে কি আনুষ্ঠানিক গোপনীয় তথ্য দিয়া হৈছিল ? কি ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ কৰা হৈছিল ? সেই সন্দৰ্ভত বিষয়াসকলে অনুসন্ধান কৰি আছে । কুৰুলকাৰক চোৰাংচোৱা সংস্থাৰ গৱেষণা আৰু বিশ্লেষণ শাখা চমুকৈ ৰ'ই জেৰা কৰিছে (RAW interrogates DRDO director)।

লগতে পঢ়ক :Nitin Gadkari threatening call case : NIA য়ে তদন্ত কৰিব নীতিন গাডকাৰীক ভাবুকি প্ৰদান গোচৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.